গ্ৰীষ্ম বন্ধৰ ভ্ৰমণৰ পৰিকল্পনা কৰাৰ পূৰ্বে জানো আহক ৰাজধানীৰ বতৰৰ খবৰ
বতৰ বিজ্ঞান বিভাগৰ মতে, বৰ্তমান দিল্লী-এন চি আৰত দিনক দিনে বৃদ্ধি পাইছে গৰমৰ মাত্ৰা ।

By ANI
Published : June 9, 2025 at 8:51 PM IST
নতুন দিল্লী : ল'ৰা-ছোৱালীৰ গ্ৰীষ্ম বন্ধ বুলি এইবাৰ ক'ৰবালৈ যাবলৈ বুলি নিশ্চয় মন মেলিছে । পিছে ক'লৈ যাব- দিল্লী, মুম্বাই, কাশ্মীৰ, উত্তৰাখণ্ড নে অন্য ক'ৰবালৈ ?
পিছে সাৱধান, এইবাৰ গ্ৰীষ্ম বন্ধৰ ভ্ৰমণসূচীৰ পৰিচালনা কৰোতে কিছু সাৱধান হওক, কিয়নো আপোনাৰ ভ্ৰমণত বতৰে দিব পাৰে বিধি-পথালি ।
জানিব পৰা মতে, এইবাৰ পূৰ্বতকৈ অধিক গৰমৰ মাত্ৰা বৃদ্ধি পাব । বিশেষকৈ দিল্লীত এইবাৰ তাপমাত্ৰা ৪৫ ডিগ্ৰী চেলছিয়াছতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে । এই কথা সদৰী কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে । লগতে বতৰ বিজ্ঞান বিভাগে দিল্লী আৰু এন চি আৰত সোমবাৰ আৰু মঙলবাৰে হালধীয়া সতৰ্কবাণী অৰ্থাৎ ইয়েল্ল' এলাৰ্ট জাৰি কৰিছে ।
সংবাদ সংস্থা ANI-ৰ আগত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিজ্ঞানী অখিল শ্ৰীবাস্তৱে কয়, "যদি আমি উত্তৰ-পশ্চিম ভাৰতৰ কথা কওঁ, তেন্তে অহা চাৰিদিনলৈ বেছিভাগ মহকুমাতে বিশেষকৈ সমভূমি অঞ্চলত তাপমাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । দিল্লী-এন চি আৰত আজি আৰু কাইলৈ তাপমাত্ৰা ৪৫ ডিগ্ৰী চেলছিয়াছৰ ওপৰলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । যাৰ বাবে অঞ্চলটোৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে ।"
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ডিজিটেল পৰ্টেল অনুসৰি ৰাজধানী চহৰখনত ১০ আৰু ১১ জুনত অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ লগতে ১২ আৰু ১৩ জুনত ইয়েল্ল' এলাৰ্ট জাৰি কৰা হৈছে । ইয়াৰ পূৰ্বে দেওবাৰে দিল্লীত সৰ্বোচ্চ উষ্ণতা ৪২.১ ডিগ্ৰী চেলছিয়াছ আৰু সোমবাৰে জুন মাহৰ সৰ্বোচ্চ তাপমাত্ৰা ৪৪ ডিগ্ৰী চেলছিয়াছত উপনীত হয় ।
বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি সপ্তাহৰ মাজভাগলৈকে দিল্লীত বৰষুণ হ’ব পাৰে । IMD-এ উত্তৰ ভাৰতৰ কিছু অংশত লঘুৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ লগতে ধুমুহা, বিজুলী, আৰু ধুমুহা বতাহ (ঘণ্টাত ৪০-৫০ কিলোমিটাৰ) হ’ব পাৰে বুলিও আগজাননী দিছে ।
উত্তৰ-পশ্চিম ভাৰতত অহা চাৰিদিনলৈ গৰমৰ মাত্ৰা বৃদ্ধি পাব পাৰে বুলি আগজাননী দিছে IMD-এ । এনে গৰমৰ বাবে পশ্চিম ৰাজস্থানতো ৰেড এলাৰ্টো জাৰি কৰা হৈছে । ইফালে, পূব ৰাজস্থান, পঞ্জাব, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ।
তদুপৰি জম্মু-কাশ্মীৰত অহা তিনিদিনৰ বাবে ইয়েল্ল' এলাৰ্ট জাৰি কৰা হৈছে । উত্তৰ মধ্যপ্ৰদেশতো গৰমৰ পৰিস্থিতিৰ বাবে ইয়েল্ল' এলাৰ্ট জাৰি কৰা হৈছে বুলি শ্ৰীবাস্তৱে মন্তব্য কৰে ।

