নুহ (হাৰিয়ানা): পবিত্ৰ ঈদৰ দিনটোতে হাৰিয়ানাৰ নুহত সংঘটিত হ'ল এক হিংসাত্মক ঘটনা । পবিত্ৰ ঈদৰ দিনাও হিংসাৰ মাজত আবদ্ধ হৈ থাকিল নুহ । যি ঈদৰ বাবে ইছলাম ধৰ্মৰ লোকসকলে গভীৰ আগ্ৰহেৰে ৰৈ থাকে, সেই দিনটোতে হাতে হাতে লাঠি লৈ ওলাই আহিল একাংশ লোক । দুই ফৈদৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনাই জোকাৰি গ'ল সমগ্ৰ অঞ্চল । নুহৰ বিছোৰ থানাৰ অন্তৰ্গত তিৰৱাড়া গাঁৱত সংঘটিত হ'ল এই ঘটনা । ঈদৰ নামাজৰ পিছতে পুৰণি কোনো বিবাদক লৈ দুই ফৈদৰ মাজত মাৰপিট লাগে ।
ঈদৰ দিনাই নুহত হিংসা : দুয়োপক্ষৰ সংঘৰ্ষত বহুলোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । এটা পক্ষৰ অধিক লোক আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে । ইফালে ঘটনাৰ খবৰ পোৱাৰ লগে লগে বিছোৰ থানাৰ আৰক্ষী ঘটনাস্থলিত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় । সামাজিক মাধ্যমত মাৰপিটৰ ঘটনাৰ ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে । য'ত পুৰুষ-মহিলাসকলক ইজনে সিজনক লাঠিৰে আক্ৰমণ কৰা দেখা গৈছে ।
আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ : ঘটনাই যাতে ভয়ংকৰ ৰূপ নলয় তাৰ বাবে পুনহানা সদৰ থানা আৰু পুনহানা চিটী থানাৰ আৰক্ষীৰ দল উক্ত স্থানত উপস্থিত হয় । ইয়াৰ লগতে ডায়েল ১১২ ৰ জোৱানসকলকো মোতায়েন কৰা হৈছে । আৰক্ষী তথা জোৱানসকলে পৰিস্থিতি নিয়ন্ত্ৰণৰ প্ৰয়াস কৰে । ইফালে আঘাতপ্ৰাপ্ত লোকসকলৰ পুনহানাৰ সাধাৰণ স্বাস্থ্য কেন্দ্ৰতে চিকিৎসা চলি আছে । গুৰুতৰভাৱে আহতসকলক নলহৰলৈ প্ৰেৰণ কৰা হৈছে ।
দুয়োপক্ষৰ অভিযোগ : এটা পক্ষৰ আঘাতপ্ৰাপ্ত লোকসকলে কৈছে, "আমি নিজৰ পৰিয়ালৰ সৈতে ঈদৰ নামাজ আদায় কৰি ঘৰলৈ উভতি আহিছিলো । তেতিয়াই আনটো পক্ষৰ লোকসকলে আমাৰ ওপৰত আক্ৰমণ কৰিছিল । যাৰ ফলত আমাৰ পক্ষৰ ১০ জনৰো অধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।" তেওঁলোকে লগতে কয় যে পুৰণি বিবাদৰ বাবে এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । দ্বিতীয় পক্ষৰ লোকৰ বিৰুদ্ধে পূৰ্বতে গোচৰ ৰুজু কৰা হৈছিল বুলিও তেওঁলোকে দাবী কৰে । একেদৰে দ্বিতীয় পক্ষই অভিযোগ কৰিছে, "সাধাৰণ কথাক লৈয়ে বিবাদ আৰম্ভ হৈছিল । আমাৰো একাংশ লোক আহত হৈছে ।" ঘটনাৰ তদন্ত কৰি থকা পুনহানা চিটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰত সিঙে কয় যে তিৰৱাড়া গাঁৱত হিংসাত্মক ঘটনা সংঘটিত হৈছে । যাৰ ফলত দুয়োপক্ষৰ লোক হাস্পতালত ভৰ্তি হৈছে । যাতে বিবাদ বাঢ়ি যাব নোৱাৰে তাৰ বাবে সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে । অৱশ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক :সমন্বয় আৰু ভাতৃত্ববোধৰ চানেকিৰে দেশজুৰি উদযাপন ঈদ-উল-ফিটৰ - EID AL FITR 2025