ETV Bharat / bharat

দেৱ-দেৱীক নহয়, কুকুৰক পূজা কৰা হয় এই মন্দিৰত - DOG TEMPLE BALOD

কুকুৰক পূজা কৰা এটা মন্দিৰ । এই মন্দিৰলৈ প্ৰতিদিনে সোঁত বয় অগণন ভক্তৰ । আহকচোন আমিও যাওঁ এই মন্দিৰলৈ...

DOG TEMPLE BALOD
এটা বিশেষ মন্দিৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 1, 2025 at 8:19 PM IST

5 Min Read

বালোদ (ছত্তীশগড়): এটা বিশেষ মন্দিৰ । জনবিশ্বাস মতে, এই মন্দিৰত মূৰ দোৱালে মনৰ কামনা পূৰণ হয় । সেয়ে প্ৰতিদিনাই এই মন্দিৰলৈ সোঁত বয় অগণন ভক্তৰ । আপুনি জানি আচৰিত হ'ব যে এই মন্দিৰত কোনো দেৱ-দেৱীক পূজা কৰা নহয়, এই মন্দিৰত পূজা কৰা হয় কুকুৰক । এই কথা শুনি আপুনি হয়তো আচৰিত হৈছে, কিন্তু এয়াই সত্য ।

আমি উল্লেখ কৰা এই বিশেষ মন্দিৰটো আছে ছত্তীশগড়ৰ বালোদ জিলাত । জিলা সদৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ নিলগৰ খাপৰিত আছে এই ঐতিহাসিক প্ৰত্নতাত্ত্বিক কুকুৰ দেউৰ মন্দিৰ । এই মন্দিৰটোত ভগৱান ভোলেনাথ, শক্তি আৰু প্ৰথম পূজ্য গণেশকো পূজা কৰা হয় ।

এই দেও মন্দিৰত কুকুৰক কিয় পূজা কৰা হয় জানো আহকচোন -

DOG TEMPLE BALOD
কুকুৰ দেউৰ মন্দিৰ (ETV Bharat)
  • কুকুৰক পূজা কৰাৰ আঁৰৰ বিশ্বাস :

প্ৰত্নতাত্ত্বিক বিভাগৰ কৰ্মচাৰী মহেশ ৰাম চাহুৱে এই মন্দিৰৰ বিষয়ে কয়,

''কেবাশতিকাৰ আগতে এজন অঘৰী লোক আৰু তেওঁৰ পৰিয়ালটো এই গাঁওখনলৈ আহিছিল । লগত তেওঁৰ পৰিয়ালটোৰ লগত আহিছিল এটা কুকুৰ । এবাৰ গাঁৱত দুৰ্ভিক্ষই দেখা দিছিল । তেতিয়াই অঘৰী লোকজনে গাঁৱৰ এজন ঋণদাতাৰ পৰা ঋণ লৈছিল । কিন্তু ঋণ পৰিশোধ কৰিব নোৱাৰি তেওঁ নিজৰ কুকুৰটোকে ঋণদাতাৰ ওচৰত বন্ধকত ৰাখিলে ।

এই সময়ছোৱাতে এবাৰ ঋণদাতাৰ ঘৰত চুৰি হৈছিল । চোৰে চুৰি কৰা সকলো সামগ্ৰী নি এডোখৰ ঠাইত পুঁতি থলে । ভাবিছিল যে সেই সামগ্ৰীবোৰ পিছত উলিয়াই লৈ যাব । কিন্তু কুকুৰটোৱে চুৰি হোৱা সামগ্ৰীবোৰ চোৰে ক'ত লুকুৱাই ৰাখিছিল সেই কথা জানিছিল । যেতিয়া ঋণদাতাজন শোকত ভাগি পৰিছিল তেতিয়া কুকুৰটোৱে তেওঁক চুৰি সামগ্ৰীবোৰ চোৰে মাটিৰ তলত পুঁতি থোৱা ঠাইডোখৰ দেখুৱালে ।

কুকুৰটোৰ এই ইংগিত লাভ কৰি ঋণদাতাজনে সেই স্থানত এটা গাঁত খান্দিলে । তেতিয়া তেওঁ দেখে যে তেওঁৰ ঘৰৰ পৰা চুৰি হোৱা সকলো সামগ্ৰী এই ঠাইডোখৰতে পুঁতি থোৱা আছে ।

DOG TEMPLE BALOD
কুকুৰ দেউৰ মন্দিৰ (ETV Bharat)

কুকুৰটোৰ এই কাৰ্যত সন্তুষ্ট হৈ ঋনদাতাজনে তাক মুক্ত কৰাৰ সিদ্ধান্ত ল’লে । ইয়াৰ বাবে তেওঁ অঘৰী লোকজনৰ নামত এখন চিঠি লিখি কুকুৰটোৰ ডিঙিত ওলোমাই মালিকৰ ওচৰলৈ পঠিয়াই দিলে । কুকুৰটো অঘৰী লোকজনৰ ওচৰ পোৱাৰ লগে লগে তেওঁ ভাবিলে যে কুকুৰটোৱে ঋণদাতাৰ ঘৰৰ পৰা পলাই আহিছে । সেয়ে খঙত অঘৰীজনে কুকুৰটোক মৰিয়াই মাৰি পেলালে ।

