ETV Bharat / bharat

পুনৰ ক'ভিডৰ বিভীষিকা ? দিল্লীত প্ৰথমজন ক'ভিড ৰোগীৰ মৃত্যু, ২৪ ঘণ্টাত মৃত্যু ৭ জনৰ - INDIA COVID19 TALLY

ভাৰতত ক’ভিড-১৯ৰ সক্ৰিয় ৰোগীৰ সংখ্যা ২,৭১০ জনত উপনীত হৈছে । ইয়াৰে ভিতৰত ১,১৭০ জন ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে ।

India COVID19 tally
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 31, 2025 at 2:46 PM IST

4 Min Read

নতুন দিল্লী: পুনৰ উভতি আহিব নেকি ক'ভিডৰ সেই বিভীষিকাময় সময় ? শেহতীয়াভাৱে দেশৰ জনসাধাৰণৰ মাজত এইলৈ চৰ্চা আৰম্ভ হৈছে । কিয়নো শেহতীয়াভাৱে দেশত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা । তাৰ মাজতে পুনৰ এজন ক'ভিড ৰোগীৰ মৃত্যুৰ খবৰ আহিছে ।

দিল্লীত ক’ভিড-১৯ পজিটিভ চিনাক্ত এগৰাকী ৬০ বছৰীয়া মহিলাৰ মৃত্যু । চৰকাৰী সূত্ৰত এই কথা প্ৰকাশ । উল্লেখ্য যে শেহতীয়াভাৱে দেশত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে বিগত ২৪ ঘণ্টাত ইয়াৰ লগত জড়িত মুঠ ৭ জন লোকৰ মৃত্যুৰ বাতৰি পোৱা গৈছে ।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, মহিলাগৰাকী লেপাৰ’টমীৰ পিছত তীব্ৰ ক্ষুদ্ৰান্ত্ৰৰ বাধাগ্ৰস্ততাত আক্ৰান্ত হৈ আছিল । তাৰ মাজতে তেওঁ ক’ভিড-19ত আক্ৰান্তৰ তথ্য লাভ কৰা গৈছিল । উল্লেখ্য যে বৰ্তমান দিল্লীত সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা ২৯৪ জন ।

ইফালে ভাৰতত ক’ভিড-১৯ৰ সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি হৈ ২৭১০ জন হৈছেগৈ । অৱশ্যে ইয়াৰে ভিতৰত ১,১৭০ জন ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে । আনহাতে, দেশৰ বিভিন্ন ৰাজ্যত সাতজন লোকৰ মৃত্যুৰ বাতৰি পোৱা গৈছে । ৰাজ্যভিত্তিক তথ্য অনুসৰি, ইয়াৰে বেছিভাগ ক্ষেত্ৰতে উপসৰ্গই উল্লেখযোগ্য ভূমিকা পালন কৰিছে ।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, গুজৰাটতো এজন লোকৰ মৃত্যু হৈছে । অৱশ্যে সবিশেষ তথ্যৰ বাবে এতিয়াও অপেক্ষা কৰি থকা হৈছে । আনহাতে, কৰ্ণাটকতো ৭০ বছৰীয়া এজন পুৰুষৰ মৃত্যুৰ তথ্য পোৱা গৈছে । বিবৃতি অনুসৰি তেওঁৰ ক’ভিড-১৯ৰ স্থিতিৰ আৰ টি-পি চি আৰ নিশ্চিতকৰণৰ বাবে অপেক্ষা কৰি থকা হৈছে ।

ইয়াৰ উপৰি বিবৃতিটো উল্লেখ কৰা হৈছে যে মহাৰাষ্ট্ৰতো দুজন লোকৰ মৃত্যুৰ তথ্য পোৱা গৈছে । তাৰে এজন ৬৭ বছৰীয়া পুৰুষৰ শ্বাস-প্ৰশ্বাসজনিত অসুবিধা (ARDS), বাওঁ হাওঁফাওঁৰ নিউমোনিয়া, ক'ভিড-19 আৰ টি-পি চি আৰ পজিটিভ আৰু ডি এম, এইচ টি এন আৰু চি ভি একে ধৰি উপসৰ্গ আছিল । আন এগৰাকী ২১ বছৰীয়া পুৰুষৰ মৃত্যু হৈছে । তেওঁৰ ডায়েবেটিক কিট’এচিড’ছিছ (DKA) শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণৰ (LRTI) সমস্যা আছিল ।

