ETV Bharat / bharat

চামুচৰ পৰা বেজীলৈকে, কটাৰীৰ পৰা কলমলৈকে... পেটৰ পৰা নোলাল কি !

৩ ঘণ্টা ধৰি চলিল অস্ত্ৰোপচাৰ ৷ ২৭ বছৰীয়া এজন যুৱকৰ পেটৰ পৰা বাহিৰ কৰা সামগ্ৰীৰ তালিকাখন দেখিলে আপুনিও হতভম্ব হ'ব ৷

equipment in stomach
যুৱকৰ পেটত পোৱা চামুচ, দা, বেজী আৰু পেঞ্চিল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 28, 2025 at 7:37 PM IST

4 Min Read
Choose ETV Bharat

মাণ্ডী: এইখন ভাৰততহে সংঘটিত হয় এনেবোৰ আজৱ ঘটনা ৷ প্ৰচণ্ড পেটৰ বিষত ভোগাৰ বাবে এজন যুৱকক পৰিয়ালৰ লোকে ভৰ্তি কৰোৱাইছিল হাস্পতালত ৷ কিন্তু হাস্পতালতহে ওলাল উৰহী গছৰ ওৰ ৷

চিকিৎসকে যুৱকজনৰ কিছু পৰীক্ষা সম্পন্ন কৰাৰ পিছত পেটৰ বিষৰ কাৰণ জানি হতবাক হৈ পৰে ৷ কিয়নো চিকিৎসকে পৰীক্ষা-নিৰীক্ষাত যুৱকজনৰ পেটত এনে কিছুমান সামগ্ৰীৰ সন্ধান লাভ কৰে, যিবোৰ কোনো সাধাৰণ লোকৰ পেটৰ ভিতৰত থকাটো অসম্ভৱ আছিল ।

equipment in stomach
নেৰচ’ক চিকিৎসা মহাবিদ্যালয় হাস্পতাল (ETV Bharat)

পেটৰ পৰা বাহিৰ হ'ল এইসমূহ সামগ্ৰী

চিকিৎসকে অকণো সময় নষ্ট নকৰাকৈ যুৱকজনৰ অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ অস্ত্ৰোপচাৰৰ অন্তত চিকিৎসকে যুৱকজনৰ পেটৰ পৰা যিসমূহ সামগ্ৰী বাহিৰ কৰিলে, সেয়া দেখি আচৰিত হৈ পৰে হাস্পতালত উপস্থিত থকা প্ৰতিগৰাকী লোক ।

আচলতে চিকিৎসকে যুৱকজনৰ পেটৰ পৰা বাহিৰ কৰা সামগ্ৰীৰ তালিকাখন দেখিলে আপুনিও হতভম্ব হ'ব ৷ পেটৰ পৰা কি কি ওলাল জানেনে ? চামুচ, কটাৰী, বেজী, পেঞ্চিলকে ধৰি প্ৰায় ১২ বিধ সামগ্ৰী । প্ৰায় ৩ ঘণ্টা ধৰি অস্ত্ৰোপচাৰ চলা যুৱকজন এতিয়াও আছে চিকিৎসকৰ পৰ্যবেক্ষণত ।

যুৱকজনৰ অস্ত্ৰোপচাৰৰ এই কাহিনীয়ে স্তম্ভিত কৰি তুলিছে সকলোকে ৷ কিয়নো যুৱকজনে কেনেকৈ ইমানবোৰ বস্তু গিলি সুন্দৰকৈ জীৱন অতিবাহিত কৰি আছিল, তাকে ভাবিহে হতবাক হৈ পৰিছে সকলো ৷

ছিজ’ফ্ৰেনিয়া ৰোগত আক্ৰান্ত যুৱকজন

এই যুৱকজনৰ বয়স ২৭ বছৰ আৰু তেওঁ হিমাচল প্ৰদেশৰ মাণ্ডি জিলাৰ এখন গাঁৱৰ বাসিন্দা । চিকিৎসকে সদৰী কৰা অনুসৰি, যুৱকজন ছিজ’ফ্ৰেনিয়া নামৰ ৰোগত আক্ৰান্ত, যিটো মানসিক ৰোগ ।

যোৱা কেইবছৰমানৰ পৰা ঘৰতে আছে যুৱকজনে । ২০০৬ চনত পিতৃক হেৰুওৱাৰ পিছত মাতৃ আৰু ভাতৃৰ সৈতে নিজা বাসগৃহতে জীৱন অতিবাহিত কৰি আহিছে এইজন যুৱকে ৷

