হায়দৰাবাদ: ২০১৩ চনৰ দিলসুখনগৰ বোমা বিস্ফোৰণৰ গোচৰৰ এটা গুৰুত্বপূৰ্ণ পৰিঘটনা সম্পৰ্কে মঙলবাৰে তেলেংগানা উচ্চ ন্যায়ালয়ে ৰায়দান কৰে । আদালতে ২০১৬ চনৰ ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ আদালতে দোষী সাব্যস্ত কৰি পাঁচজন অভিযুক্তক দিয়া মৃত্যুদণ্ডৰ শাস্তিৰ ৰায়ক সমৰ্থন কৰে ।
এই ৰায় বাতিল কৰিব বিচৰা দোষীসকলৰ আবেদনো খাৰিজ কৰে উচ্চ ন্যায়ালয়ে । ২০১৩ চনৰ ২১ ফেব্ৰুৱাৰীত হায়দৰাবাদৰ সদাব্যস্ত এলেকা দিলসুখনগৰ বাছ আস্থান আৰু মিৰ্চি পইণ্টত সংঘটিত দুটাকৈ বিস্ফোৰণত ১৮ জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে ১৩১ জন লোক গুৰুতৰভাৱে আহত হৈছিল ।

ইয়াৰ পূৰ্বে ২০১৬ চনৰ ১৩ ডিচেম্বৰত নিয়াৰ আদালতে পাঁচজন অভিযুক্তক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল । এই শাস্তি পোৱাসকলৰ ভিতৰত আছে ক্ৰমে- আছাদুল্লাহ আখতাৰ ওৰফে হাদ্দি, জিয়াউৰ ৰেহমান ওৰফে ৱাঘাছ ওৰফে নবীল আহমেদ, মহম্মদ তাহছিন আখতাৰ ওৰফে হাছান ওৰফে মনু, ইয়াছিন ভাটক ওৰফে শ্বাহৰুখ, আজাজী শ্বেখ ওৰফে সমৰ আৰমান টুণ্ডে ওৰফে সাগৰ ওৰফে আইজাজ চৈয়দ শ্বেখ নামৰ লোককেইজন । এই ঘটনাৰ মূল অভিযুক্ত মহম্মদ ৰিয়াজ ওৰফে ৰিয়াজ ভাটকল পলাতক হৈ আছে ।
দোষীক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰাৰ পিছত নিয়াৰ আদালতে এই গোচৰটো উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰে । সমান্তৰালভাৱে পাঁচোজন দোষীয়ে নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে ।
ন্যায়াধীশ কে লক্ষ্মণ আৰু ন্যায়াধীশ পি শ্ৰীসুধাক লৈ গঠিত বিভাগীয় বিচাৰপীঠে মঙলবাৰৰ বাবে ৰায় সংৰক্ষণ কৰাৰ পূৰ্বে এই আবেদনসমূহৰ ওপৰত ৪৫ দিনীয়া বিস্তৃত শুনানি গ্ৰহণ কৰে ।
গোচৰৰ সবিশেষ
২০১৩ চনৰ ২১ ফেব্ৰুৱাৰীত সন্ধিয়া প্ৰায় ৭ বজাত হায়দৰাবাদৰ দিলসুখনগৰ বজাৰত একেৰাহে দুটাকৈ বোমা বিস্ফোৰণৰ ফলত মাতৃৰ গৰ্ভত থকা এটা গৰ্ভস্থ সন্তানকে ধৰি ১৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৩১ জন লোক আহত হৈছিল ।
হায়দৰাবাদ চহৰৰ মলকপেট থানাৰ সীমাত থকা দিলসুখনগৰৰ ১০৭ নং বাছ আস্থানৰ সমীপত সন্ধিয়া প্ৰায় ৭ বজাত সংঘটিত হয় প্ৰথমটো বিস্ফোৰণ । দ্বিতীয়টো বিস্ফোৰণ ঘটিছিল তাৰে কেইছেকেণ্ডমানৰ পিছত, চাইবেৰাবাদ চহৰৰ সৰুনগৰ আৰক্ষী থানাৰ সীমাত থকা দিলসুখনগৰৰ এ-১ মিৰ্চি চেণ্টাৰৰ বিপণীৰ সমীপত ।
গৃহ মন্ত্ৰালয়ে এই দ্বৈত বিস্ফোৰণৰ গোচৰটো NIA লৈ হস্তান্তৰ কৰে । তদন্তৰ সময়ত সংস্থাটোৱে ২০১৩ চনৰ আগষ্ট মাহত ভাৰত-নেপাল সীমান্তৰ পৰা ভাৰতীয় মুজাহিদীন (আই এম) আহমেদ ছিদ্দীবাপ্পা জৰাৰ ওৰফে ইয়াছিন ভাটকল আৰু আছাদুল্লা আখতাৰ ওৰফে হাড্ডীৰ দুজন শীৰ্ষ কৰ্মীক গ্ৰেপ্তাৰ কৰিছিল ।
"জেৰাৰ সময়ত দুয়োজনে এই অপৰাধত জড়িত থকাৰ কথা স্বীকাৰ কৰে । পিছত বিহাৰৰ আন দুজন অভিযুক্ত তেহছিন আখতাৰ আৰু পাক নাগৰিক জিয়াউৰ ৰেহমান ওৰফে ৱাকাছক ২০১৪ চনৰ ২২ মাৰ্চত ৰাজস্থানত প্ৰথমে দিল্লী আৰক্ষীয়ে আৰু ২০১৪ চনৰ মে' মাহত নিয়াই এই গোচৰৰ সৈতে জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে । পুনেৰ এজন অভিযুক্ত আইজাজ শ্বেখকো একে অপৰাধতে গ্ৰেপ্তাৰ কৰা হয় ।” NIA এ ২০১৬ চনৰ ডিচেম্বৰ মাহত দিয়া বিবৃতিত এইদৰে কৈছিল ।
সংস্থাটোৱে কৰ্ণাটকৰ ভাটকলৰ পৰা অহা আই এমৰ এজন মূল প্ৰতিষ্ঠাপক সদস্য মহম্মদ ৰিয়াজ @ ৰিয়াজ ভাটকালৰ ভূমিকাও প্ৰমাণ কৰে । ইয়াৰ পিছত এন আই এয়ে তেওঁক পাকিস্তানত আত্মগোপন কৰি থকাৰ সন্দেহ প্ৰকাশ কৰে ।
তেওঁ (ৰিয়াজ) আছিল "বিস্ফোৰণৰ আঁৰৰ মূল পৰিকল্পনাকাৰী আৰু পথ প্ৰদৰ্শক । তেওঁক এই অপৰাধৰ অভিযুক্ত হিচাপে প্ৰমাণ কৰা হৈছিল" বুলি ২০১৬ চনত সংস্থাটোৱে প্ৰকাশ কৰা বিবৃতিত কোৱা হৈছে । "তেওঁ পলাতক হৈ আছে আৰু নিয়াই তেওঁক গ্ৰেপ্তাৰৰ বাবে ইণ্টাৰপল ৰেড কৰ্ণাৰ জাননী জাৰি কৰিছে" বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে ।