নতুন দিল্লী : অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে মঙলবাৰে কয় যে তেওঁলোকে দিল্লী আৰু মুম্বাইকে ধৰি প্ৰধান বিমানবন্দৰসমূহত বিস্তৃত তদন্ত চলাইছে, য’ত তেওঁলোকে 'বিমানত বাৰে বাৰে দোষৰ একাধিক ক্ষেত্ৰ পোৱা গৈছে, যিয়ে অকাৰ্যকৰী নিৰীক্ষণ আৰু অপৰ্যাপ্ত শুধৰণি ব্যৱস্থাৰ ইংগিত দিয়ে' ।
মূলতঃ সুৰক্ষাৰ বিষয়সমূহৰ সৈতে জড়িত অসামৰিক বিমান পৰিবহণৰ ক্ষেত্ৰখনৰ নিয়ন্ত্ৰণকাৰী সংস্থা ডি জি চি এই এক বিবৃতিত কয় যে সমগ্ৰ বিমান পৰিবহণ খণ্ডতে সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে বিমান পৰিবহণৰ পৰিৱেশ তন্ত্ৰৰ কেন্দ্ৰীভূত মূল্যায়ন আৰম্ভ কৰাৰ বাবে ১৯ জুনত এক নিৰ্দেশ জাৰি কৰা হৈছে ।
ইয়াৰ পিছতে ডি জি চি এৰ যুটীয়া সঞ্চালক প্ৰধানৰ নেতৃত্বত দুটা দলে দিল্লী আৰু মুম্বাইকে ধৰি প্ৰধান বিমানবন্দৰসমূহত নিশা আৰু পুৱাৰ সময়ত ব্যাপক তদন্ত চলায় ।
ডি জি চি এই কয়, "এই তদন্তত বিমান পৰিচালনা, বিমানযোগ্যতা, ৰেম্প সুৰক্ষা, বিমান পৰিবহণ নিয়ন্ত্ৰণ (এ টি চি), যোগাযোগ, নেভিগেচন আৰু চোৱাচিতা (চি এন এছ) ব্যৱস্থা আৰু উৰণৰ পূৰ্বে চিকিৎসা মূল্যায়ন আদি কেইবাটাও জটিল ক্ষেত্ৰ সামৰি লোৱা হৈছিল ।
তদন্তৰ সময়ত বিমান সুৰক্ষা তদন্তকাৰী সংস্থাটোৱে কয়, "কেইবাটাও দৃষ্টান্ত পোৱা গৈছে য’ত ৰিপ’ৰ্ট কৰা অভাৱসমূহ বিমানখনত একাধিকবাৰ পুনৰ আবিৰ্ভাৱ হৈছিল, যিয়ে অকাৰ্যকৰী নিৰীক্ষণ আৰু অভাৱ/পুনৰাবৃত্তিমূলক অভাৱৰ ওপৰত অপৰ্যাপ্ত সংশোধনী ব্যৱস্থাৰ ইংগিত দিয়ে ।"
বিবৃতিটোত লগতে কোৱা হৈছে, "গ্ৰাউণ্ড হেণ্ডলিং সঁজুলি যেনে বেগেজ ট্ৰলী, বি এফ এল আদি সেৱাহীন বুলি ধৰা পৰিছিল; লাইন মেইণ্টেনেন্স ষ্ট'ৰ, সঁজুলি নিয়ন্ত্ৰণ পদ্ধতি মানি চলা হোৱা নাছিল ।" ১২ জুনত আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ পটভূমিত এই বৃহৎ তদন্ত চলোৱা হৈছিল, য’ত ২৫০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছিল।
ডিজিচিএৰ আন কিছুমান পৰ্যবেক্ষণৰ ভিতৰত আছিল :
- বিমানখনৰ ব্যৱস্থাপনাৰ(maintenance) সময়ত ৱৰ্ক অৰ্ডাৰ মানি চলা হোৱা নাছিল
- অনছাৰ্ভিচেবল থ্ৰাষ্ট ৰিভাৰ্ছাৰ চিষ্টেম আৰু ফ্লেপ স্লেট লিভাৰ লক কৰা হোৱা নাছিল
- ব্যৱস্থাপনাৰ সময়ত এ এম এম (এয়াৰক্ৰাফ্ট মেইণ্টেনেন্স মেনুৱেল) অনুসৰি এ এম ই (এয়াৰক্ৰাফ্ট মেইণ্টেনেন্স ইঞ্জিনিয়াৰ)য়ে সুৰক্ষাৰ সাৱধানতা অৱলম্বন কৰা নাছিল
- ঠায়ে ঠায়ে এ এম ইয়ে স্নেগ ৰেক্টিফিকেচনৰ প্ৰতি গুৰুত্ব দিয়া নাছিল
- বিমান ব্যৱস্থাটোৱে সৃষ্টি কৰা ত্ৰুটিৰ প্ৰতিবেদন কাৰিকৰী লগবুকত লিপিবদ্ধ কৰা পোৱা নগ’ল
- কেইবাটাও লাইফ ভেষ্ট নিৰ্দিষ্ট আসনৰ তলত সঠিকভাৱে সুৰক্ষিত কৰা হোৱা নাছিল
- সোঁফালৰ উইংলেটৰ তলৰ ব্লেডত থকা জাৰণ প্ৰতিৰোধী টেপটো ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছিল
- একেদৰে এটা বিমানবন্দৰত ৰাণৱেৰ চেণ্টাৰ লাইন মাৰ্কিং ম্লান হোৱা দেখা গৈছিল
- ৰেপিড এক্সাইট টেক্সিৱে, গ্ৰীণ চেণ্টাৰ লাইটবোৰ একদিশীয় নাছিল
- এটা চিমুলেটৰ পৰীক্ষা কৰা হৈছিল আৰু বিমানৰ কনফিগাৰেচনৰ সৈতে মিল নথকা দেখা গৈছিল । ছফটৱেৰটোও বৰ্তমানৰ সংস্কৰণলৈ আপডেট কৰা হোৱা নাছিল
- টায়াৰ জীৰ্ণ হোৱাৰ বাবে নিৰ্ধাৰিত কেৰিয়াৰৰ ঘৰুৱা বিমান বাতিল কৰা হৈছিল আৰু প্ৰয়োজনীয় শুধৰণিৰ পিছতহে ইয়াক মুকলি কৰি দিয়া হৈছিল
ডি জি চি এই কয় যে তদন্তৰ সময়ত পৰ্যবেক্ষণ কৰা সকলো তথ্য ৭ দিনৰ ভিতৰত প্ৰয়োজনীয় সংশোধনী ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট অপাৰেটৰক অৱগত কৰা হয় ।
ইয়াত কোৱা হৈছে যে ২০২৫ চনৰ ১৯ জুনত দিয়া আদেশ নং ডি জি চি এ-২২০৩৪/২/২০২৫-এফ এছ ডিৰ সৈতে সংগতি ৰাখি ব্যৱস্থাটোত বিপদ ধৰা পেলাবলৈ ভৱিষ্যতেও এই বিস্তৃত তদন্ত প্ৰক্ৰিয়া অব্যাহত থাকিব ।