নতুন দিল্লী : মঙলবাৰে সন্ধিয়া হঠাতে আহিল প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি ৷ তেনে সময়ত মাজ আকাশত উৰি আছিল কেবাখনো বিমান ৷ এই ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত দিল্লীৰ পৰা শ্ৰীনগৰ অভিমুখী ইণ্ডিগ’ এয়াৰলাইন্সৰ এখন বিমান ঘটিল অঘটন ৷
এই বিমানখনত আছিল ২২৭ জন যাত্ৰী । হঠাৎ হোৱা এটা ভয়ংকৰ অঘটনৰ পাছতে দিল্লী-শ্ৰীনগৰ বিমানখন কৰে জৰুৰী অৱতৰণ কৰিব লগাত পৰে ৷ ধুমুহা-শিলাবৃষ্টিৰ ফলত বিমানখনৰ সন্মুখভাগৰ কিছু অংশ ভাঙি যোৱা পৰিলক্ষিত হয় যদিও পাইলটৰ বিচক্ষণতাৰ ফলত প্ৰাণৰক্ষা পৰে ২২৭ জন যাত্ৰীৰ ৷
দুৰ্ঘটনাগ্ৰস্ত ইণ্ডিগ’ৰ দিল্লী-শ্ৰীনগৰ বিমানখনৰ নম্বৰ হৈছে 6E2142 ৷ মঙলবাৰে সন্ধিয়া মৃত্যুসম অভিজ্ঞতা লাভ কৰা যাত্ৰীয়ে ইতিমধ্যে শ্বেয়াৰ কৰিছে ভিডিঅ’ ৷ য’ত শিলাবৃষ্টিৰ ফলত বিমানখনৰ কেবিনত যথেষ্ট কম্পন হৈছিল ৷ ফলত আতংকিত হৈ পৰিছিল যাত্ৰীসকল ৷
Video: Delhi-Srinagar @IndiGo6E 6E-2142 severe mid-flight turbulence. pic.twitter.com/6Pmmdvxb5C
— Ahmer Khan (@ahmermkhan) May 21, 2025
বিমানখনৰ ভিতৰত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল ৷ ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে বিমান যাত্ৰীসকলে কন্দা আৰু ভয় বিতত হৈ চিঞৰ-বাখৰ কৰাৰ, ভগৱানক প্ৰাৰ্থনা কৰা আদি দৃশ্য ৷
অৱশ্যে পাইলট আৰু বিমানৰ ক্ৰুৱে জৰুৰীকালীন প্ৰ’ট’কল সম্পূৰ্ণ কৰি সন্ধিয়া ৬:৩০ বজাত বিমানখন নিৰাপদে বিমানবন্দৰত অৱতৰণ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, এই দুৰ্ঘটনাৰ ফলত বিমানখনৰ সন্মুখৰভাগ ভাঙি গৈছে ৷ ইফালে বিমানখন অৱতৰণ কৰাৰ পাচতে সকলো যাত্ৰী আৰু ক্ৰু মেম্বাৰক বিমানখনৰ পৰা নমোৱা হয় ৷
ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ এজন বিষয়াই কয়, ‘‘দিল্লীৰ পৰা শ্ৰীনগৰলৈ যোৱা ইণ্ডিগ’ৰ 6E2142 নম্বৰৰ বিমানখনে বেয়া বতৰ (শলাবৃষ্টি)ৰ ফলত এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হয় ৷ তাৰ পিছত পাইলটে এটিচি এছএক্সআৰ (শ্ৰীনগৰ)ক জৰুৰীকালীন অৱস্থাৰ বিষয়ে খবৰ দিয়ে ।’’
বিষয়াগৰাকীয়ে জনোৱা মতে, সন্ধিয়া ৬.৩০ বজাত বিমানখন নিৰাপদে শ্ৰীনগৰত অৱতৰণ কৰে । সকলো ক্ৰু আৰু ২২৭ গৰাকী যাত্ৰী সুৰক্ষিত হৈ আছে । বিমান সংস্থাটোৱে এই বিমানখনক AOG হিচাপে ঘোষণা কৰিছে । ‘‘এয়াৰক্ৰাফ্ট অন গ্ৰাউণ্ড’’ (AOG) মানে বিমানখন কাৰিকৰী সমস্যাৰ বাবে মাটিত ৰখাই থৈ দিয়া হৈছে আৰু বৰ্তমান বিমানখনে উৰণ ল’ব নোৱাৰে ।
ইণ্ডিগ’ৰ মুখপাত্ৰই এই কথা নিশ্চিত কৰি কয় যে, "দিল্লীৰ পৰা শ্ৰীনগৰ অভিমুখী ইণ্ডিগ'ৰ 6E2142 নং বিমানখনে হঠাতে শিলাবৃষ্টিৰ সন্মুখীন হয়। বিমান আৰু কেবিন ক্ৰুৱে প্ৰট'কল মানি চলি বিমানখন নিৰাপদে শ্ৰীনগৰত অৱতৰণ কৰে। বিমানখন অৱতৰণ কৰাৰ পিছত বিমানবন্দৰৰ দলটোৱে যাত্ৰীসকলৰ যত্ন লয় আৰু তেওঁলোকৰ মংগল আৰু আৰামক অগ্ৰাধিকাৰ দিয়ে ।"
VIDEO | Inside visuals of Srinagar-bound IndiGo flight from Delhi that suffered mid-air turbulence due to severe weather conditions. The pilot declared an " emergency" to air traffic control in srinagar. the aircraft later landed safely and has since been grounded, officials… pic.twitter.com/v1zp1VbW9J
— Press Trust of India (@PTI_News) May 21, 2025
বিমানখনৰ ক্ষতিৰ বাবে বিশদ তদন্ত আৰু ৰক্ষণাবেক্ষণৰ উদ্দেশ্য ইয়াক ৰখোৱা হৈছে বুলিও বিমান সংস্থাটোৱে নিশ্চিত কৰিছে । প্ৰয়োজনীয় মেৰামতি কৰাৰ পিছতহে ইয়াক পুনৰ কাৰ্যক্ষম কৰিব পৰা যাব ৷
নিজৰ ভয়াৱহ অভিজ্ঞতা ব্যক্ত কৰি দিল্লী-শ্ৰীনগৰ বিমানখনৰ যাত্ৰী শ্বেখ সমীউল্লাই কয়, ‘‘প্ৰথমতে সকলো স্বাভাৱিক যেন লাগিছিল, কিন্তু হঠাতে পাইলটে বেয়া বতৰৰ কথা ঘোষণা কৰি আমাক ছিটবেল্ট বান্ধিবলৈ ক'লে । মই প্ৰায়ে বিমানেৰে যাত্ৰা কৰো, কিন্তু এনে পৰিস্থিতিৰ সন্মুখীন হোৱা নাই । ই ভয়ানক আছিল । নিৰাপদে বিমানখন অৱতৰণ কৰাৰ বাবে পাইলটৰ ওচৰত মই কৃতজ্ঞ ।"