ETV Bharat / bharat

ৰাহুল গান্ধীৰ বিৰুদ্ধে পুনৰ ইডিয়ে চলাব অভিযান ! - Rahul on ED raid

Rahul on ED raid : কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দাবী কৰা মতে তেওঁৰ বিৰুদ্ধে ইডিয়ে অভিযান চলাবলৈ পৰিকল্পনা কৰিছে । বাজেট বিতৰ্কত গান্ধীয়ে 'চক্ৰবেহু' সম্পৰ্কীয় ভাষণ প্ৰদান কৰাৰ বাবে ইডিয়ে অভিযান চলাব বুলি তেওঁ দাবী কৰে । গান্ধীয়ে অতি উৎসাহেৰে চাহ-বিস্কুটৰ সৈতে অপেক্ষা কৰি আছে বুলি উল্লেখ কৰে ।

Rahul on ED raid
ৰাহুল গান্ধীৰ বিৰুদ্ধে পুনৰ ইডিয়ে চলাব অভিযান (ETV Bharat)
author img

By PTI

Published : August 2, 2024 at 10:44 AM IST

2 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক,২ আগষ্ট : "ইডিৰ অভিযানলৈ মই অতি উৎসাহেৰে ৰৈ আছো ।" এই দাবী লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ । গান্ধীয়ে শুকুৰবাৰে দাবী কৰে যে সংসদত তেওঁৰ 'চক্ৰবেহু' ভাষণৰ পিচত তেওঁৰ বিৰুদ্ধে ইডিয়ে অভিযানৰ পৰিকল্পনা কৰিছে । ৰাহুল গান্ধীৰ মতে ২ ৰ পৰা ১ জন লোকে তেওঁৰ চক্ৰবেহু ভাষণ ভাল নাপালে ।

ৰাহুল গান্ধীয়ে কয়, "ইডিৰ ভিতৰুৱা লোকে মোক কৈছে যে এক অভিযানৰ পৰিকল্পনা কৰা হৈছে ।" গান্ধীয়ে শুকুৰবাৰে এক্সৰ এটা পোষ্টত এই কথা উল্লেখ কৰে ।

ইডিৰ অভিযানলৈ ৰৈ আছো

ৰাহুল গান্ধীয়ে কয়, "অতি উৎসাহেৰে মই চাহ আৰু বিস্কুটৰ সৈতে অপেক্ষা কৰি আছো ।" ৰাহুল গান্ধীয়ে সোমবাৰে দাবী কৰিছিল যে চাৰিওফালে ভয়ৰ পৰিৱেশ বিৰাজ কৰে আৰু ৬ জনীয়া এটা দলে সমগ্ৰ দেশক 'চক্ৰবেহু'ত আবদ্ধ কৰি ৰাখিছে । ৰাহুল গান্ধীয়ে প্ৰতিশ্ৰুতি দিছে যে ইণ্ডিয়া ব্লকে এই চক্ৰবেহু ভাঙি পেলাব ।

ৰাহুলৰ চক্ৰবেহু সম্পৰ্কীয় ভাষণ

২০২৪-২৫ বৰ্ষৰ বাজেট সন্দৰ্ভত লোকসভাত হোৱা বিতৰ্কত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীয়ে বিজেপিক সমালোচনা কৰি কয়, "ইণ্ডিয়া ব্লকে নিশ্চিত কৰিব যে এমএছপিৰ বাবে আইনী গেৰাণ্টি আৰু লগতে জাতিগত লোকপিয়ল সদনে গৃহীত কৰিব নে নকৰে । হাজাৰ হাজাৰ বছৰ পূৰ্বে হাৰিয়ানাৰ কুৰুক্ষেত্ৰত অভিমন্যু নামৰ এজন যুৱকক 'চক্ৰবেহু'ত হত্যা কৰা হৈছিল ।" ৰাহুল গান্ধীৰ মতে এই 'চক্ৰবেহু'ত হিংসা আৰু ভয় আছে ।

ৰাহুল গান্ধীয়ে 'মহাভাৰত'ৰ প্ৰসংগত অভিমন্যুক কেনেদৰে 'চক্ৰবেহু'ত হত্যা কৰা হৈছিল সেয়া উল্লেখ কৰিছিল । চক্ৰবেহুৰ অৰ্থ হৈছে এক বহুস্তৰীয় সামৰিক গঠন যাৰ উদ্দেশ্য হৈছে পদুম আকৃতিৰ গোলকধাৰাৰ দৰে এক সংৰেখনত কৌশলগতভাৱে ৰখা বিৰোধীসকলৰ দ্বাৰা এজন যোদ্ধাক ফান্দত পেলোৱা । ৰাহুল গান্ধীয়ে কৈছিল, "পদুম (বিজেপিৰ নিৰ্বাচনী প্ৰতীক) গঠনৰ সৈতে সাদৃশ্য থকাৰ বাবে 'চক্ৰবেহু'ক 'পদ্মবেহু' বুলিও কোৱা হয় ।

লগতে পঢ়ক :নিশিকান্ত ডুবেৰ মন্তব্যক অস্বীকাৰ হিমন্ত বিশ্ব শৰ্মাৰ : কেন্দ্ৰীয়শাসিত অঞ্চল সৃষ্টিৰে জনগাঁথনিগত পৰিৱৰ্তনৰ সমাধান নহয় - Himanta Biswa Sarma