চলন্ত বাছত প্ৰাণ হেৰুৱালে চালকে, তাৰপিছত কি হ'ল ?
এটা ভাইৰেল ভিডিঅ'ই সৃষ্টি কৰিছে চাঞ্চল্যৰ । চলন্ত বাছতে প্ৰাণ হেৰুৱালে চালকে । পঢ়ক এই প্ৰতিবেদন ।

Published : August 29, 2025 at 10:26 PM IST
পালী: ৰাজস্থানৰ পালী জিলাত পোহৰলৈ আহিছে এক ভয়ংকৰ ভিডিঅ' । নিজৰ বাছেৰে যাত্ৰা কৰি থকাৰ সময়তে প্ৰাণ হেৰুৱালে বাছৰ চালকে । বাছত সংস্থাপিত চি চি টি ভি কেমেৰাত বন্দী হৈ ৰ'ল সেই চাঞ্চল্যকৰ দৃশ্য আৰু পলকতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল সেই দৃশ্য ।
জানিব পৰা মতে যোধপুৰ-ইন্দোৰ পথত চলাচল কৰা বাছখনৰ চালক সতীশ ৰাওৰ স্বাস্থ্য হঠাৎ বেয়া হৈ পৰে আৰু কিছুসময়ৰ পিছতে তেওঁৰ মৃত্যু হয় । লক্ষণীয়ভাৱে সেই সময়তে মৃত্যু হোৱা চালকগৰাকীয়ে তেওঁ সতীৰ্থ চালকক দায়িত্ব অৰ্পণ কৰে, যাৰ জৰিয়তে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে যাত্ৰীসকল ।
দেসুৰী হাস্পতালৰ চিকিৎসক সমৰ্থ লালে কয়, "পৰিয়ালৰ লোকে চালক সতীশ ৰাওৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ কৰাত সন্মতি প্ৰকাশ নকৰে । কিন্তু দৃশ্যটো দেখাৰ পাছত অনুমান কৰিব পাৰি যে এয়া হঠাৎ হৃদক্ৰিয়া বন্ধ হোৱাৰ ফলত হৈছে ।" একেদৰে জৈন ট্ৰেভেলছৰ সঞ্চালক মণিষ জৈনে কয় যে চালক সতীশ ৰাও ভোজাসৰৰ নিবাসী, তেওঁৰ অন্তিম সংস্কাৰ কৰা হৈছে । তেওঁ সঠিক সময়ত সতীৰ্থক দায়িত্ব অৰ্পণ কৰিছিল, যাৰ ফলত বহু যাত্ৰীৰ প্ৰাণৰক্ষা পৰিল ।
যাত্ৰাৰ সময়ত স্বাস্থ্যৰ অৱনতি ঘটাত সতীৰ্থক অৰ্পণ কৰিছিল ষ্টেৰিং:
এই ঘটনা সংঘটিত হৈছিল দেসুৰী এলেকাত । জানিব পৰা অনুসৰি, বাছখন যেতিয়া কেলৱা-ৰাজনগৰৰ ওচৰ পোৱাৰ সময়তে চালক সতীশে কিছু অশান্তি অনুভৱ কৰিছিল । লগে লগে তেওঁ নিজৰ সতীৰ্থ চালকক এই বিষয়ে জনাই আৰু বাছৰ দায়িত্ব অৰ্পণ কৰে । দৰাচলতে দীঘলীয়া বাছযাত্ৰাত দুজন চালক নিয়োজিত হৈ থাকে ।
অচেতন হৈ বাগৰি পৰিছিল সতীৰ্থ চালকৰ কোলাত:
সতীৰ্থ চালকজনে বাছখন চলাই নি গোমতী পাইছিলগৈ আৰু দৰৱ ক্ৰয় কৰাৰ চেষ্টা চলাইছিল, কিন্তু মেডিকেল ষ্টোৰ বন্ধ আছিল । যিদৰে বাছ দেসুৰী ঘাটৰ দিশে আগবাঢ়িল, সতীশৰ অৱস্থা আৰু বেয়া হৈ গৈছিল আৰু হঠাৎ অচেতন হৈ তেওঁ সতীৰ্থ চালকৰ কোলাত বাগৰি পৰে । পৰিস্থিতি অধিক গম্ভীৰ হৈ পৰা দেখি তৎক্ষণাত দেসুৰী হাস্পতাললৈ লৈ যায়, য'ত চিকিৎসকে সতীশক মৃত ঘোষণা কৰে । হৃদক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে যদিও মৰণোত্তৰ পৰীক্ষাৰ পাছতহে প্ৰকৃত কাৰণ স্পষ্ট হ'ব ।
ৰক্ষা পৰিল যাত্ৰীৰ প্ৰাণ:
জানিব পৰা অনুসৰি বাছখনত ৪৫ গৰাকী যাত্ৰী আছিল । বিশেষজ্ঞই উল্লেখ কৰা অনুসৰি যদি সতীশে সঠিক সময়ত সতীৰ্থ চালকক নিজৰ স্বাস্থ্যৰ অৱনতিৰ কথা উল্লেখ নকৰিলেহেঁতেন, তেন্তে বহু ডাঙৰ ঘটনা ঘটিলহেঁতেন । বিশেষকৈ এই ঘটনাৰ পিছত দেসুৰী নলক দুৰ্ঘটনাৰ নল বুলি ক'লেহেতেন । ঘটনাৰ খবৰ পোৱা মাত্ৰকে আৰক্ষী পৰিয়ালৰ লোক উপস্থিত হয় চিকিৎসালয়ত । পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষাৰ বাবে সন্মতি প্ৰকাশ নকৰাৰ পাছত আৰক্ষীয়ে পৰিয়ালৰ লোকক মৃতদেহ চমজাই দিয়ে ।