ইফালে পঞ্জাবতো এজন লোকৰ মৃত্যু হৈছে । ৩৯ বছৰীয়া পুৰুষজন হেপাটাইটিছ বি আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈছিল । তামিলনাডুত এজন ৬০ বছৰীয়া পুৰুষ টাইপ ২ ডায়েবেটিছ মেলিটাছ (T2DM), উচ্চ ৰক্তচাপ (HTN) আৰু ক্ৰনিক কিডনী ডিজিজত (CKD) আক্ৰান্ত হৈ মৃত্যুৰ বাতৰি পোৱা গৈছে ।

উল্লেখ্য যে ১,১৪৭ জন সক্ৰিয় ৰোগীৰে কেৰালা ক'ভিড আক্ৰান্তৰ তালিকাৰ শীৰ্ষত আছে আৰু মৃত্যুৰ পৰিসংখ্যাও আগবাঢ়ি আছে । সতৰ্কতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৰ্তৃপক্ষই পৰিস্থিতিৰ ওপৰত নিৰীক্ষণ অব্যাহত ৰাখিছে । অৱশ্যে শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু আয়ুস (স্বতন্ত্ৰ) বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰতাপৰাও যাদৱে আশ্বাস দিয়ে যে কেন্দ্রই যিকোনো পৰিস্থিতি চম্ভালিবলৈ সম্পূৰ্ণ সাজু ।

যাদৱে কয়, "আমাৰ কেন্দ্ৰীয় স্বাস্থ্য বিভাগ আৰু আয়ুস মন্ত্ৰণালয় দুয়োটায়ে সমগ্ৰ ৰাজ্যৰ পৰিস্থিতি সন্দৰ্ভত সম্পূৰ্ণৰূপে সজাগ আৰু সতৰ্কতাৰে নিৰীক্ষণ কৰি আছে । আমি সংশ্লিষ্ট স্বাস্থ্য আৰু আয়ুস সচিবৰ লগতে অন্যান্য সংশ্লিষ্ট মন্ত্ৰীসকলৰ সৈতেও কথা পাতিছোঁ ।" তেওঁ লগতে কয় যে পূৰ্বৰ ক’ভিড-১৯ৰ ঢৌৰ সময়ত গঢ় লৈ উঠা আন্তঃগাঁথনিৰ পৰ্যালোচনা কৰা হৈছে আৰু যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে প্ৰস্তুতি চলি আছে ।

তেওঁ লগতে কয়, "আমি পূৰ্বৰ ক'ভিড ঢৌৰ সময়ত নিৰ্মাণ কৰা আন্তঃগাঁথনি যেনে অক্সিজেন প্লাণ্ট আৰু আই চি ইউ বিছনা পুনৰীক্ষণ কৰিছোঁ আৰু ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছোঁ । আমাৰ স্বাস্থ্য ব্যৱস্থাসমূহ সুসজ্জিত আৰু ক'ভিডৰ প্ৰতি সঁহাৰি জনাবলৈ যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পৰাকৈ সাজু ।"

লগতে পঢ়ক :বিশ্ব ধঁপাত বিৰোধী দিৱস: নৱপ্ৰজন্মৰ মাজত কিয় বৃদ্ধি পাইছে ধূমপানৰ আসক্তি ? - WORLD NO TOBACCO DAY 2025
লগতে পঢ়ক :ক’ৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি, এইবাৰ কোনবোৰ লক্ষণ দেখা দিলে হ’ব লাগিব সাৱধান! - NEW COVID VARIANT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.