ETV Bharat / bharat

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে AISATS ক প্ৰদান কৰিলে সুৰক্ষা মঞ্জুৰীৰ স্বীকৃতি

DGCA এ প্ৰথমবাৰৰ বাবে মঞ্জুৰী প্ৰদান কৰিলে AISATS ক ৷ DGCAৰ মঞ্জুৰী লাভ কৰা এয়াই প্ৰথম গ্ৰাউণ্ড হেণ্ডেলিং গোট ।

DGCA Grants Safety Clearance To AISATS
DGCA য়ে সুৰক্ষা মঞ্জুৰী প্ৰদান কৰিলে AISATS ক (ETV Bharat Assam)
author img

By PTI

Published : September 2, 2025 at 4:40 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: অসামৰিক বিমান পৰিবহণ সঞ্চালক প্ৰধান (DGCA) ৰ কাৰ্যালয়ে সোমবাৰে বিমানবন্দৰ সেৱাৰ দায়িত্বত থকা এয়াৰ ইণ্ডিয়া SATS প্ৰাইভেট লিমিটেড (AISATS)ক সুৰক্ষাৰ মঞ্জুৰী প্ৰদান কৰে, যাৰ জৰিয়তে অনুমোদন লাভ কৰা দেশৰ প্ৰথম গ্ৰাউণ্ড হেণ্ডেলিং কোম্পানী হিচাপে ই বিবেচিত হয় ।

সুৰক্ষা প্ৰবন্ধন প্ৰণালী (SMS) ক মজবুত কৰাৰ প্ৰয়াসৰ সময়ত অসামৰিক বিমান পৰিবহণ সঞ্চালক প্ৰধান (DGCA)এ জুলাইত হেণ্ডেলিং কোম্পানীক সুৰক্ষা অনুমোদন প্ৰদান কৰাৰ বাবে জাননী জাৰি কৰিছিল । AISATS ক অনুমোদন দিয়াৰ লগে লগে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই কয়, "ভাৰত APAC ক্ষেত্ৰত মালেছিয়াৰ পাছত এনে এক ব্য়াপক জাননী জাৰি কৰা দ্বিতীয় দেশ হিচাপে বিবেচিত হৈছে ।"

APAC ৰ অৰ্থ হৈছে এছিয়া পেছিফিক আৰু ICAO ৰ অৰ্থ হৈছে ইণ্টাৰনেশ্যনেল চিভিল এভিয়েশ্যন অৰ্গেনাইজেশ্যন । DGCA এ এক বিজ্ঞপ্তিত কয় যে AISATS ক প্ৰথমবাৰৰ বাবে সুৰক্ষাৰ মঞ্জুৰী দিয়া হৈছে, যি SMS ক মজবুত কৰা আৰু ভাৰতৰ গ্ৰাউণ্ড হেণ্ডলিং সঞ্চালনত নিয়মমাফিক নিৰীক্ষণ বৃদ্ধি কৰাৰ প্ৰতি প্ৰতিশ্ৰুতিক মজবুত কৰিব ।

এই স্বীকৃতি নগৰ বিমান আৱশ্যকতা(CAR) ধাৰা-৪, শৃংখলা-X, ভাগ-II ৰ অধীনত জাৰি কৰা হৈছে । এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই জনোৱা অনুসৰি, ভূমিত সঞ্চালিত বিমানৰ সুৰক্ষাৰ বাবে মহত্বপূৰ্ণ, যাতায়ত ব্যৱস্থা, ডাঙৰ বিমান আদিৰ দৰে সেৱা প্ৰদানৰ বাবে সুৰক্ষাৰ স্বীকৃতি অনিবাৰ্য ।

এয়াৰ ইণ্ডিয়াৰ বিজ্ঞপ্তিত আৰু কোৱা হয়, "AISATS ক এই মঞ্জুৰী সুৰক্ষা প্ৰবন্ধন প্ৰণালী, বিপদ নিয়ন্ত্ৰণ, ৰিপ'ৰ্টিং তন্ত্ৰ, প্ৰশিক্ষণ আৰু বুনিয়াদী অনুসন্ধানৰ কঠোৰ মূল্যাংকনৰ পিছত লাভ কৰে, যি গ্ৰাউণ্ড হেণ্ডেলিং আৰু এছ এম এছৰ ওপৰত চি আৰ আদিৰ সৈতে সম্পূৰ্ণৰূপে তথ্য প্ৰদান কৰে ।"

লগতে পঢ়ক: অৱশেষত অশান্তিৰ আঢ়ৈ বছৰৰ মূৰত মণিপুৰলৈ যাব ওলাইছে প্রধানমন্ত্রী নৰেন্দ্র মোদী - PM MODI

অহা দুই-তিনি দিনত ৰাজ্যত হ’ব মুষলধাৰ বৰষুণ, ৰেড এলাৰ্ট জাৰি - WEATHER FORECAST