আহমেদাবাদ : গুজৰাটৰ আহমেদাবাদ চহৰত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিচয় জানিবলৈ ডি এন এ পৰীক্ষা কৰা হ’ব । গুজৰাট স্বাস্থ্য বিভাগৰ এজন জ্যেষ্ঠ বিষয়াই মৃতকৰ সংখ্যা উল্লেখ কৰিবলৈ অস্বীকাৰ কৰাৰ সময়তে এই কথা জানিবলৈ দিয়ে ।
এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমানখন উৰণৰ ৫ মিনিটৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হৈ অঞ্চলটোত অৱস্থিত বি জে মেডিকেল কলেজৰ হোষ্টেলত বাগৰি পৰে । কোৱা হৈছে যে হোষ্টেলৰ ওপৰত কেণ্টিন আছে, য’ত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ আহে । এই দুৰ্ঘটনাত হোষ্টেলৰ ৫০ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে । আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে । আহমেদাবাদ আৰক্ষীয়ে বিমান দুৰ্ঘটনাত আহত হোৱা ২৫ জন লোকৰ তালিকা প্ৰকাশ কৰিছে ।
#WATCH | Ahmedabad plane crash | Dhananjay Dwivedi, Additional Chief Secretary, Gujarat Health and Family Welfare Department says, " ...ahmedabd civil hospital students' hostel, staff quarters and other residential areas are located in the area where the plane crashed. the… pic.twitter.com/5vDuVzrZdK
— ANI (@ANI) June 12, 2025
গুজৰাট স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য সচিবে কয়, "আহমেদাবাদ অসামৰিক চিকিৎসালয়ৰ ছাত্ৰ হোষ্টেল, ষ্টাফ কোৱাৰ্টাৰ আৰু অন্যান্য আৱাসিক এলেকা বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা অঞ্চলত অৱস্থিত ।
গুজৰাটৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ধনঞ্জয় দ্বিবেদীয়ে জনোৱা মতে, আহমেদাবাদ অসামৰিক চিকিৎসালয়ৰ হোষ্টেল, ষ্টাফ কোৱাৰ্টাৰ আৰু অন্যান্য আৱাসিক এলেকা বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা অঞ্চলত অৱস্থিত । তেওঁ কয় যে বিমান দুৰ্ঘটনাৰ পিছত তাত বাস কৰা লোকসকলো আহত হৈছে ।
#WATCH | On MBBS students injured in Ahmedabad aeroplane crash, Dr. Rohan Krishnan, Chief Patron, FAIMA Doctors Association, says, " we have got information that the aeroplane crashed in the premises of bj medical college. there is damage to the mbbs students' hostel and the… pic.twitter.com/cp4upC4g21
— ANI (@ANI) June 12, 2025
তেওঁ কয় যে বিমান দুৰ্ঘটনাৰ পিছত প্ৰায় ৫০ জন আহত লোকক উন্নত চিকিৎসাৰ বাবে আহমেদাবাদৰ অসামৰিক চিকিৎসালয়লৈ অনা হৈছে । তেওঁলোকৰ বহুতৰে অৱস্থা জটিল যদিও সুস্থিৰ ।
আহতসকলক তেজৰ প্ৰয়োজন : ডাক্তৰ এছ’চিয়েশ্যনৰ মুখ্য পৃষ্ঠপোষক
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত আহত এম বি বি এছৰ ছাত্ৰ-ছাত্ৰীৰ সন্দৰ্ভত এফ এ আই এম এ ডাক্তৰ এছ’চিয়েশ্যনৰ মুখ্য পৃষ্ঠপোষক ডাঃ ৰোহন কৃষ্ণনে কয় যে বি জে মেডিকেল কলেজৰ চৌহদত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । তেওঁ কয় যে এম বি বি এছৰ ছাত্ৰ-ছাত্ৰীৰ হোষ্টেল আৰু ছুপাৰ স্পেচিয়েলিটি চিকিৎসকৰ আৱাসিক ব্লক ক্ষতিগ্ৰস্ত হৈছে । ৫০ জন লোক আহত হোৱাৰ তথ্য আমি লাভ কৰিছো । পাঁচজন লোকক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই... তাত তেজৰ প্ৰয়োজন ।
Ahmedabad Police issues a list of 25 injured in plane crash in Ahmedabad.
