ETV Bharat / bharat

ধাৰাসাৰ বৃষ্টিপাতৰ বাবে ৪৯ খনকৈ বিমানৰ গতিপথ সলনি - WEATHER IN DELHI

দেওবাৰে পুৱতি নিশা হোৱা প্ৰচণ্ড বৰষুণ আৰু ধুমুহাৰ ফলত দিল্লীৰ কেইবা ঠাইতো পানী জমা হোৱাৰ খবৰ পোৱা গৈছে ।

WEATHER IN DELHI
প্ৰতীকী ফটো (ANI)
author img

By ETV Bharat Assamese Team

Published : May 25, 2025 at 1:37 PM IST

3 Min Read

নতুন দিল্লী: ৰাজধানী দিল্লীত দেওবাৰে নিশা হোৱা ধাৰাসাৰ বৃষ্টিপাত আৰু ধুমুহাৰ বাবে ১৭ খন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰকে ধৰি মুঠ ৪৯ খন বিমানৰ গতিপথ সলনি কৰা হৈছে ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সদৰী কৰা অনুসৰি, শনিবাৰে নিশা ১১.৩০ বজাৰ পৰা দেওবাৰে পুৱা ৫.৩০ বজালৈ প্ৰায় ছয় ঘণ্টাৰ ভিতৰত দিল্লীত ঘণ্টাত ৮২ কিলোমিটাৰ পৰ্যন্ত বতাহ আৰু ৮১.২ মিলিমিটাৰ বৰষুণ হয় ৷

PTI ৰ এক সূত্ৰই জনোৱা মতে, শনিবাৰে নিশা ১১.৩০ বজাৰ পৰা দেওবাৰে পুৱা ৪ বজাৰ ভিতৰত ১৭ খন আন্তঃৰাষ্ট্ৰীয় বিমানকে ধৰি ৪৯ খন বিমানৰ বেয়া বতৰৰ বাবে গতিপথ সলনি কৰা হয় । দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই পুৱা ৬.৫০ বজাত সামাজিক মাধ্যম এক্সৰ জৰিয়তে এক পোষ্ট প্ৰকাশ কৰে ৷

পোষ্টটো এনেধৰণৰ, ‘‘যোৱা নিশাৰ প্ৰতিকূল বতৰৰ বাবে একাংশ বিমানৰ চলাচলত প্ৰভাৱ পৰিছে । যাত্ৰীসকলক নিয়মিতভাৱে বিমানৰ স্থিতি পৰীক্ষা কৰিবলৈ আৰু আপডেটৰ বাবে বিমান সংস্থাৰ কৰ্মচাৰীৰ সৈতে যোগাযোগ ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে ।’’

দেওবাৰে পুৱা ৮.০৮ বজাত এক্সত দিয়া আন এটা পোষ্টত ইণ্ডিগ’ই কয়, ‘‘দিল্লীৰ প্ৰতিকূল বতৰৰ বাবে বিমানৰ চলাচলত সাময়িকভাৱে ব্যাঘাত জন্মিছে । যোৱা নিশা দিল্লীৰ বতৰৰ পিছত সৃষ্টি হোৱা যানজঁটে এতিয়াও বিমান সেৱাত প্ৰভাৱ পেলাইছে ।’’ ফ্লাইট ট্ৰেকিং ৱেবছাইট Flightradar24.com য়ে প্ৰকাশ কৰা অনুসৰি বিমানবন্দৰত প্ৰায় ১৮০ খন বিমানৰ চলাচলত পলম হোৱাৰ লগতে একাংশ বিমানৰ যাত্ৰা বাতিল কৰা হৈছে ।

দেওবাৰে পুৱতি নিশা দিল্লীত হোৱা ধাৰাসাৰ বৰষুণ আৰু প্ৰচণ্ড ধুমুহাৰ ফলত কেইবাটাও স্থানত পানী জমা হোৱাৰ খবৰ পোৱা গৈছে । ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ভিতৰত আছে মোটি বাগ, মিণ্টো ৰোড আৰু দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল ১ কে ধৰি বহুকেইটা ব্যস্ত স্থান ৷ দিল্লী কেণ্টনমেণ্ট অঞ্চলৰ এটা প্লাৱিত আণ্ডাৰপাছত এখন গাড়ী আৰু এখন বাছ প্ৰায় সম্পূৰ্ণৰূপে বাঢ়নী পানীত ডুব যোৱা দেখা যায় ।

আনহাতে, বহুকেইটা অঞ্চলক প্ৰচণ্ড বতাহে কোবাই যায় ৷ তথ্য অনুসৰি, পালামত ঘণ্টাত ৭২ কিলোমিটাৰ, প্ৰগতি ময়দানত ঘণ্টাত ৭৬ কিলোমিটাৰ, জাফৰপুৰত ঘণ্টাত ৬১ কিলোমিটাৰ আৰু ইগনৌত ঘণ্টাত ৫০ কিলোমিটাৰ বেগত ধুমুহা বলে ৷ ধুমুহাৰ সৈতে অহা প্ৰচণ্ড বৰষুণৰ পিছত দিল্লীৰ তাপমাত্ৰা পুৱতি নিশা ১.১৫ বজাৰ পৰা ২.৩০ বজাৰ ভিতৰত বহুখিনি হ্ৰাস পায় ।

দেওবাৰৰ দিনটোত বজ্ৰপাতৰ সৈতে বৰষুণ হোৱাৰ সম্ভাৱনা ইতিমধ্যে জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে ৷ তদুপৰি সৰ্বোচ্চ তাপমাত্ৰা প্ৰায় ৩৮ ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ৷ আনহাতে, ধুমুহাৰ সৈতে হোৱা ধাৰাসাৰ বৃষ্টিপাতৰ প্ৰভাৱ হাৰিয়ানাৰ ঝজ্জাৰৰ কেইবাটাও স্থানত পৰে ৷ গাজিয়াবাদত হোৱা প্ৰচণ্ড বৰষুণ-ধুমুহাৰ পিছত তাপমাত্ৰা নিম্নগামী হয় ৷

বিশেষকৈ ইন্দিৰাপুৰম আৰু স্বৰ্ণ জয়ন্তী উদ্যানৰ বহু অঞ্চলত পানী জমা হোৱাৰ কথা পোহৰলৈ আহিছে । প্ৰচণ্ড ধূলিৰ ধুমুহা আৰু বৰষুণৰ পিছত সমগ্ৰ দিল্লী-এন চি আৰৰ কেইবাটাও অঞ্চলত বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ খবৰো পোৱা গৈছে ।

লগতে পঢ়ক: RDXৰ সহায়ত তাজমহল উৰুৱাই দিয়াৰ ভাবুকি, কেৰালাৰ পৰা আহিছে এই ই-মেইল, ৩ ঘণ্টা ধৰি চলিল অনুসন্ধান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.