কিন্তু পিছত যেতিয়া অঘৰীজনে কুকুৰটোৰ ডিঙিত ওলমি থকা ঋণদাতাই দিয়া চিঠিখন পঢ়িলে, তেতিয়া তেওঁ আচৰিত হ’ল । অঘৰীজনে নিজৰ এই কাৰ্যৰ বাবে অতি লজ্জিত হ'ল । ইয়াৰ পিছতে তেওঁ একে ঠাইতে কুকুৰটোক পুঁতি থৈ তাৰ ওপৰত এটা স্মৃতিসৌধ সাজিলে । পিছলৈ মানুহে এই স্মৃতিসৌধক মন্দিৰৰ আকৃতি দিয়ে, যিটো আজি কুকুৰ মন্দিৰ নামেৰে জনাজাত ।''

কুকুৰ দেউৰ মন্দিৰ -বালোদ ৰাজনান্দগাঁও জিলাৰ মূল পথত অৱস্থিত। এই পথেৰে পাৰ হৈ যোৱা সকলো মানুহে এই মন্দিৰটো এবাৰ হ'লেও দৰ্শন কৰে। এই ঐতিহাসিক পুৰাতত্ত্বৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা ইতিমধ্যে চৰকাৰেও কৰিছে। ইয়াত এজন চকীদাৰকো নিযুক্তি দিয়া হৈছে - সুৰজ লাল চাহু, স্থানীয় বাসিন্দা ।

কুকুৰটোৰ সমাধিস্থলত এটা মন্দিৰ নিৰ্মাণ কৰা হৈছে । এই মন্দিৰটো ভগৱান শিৱৰ নামত উচৰ্গা কৰা হৈছে -মহেশ ৰাম চাহু, পুৰাতত্ত্ব বিভাগৰ কৰ্মচাৰী ।

  • কুকুৰ দেউৰ মন্দিৰ সন্দৰ্ভত থকা লোকবিশ্বাস :

নাগবংশৰ শাসনকালত নিৰ্মিত এই কুকুৰ দেউৰ মন্দিৰৰ আশে-পাশে বহু দেৱ-দেৱীৰ মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছিল । নৱৰাত্ৰি আৰু মহাশিৱৰাত্ৰিৰ সময়ত ইয়াত বিশেষ প্ৰাৰ্থনা কৰা হয় । কুকুৰ দেউৰ মন্দিৰৰ বিষয়েও এটা লোকবিশ্বাস আছে যে এই মন্দিৰত সেৱা আগবঢ়ালে কুকুৰে কামোৰাৰ ফলত হোৱা ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পৰা যায় ।

যাক কুকুৰে কামোৰে তেনে লোক এই মন্দিৰলৈ আহে। ইয়াত পুৰণি শিৱলিংগ আৰু কুকুৰৰ মূৰ্তি স্থাপন কৰা হৈছে। যোৱা দুবছৰ ধৰি এই মন্দিৰলৈ আহি আছো - সুশিলা চাহু, ভক্ত ।

ভগৱান শিৱ, গণেশ আৰু বিষ্ণুৰ মূৰ্তি আছে । নৱৰাত্ৰিৰ সময়ত ইয়াত ৯৫ গচি চাকি জ্বলোৱা হয় - সন্তুৰাম পেটেল, পূজাৰী ।

  • প্ৰত্নতাত্ত্বিক বিভাগে মন্দিৰক সুৰক্ষা প্ৰদান কৰিছে :

কুকুৰ দেউৰ মন্দিৰক বিশেষ সুৰক্ষা প্ৰদান কৰিছে পুৰাতত্ত্ব বিভাগে । ইয়াৰ নিৰাপত্তাৰ বাবেও এজন সুৰক্ষাকৰ্মী নিযুক্তি দিয়া হৈছে । এই মন্দিৰটো ত্ৰয়োদশ-চতুৰ্দশ শতিকাতে নিৰ্মাণ কৰা হৈছিল । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ ইয়ালৈ আহি কুকুৰটোৰ আনুগত্যক প্ৰণাম জনায় ।

লগতে পঢ়ক : দালাই লামাৰ ঐতিহাসিক যাত্ৰাৰ স্মৃতিত আৰম্ভ ফ্ৰিডম ট্ৰেইল

লগতে পঢ়ক : দালাই লামাৰ ভাৰতত প্ৰৱেশৰ ৬৬ বছৰ: আজিও সাক্ষী হৈ থিয় হৈ আছে খিনজেমানেৰ পবিত্ৰ গছজোপা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.