পৰিয়ালৰ লোকে জনোৱা মতে, দ্বিতীয় শ্ৰেণীৰ পঢ়া-শুনা সমাপ্ত কৰাৰ পিছত তেওঁক প্ৰশিক্ষণৰ বাবে চণ্ডীগড়লৈ প্ৰেৰণ কৰা হয় ৷ কিন্তু এবছৰ তাত কটোৱাৰ পিছত তেওঁৰ মানসিক অৱস্থাৰ অৱনতি ঘটে । যাৰ বাবে তেওঁক ঘৰলৈ ঘূৰাই আনিবলগীয়া হৈছিল ৷ তেতিয়াৰ পৰাই তেওঁ ঘৰতে মৌন হৈ জীৱন নিৰ্বাহ কৰি আছিল ।

কিন্তু যোৱা বৃহস্পতিবাৰে নিশা যেতিয়া যুৱকজনে প্ৰচণ্ড পেটৰ বিষত ভুগিবলৈ ধৰিলে, তেতিয়াই তেওঁৰ পৰিয়ালৰ লোকে নেৰচ’ক চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়ে ৷ য’ত চিকিৎসকসকলে ভালদৰে পৰীক্ষা কৰাৰ অন্তত যুৱকজনৰ অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ অস্ত্ৰোপচাৰৰ পিছত যুৱকজনৰ পেটৰ পৰা ১২ বিধ সামগ্ৰী বাহিৰ কৰে চিকিৎসকৰ দলটোৱে ৷

"যুৱকজনক বৃহস্পতিবাৰে পুৱা ৫ বজাত পেটৰ বিষৰ বাবে চিকিৎসালয়লৈ অনা হৈছিল ৷ তেওঁৰ গুৰুতৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা কৰাৰ অন্তত পেটত বহু সামগ্ৰী থকাটো নিশ্চিত হৈছিল ৷ যাৰ বাবে তৎক্ষণাত অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু ৩ ঘণ্টা ধৰি চলি থকা এই সফল অস্ত্ৰোপচাৰত যুৱকজনৰ পেটৰ পৰা সকলো বস্তু আঁতৰাই পেলোৱা হৈছিল ৷ যুৱকজন এতিয়াও পৰ্যবেক্ষণত আছে ৷" ক'লে ডাঃ ৰাহুল মৃগপুৰীয়ে ৷

এনে এটা ঘটনা পোহৰলৈ আহিছে

২০১৯ চনতো নেৰচ’ক চিকিৎসা মহাবিদ্যালয় হাস্পতালত এনেধৰণৰ ঘটনা পোহৰলৈ আহিছিল । য’ত চিকিৎসকে ছিজ’ফ্ৰেনিয়া ৰোগত আক্ৰান্ত এজন ব্যক্তিৰ পেটৰ পৰা সাতখন ষ্টীলৰ চামুচ, এখন প্লাষ্টিকৰ চামুচ, দুটাকৈ স্ক্ৰু ড্ৰাইভাৰ, এখন কটাৰী, দুডাল টুথব্ৰাছ আৰু এডাল সৰু লোহাৰ ৰড বাহিৰ কৰিছিল ।

মন কৰিবলগীয়া যে ছিজ’ফ্ৰেনিয়াত আক্ৰান্ত ৰোগীৰ লক্ষণসমূহ বেলেগ বেলেগ ৷ যিবোৰ ধৰা পেলাবলৈ কেতিয়াবা মাহৰ পিছত মাহ, কেতিয়াবা বছৰ পৰ্যন্ত সময়ৰ প্ৰয়োজন হয় ৷ এই ৰোগত আক্ৰান্ত ৰোগীয়ে যিকোনো ধৰণৰ বস্তু সেৱন কৰে ৷ ৰোগীসকলে কি কৈছে বা কি কৰি আছে, তাৰ ওপৰত তেওঁলোকৰ কোনো নিয়ন্ত্ৰণ নাই । এই ৰোগীসকলে টোপনিত অসুবিধাৰ সন্মুখীন হয় ।

লগতে পঢ়ক: উত্তৰাখণ্ডত ভয়ংকৰ হিমস্খলনত পোত গ’ল 57 গৰাকী শ্ৰমিক, 16 জনক উদ্ধাৰ