ETV Bharat / bharat

দিল্লী সংঘৰ্ষৰ অভিযুক্ত ওমৰ খালিদ-শ্বাৰ্জিল ইমামকে ধৰি ৯ জন অভিযুক্তৰ জামিন আবেদন নাকচ

দিল্লী সংঘৰ্ষৰ ষড়যন্ত্ৰৰ অভিযোগত ২০২০ চনৰ ১৩ ছেপ্টেম্বৰৰ গ্ৰেপ্তাৰ হোৱা ওমৰ খালিদ তেতিয়াৰ পৰাই জিম্মাত আছে ।

DELHI RIOTS 2020
শ্বাৰ্জিল ইমাম (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 2, 2025 at 8:17 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী: দিল্লী সংঘৰ্ষৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগত ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামকে ধৰি ৯ জন অভিযুক্তৰ জামিন আবেদন নাকচ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে । ন্যায়াধীশ নবীন চাওলাৰ নেতৃত্বত গঠিত বিচাৰপীঠে এই নিৰ্দেশ দিয়ে । ইয়াৰ পূৰ্বে ৯ জুলাইত আটাইকেইজন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত উচ্চ ন্যায়ালয়ে নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছিল ।

ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামকে ধৰি উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰা অভিযুক্তসকলৰ ভিতৰত আছে অথৰ খান, আব্দুল খালিদ ছাইফি, মহম্মদ চেলিম খান, শ্বিফা ওৰ ৰহমান, মীৰাণ হাইদৰ, গুলফিছা ফাতিমা আৰু ছাদাব আহমেদ ।

জামিন আবেদনৰ শুনানিৰ সময়ত দিল্লী আৰক্ষীৰ হৈ হাজিৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কৈছিল যে যদি অভিযুক্তই দেশৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে তেন্তে তেওঁলোকৰ বাবে সৰ্বোত্তম স্থান হ’ল জেল । মেহতাই কৈছিল যে দিল্লীত সংঘটিত সংঘৰ্ষ পূৰ্ব পৰিকল্পিত । যিদৰে সংঘৰ্ষ পৰিকল্পনা কৰা হৈছিল, সেইদৰে কাকো জামিনৰ অধিকাৰ নাই । এয়া সাধাৰণ অপৰাধ নহয় সু-পৰিকল্পিত সংঘৰ্ষৰ ষড়যন্ত্ৰৰ গোচৰ । মেহতাই কৈছিল যে সংঘৰ্ষৰ ষড়যন্ত্ৰ ৰচনা কৰা অভিযুক্তই ইয়াৰ প্ৰভাৱ সমগ্ৰ দেশতে চাব বিচাৰে ।

হোৱাটছএপ গ্ৰুপৰ সদস্য হোৱাটো অপৰাধ নহয়:

অভিযুক্ত ওমৰ খালিদৰ হৈ কোৱা হৈছিল যে কেৱল হোৱাটছএপ গ্ৰুপৰ সদস্য হোৱাটো কোনো অপৰাধত জড়িত হোৱাৰ প্ৰমাণ নহয় । ওমৰ খালিদৰ হৈ হাজিৰ হোৱা অধিবক্তা ত্ৰিদীপ পেছে দিল্লী আৰক্ষীয়ে প্ৰমাণ হিচাপে উপস্থাপন কৰা হোৱাটছএপ গ্ৰুপ চেটিঙৰ সন্দৰ্ভত কয় যে ওমৰ খালিদ নিশ্চিতভাৱে তিনিটা হোৱাটছএপ গ্ৰুপৰ অংশ আছিল যদিও কোনো গ্ৰুপতে বাৰ্তা প্ৰেৰণ কৰা নাছিল । তেওঁ কৈছিল যে কেৱল হোৱাটছএপ গ্ৰুপৰ অংশ হোৱাটো কোনো ভুলৰ লক্ষণ নহয় । তেওঁ কৈছিল যে কোনোবাই সুধিলেহে ওমৰ খালিদে প্ৰতিবাদস্থলীৰ স্থান শ্বেয়াৰ কৰিছিল ।