— ANI (@ANI) June 12, 2025
Additional Chief Secretary of Gujarat Health Department says, " ahmedabd civil hospital students' hostel, staff quarters and other residential areas are located in the area where the plane crashed. about 50… pic.twitter.com/KWlVtuASp8
মৃতকৰ চিনাক্তকৰণৰ বাবে কৰা হ’ব ডি এন এ টেষ্ট
তেওঁ জনোৱা মতে, বি জে মেডিকেলত ডি এন এ টেষ্টৰ ব্যৱস্থা কৰা হৈছে, গতিকে যাত্ৰীসকলৰ পৰিয়াল আৰু ঘনিষ্ঠ লোকসকলক বিশেষকৈ পিতৃ-মাতৃ আৰু সন্তানক সেই স্থানত নমুনা জমা দিবলৈ অনুৰোধ জনোৱা হৈছে । যাতে অতি সোনকালে ভুক্তভোগীক চিনাক্ত কৰিব পৰা যায় ।
সহায়ৰ বাবে হেল্পলাইন নম্বৰ মুকলি
যদিহে অসামৰিক চিকিৎসালয়লৈ অনা যাত্ৰী আৰু অন্যান্য আহতসকলৰ আত্মীয়ৰ কিবা প্ৰশ্ন আছে, তেন্তে অসামৰিক চিকিৎসালয় আহমেদাবাদৰ দ্বাৰা জাৰি কৰা দুটা হেল্পলাইন নম্বৰ ৬৩৫৭৩৭৩৮৩১ আৰু ৬৩৫৭৩৭৩৮৪১ নম্বৰত যোগাযোগ কৰি সহায় ল’ব পাৰিব ।
#WATCH | Gujarat: Part of the ill-fated London-bound Air India aircraft crashed into a building in Ahmedabad. Visuals from the spot.
— ANI (@ANI) June 12, 2025
Air India B787 Aircraft VT-ANB, while operating flight AI-171 from (Ahmedabad to London Gatwick) crashed immediately after takeoff from… pic.twitter.com/BfrbXFi2wP
লণ্ডনলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ এখন বিমান বৃহস্পতিবাৰে বিয়লি আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰা মৰা কিছু মুহূৰ্তৰ পিছতে ইয়াৰ আৱাসিক এলেকাত দুৰ্ঘটনাগ্ৰস্ত হয় । বিমানখনত ১০ জন ক্ৰু মেম্বাৰসহ ২৪২ জন লোক আছিল । এই দুৰ্ঘটনাত বিমানখনত থকাসকলৰ অধিকাংশৰ মৃত্যুৰ আশংকা কৰা হৈছে ।
বয়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমানখন (AI171) উৰণৰ পিছত অতি দ্ৰুতগতিত নামি অহা দেখা গৈছিল । গয়া আৰু বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপৰ মেঘনানী নগৰ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন ।
দুৰ্ঘটনাটোৰ কিছু সময়ৰ পিছতে অঞ্চলটোত ক’লা ধোঁৱাৰ প্ৰকাণ্ড ডাৱৰ ওপৰলৈ উঠি অহা দেখা গ’ল । মহানগৰীত বিমান চলাচল সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে । এয়াৰ ইণ্ডিয়াৰ তথ্য অনুসৰি আহমেদাবাদৰ পৰা লণ্ডনৰ গেটৱিকলৈ যোৱা বিমানখনত ১৬৯ জন ভাৰতীয়, ৫৩ জন ব্ৰিটিছ, এজন কানাডিয়ান আৰু ৭ জন পৰ্তুগীজ নাগৰিক আছিল ।
দুৰ্ঘটনাত নিহত বা আহত হোৱা লোকৰ কোনো আনুষ্ঠানিক তথ্য এতিয়াও লাভ কৰা হোৱা নাই । মৃতসকলৰ ভিতৰত মেঘনানী নগৰৰ একাংশ লোকো থাকিব পাৰে বুলি আশংকা কৰা হৈছে । এজন বিষয়াই জনোৱা মতে, আহত বহু লোকক মহানগৰীৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।
বৃহস্পতিবাৰে সংঘটিত হোৱা বিমান দুৰ্ঘটনা এই গুজৰাট চহৰৰ দ্বিতীয়টো বিমান দুৰ্ঘটনা । ১৯৮৮ চনৰ ১৯ অক্টোবৰত আহমেদাবাদ বিমানবন্দৰত ইণ্ডিয়ান এয়াৰলাইন্সৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ১৩০ জন লোকৰ মৃত্যু হয় ।