অভিযুক্ত মীৰণ হাইদৰৰ হৈ হাজিৰ হোৱা অধিবক্তাগৰাকীয়ে শুনানিৰ সময়ত কৈছিল যে তেওঁ কোনো বৈঠকত অংশগ্ৰহণ কৰা নাই আৰু হিংসাৰ উচটনি দিয়াৰ ষড়যন্ত্ৰৰ ওপৰত আলোচনা হোৱা কোনো আড্ডা গ্ৰুপৰ অংশও নাছিল । তেওঁ কয় যে মীৰণ হাইদৰ এগৰাকী যুৱ নেতা আৰু জামিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আয়োজিত প্ৰতিবাদতহে অংশ লৈছিল মীৰণ হাইদৰে আৰু সংঘৰ্ষ উচটনি দিয়াৰ কোনো ষড়যন্ত্ৰত অংশ লোৱা নাছিল । তেওঁৰ পৰা কোনো অস্ত্ৰ উদ্ধাৰ হোৱা নাই বুলিও তেওঁ কয় ।

দিল্লী আৰক্ষীয়ে কৰিছিল জামিন আবেদনৰ বিৰোধিতা :

দিল্লী আৰক্ষীয়ে ইয়াৰ পূৰ্বে অভিযুক্তৰ জামিন আবেদনৰ বিৰোধিতা কৰি কয় যে বিচাৰত পলম হোৱাৰ অৰ্থ বিনামূলীয়া পাছ নহয় । দিল্লী আৰক্ষীৰ হৈ হাজিৰ হোৱা অতিৰিক্ত ছলিচিটৰ জেনেৰেল চেতন শৰ্মাই কৈছিল যে এই গোচৰৰ বিচাৰ পলম হোৱাৰ কাৰণ বিচাৰ বিভাগ নহয় বৰঞ্চ অভিযুক্তৰ বাবে বিচাৰ পলম হৈছে । তেওঁ কৈছিল যে অভিযোগ ফ্ৰেমৱৰ্ক কৰাৰ শুনানি বিচাৰ আদালতত চলি আছে । অভিযোগ ফ্ৰেমৱৰ্ক কৰাৰ ক্ষেত্ৰত দ্বিতীয় অভিযুক্তৰ হৈ যুক্তি শেষ হৈছে । অভিযুক্তৰ হৈ যুক্তি দাঙি ধৰাত পলম হৈছে । চেতন শৰ্মাই কৈছিল যে ক্ষিপ্ৰ বিচাৰৰ প্ৰয়োজনীয়তা আছে যদিও ৰাষ্ট্ৰীয় বিৰোধী কাৰ্যকলাপৰ ক্ষেত্ৰত দীৰ্ঘদিন কাৰাগাৰত ৰখাটো জামিন প্ৰদানৰ ভিত্তি হিচাপে গঢ়ি তুলিব নোৱাৰি ।

দিল্লী সংঘৰ্ষৰ আঁৰত কথিত বৃহৎ ষড়যন্ত্ৰৰ অভিযোগ :

উল্লেখ্য যে ২০২০ চনৰ দিল্লী সংঘৰ্ষৰ আঁৰত বৃহৎ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰি ওমৰ খালিদক ১৩ ছেপ্টেম্বৰ ২০২০ তাৰিখে দিল্লী আৰক্ষীৰ বিশেষ কোষে অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল, তেতিয়াৰ পৰাই তেওঁ জিম্মাত আছে । দিল্লীৰ সংঘৰ্ষত কমেও ৫৩ জন লোক নিহত হোৱাৰ লগতে বহু আহত হয় ।

লগতে পঢ়ক : পহলগাম আক্ৰমণক গৰিহণা এছচিঅ’ৰ; সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ দ্বৈত মানদণ্ড গ্ৰহণযোগ্য নহয় বুলি ভাৰতৰে সহমত প্ৰকাশ