ETV Bharat / bharat

কেজৰিৱালৰ বিৰুদ্ধে গোচৰ চলাবলৈ ইডিক অনুমতি লেফটেনেণ্ট গভৰ্ণৰৰ !

সংবাদ মাধ্যমৰ প্ৰতিবেদনক অস্বীকাৰ কৰিছে আম আদমি পাৰ্টীয়ে । অনুমতিৰ প্ৰতিলিপি প্ৰকাশ কৰিবলৈ ইডিক দাবী আপৰ ।

Arvind Kejriwal in Excise Policy case
কেজৰিৱালৰ বিৰুদ্ধে গোচৰ চলাবলৈ ইডিক অনুমতি লেফটেনেণ্ট গভৰ্ণৰৰ (ANI)
author img

By ETV Bharat Assamese Team

Published : December 21, 2024 at 4:59 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : পুনৰ সংকটত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ! দিল্লীৰ আবকাৰী নীতি কেলেংকাৰী সন্দৰ্ভত কেজৰিৱালৰ বিৰুদ্ধে গোচৰ চলাবলৈ ইডিক অনুমতি প্ৰদান কৰিছে লেফটেনেণ্ট গভৰ্ণৰ (এলজি) ভি কে ছাক্সেনাই ।

ইডিয়ে কেজৰিৱালৰ বিৰুদ্ধে গোচৰৰ অনুমোদনৰ বাবে ৫ ডিচেম্বৰত অনুমতি বিচাৰিছিল । সম্প্ৰতি আবকাৰী নীতি কেলেংকাৰী সন্দৰ্ভত ইডি আৰু চিবিআইৰ দুয়োটা গোচৰতে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু নেতা মনীষ ছি’ছোদিয়া জামিনত আছে ।

আপৰ দাবী কোনো অনুমতি জাৰি কৰা হোৱা নাই

আম আদমি পাৰ্টীয়ে এনে ধৰণৰ কোনো অনুমতি জাৰি কৰা হোৱা নাই বুলি দাবী কৰে আৰু ইডিয়ে ইয়াৰ এক প্ৰতিলিপি দেখুৱাব লাগে বুলিও দাবী কৰিছে ।

ছি’ছোদিয়াই এক্সৰ এটা পোষ্টত লিখিছে, "যদি লেফটেনেণ্ট গভৰ্ণৰ বিনয় ছাক্সেনাই অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে গোচৰ চলাবলৈ অনুমতি দিছে, তেন্তে ইডিয়ে সেই অনুমতিৰ প্ৰতিলিপি কিয় প্ৰদৰ্শন কৰা নাই ? এইটো স্পষ্ট যে এই বাতৰিটো মিছা আৰু বিভ্ৰান্তিকৰ । বাবা চাহেবৰ অপমানৰ বিষয়টোৰ পৰা মনোযোগ আঁতৰাবলৈ খালী প্ৰতিশ্ৰুতি দিয়া বন্ধ কৰক আৰু দেখুৱাওক যে ইডিক মোকৰ্দমা চলাবলৈ ক'ত অনুমোদন দিয়া হৈছে ?"

আপৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ আৰু দিল্লীৰ মন্ত্ৰী সৌৰভ ভৰদ্বাজেও এই প্ৰতিবেদন অস্বীকাৰ কৰিছে । তেওঁ এক্সত লিখিছে, "ইডিয়ে মিছা বাতৰি প্ৰচাৰ কৰি আছে, যদি এলজি ছাক্সেনাই কেজৰিৱালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অনুমতি দিছে তেন্তে প্ৰতিলিপিটো দেখুৱাওক ।"

একেধৰণৰ বিবৃতি আপৰ মুখ্য ৰাষ্ট্ৰীয় মুখপাত্ৰ প্ৰিয়ংকা কক্কৰেও শ্বেয়াৰ কৰিছে ।

ইডিক অতিৰিক্ত সময় প্ৰদান দিল্লী উচ্চ ন্যায়ালয়ৰ

ইফালে দিল্লী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে কেজৰিৱাল আৰু ছি’ছোদিয়াৰ দ্বাৰা দাখিল কৰা আবেদনৰ উত্তৰ দাখিল কৰিবলৈ ইডিক অতিৰিক্ত সময় প্ৰদান কৰে । আবেদনখনৰ জৰিয়তে দিল্লী আবকাৰী নীতিৰ ক্ষেত্ৰত অভিযোগনামা সন্দৰ্ভত আদালতৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা হৈছে ।

ন্যায়াধীশ মনোজ কুমাৰ ওহৰিৰ বিচাৰপীঠে বিষয়টোৰ শুনানি ৫ ফেব্ৰুৱাৰীত নিৰ্ধাৰণ কৰিছে । শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে কেজৰিৱাল আৰু ছি’ছোদিয়াৰ আবেদনৰ ওপৰত জাননী জাৰি কৰিছিল যিয়ে বিচাৰ আদালতৰ কথিত আবকাৰী নীতি কেলেংকাৰীত তেওঁলোকৰ বিৰুদ্ধে ইডিৰ অভিযোগনামাৰ ওপৰত গুৰুত্ব দিয়াৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছিল ।

অভিযোগসমূহ

ইডিৰ মতে আবকাৰী নীতি ইচ্ছাকৃতভাৱে আপ নেতাসকলক লাভান্বিত কৰিবলৈ আৰু কাৰ্টেল গঠনৰ বাবে ত্ৰুটিৰ সৈতে প্ৰস্তুত কৰা হৈছিল । ইডিয়ে আপৰ নেতাসকলক ক'ভিড-১৯ ব্যাঘাতৰ সময়ত ৰেহাই, অনুজ্ঞা পত্ৰ মাচুল ৰেহাই আৰু সকাহসহ অগ্ৰাধিকাৰমূলক ব্যৱহাৰৰ বিনিময়ত সুৰা ব্যৱসায়ৰ পৰা উৎকোচ লাভ কৰাৰ অভিযোগ উত্থাপন কৰে ।

ইডিয়ে আৰু অভিযোগ কৰে যে কেলেংকাৰীত ব্যক্তিগত প্ৰতিষ্ঠানসমূহক এক নিৰ্ধাৰিত ১২ শতাংশ মাৰ্জিনৰ সৈতে পাইকাৰী সুৰা বিতৰণ অধিকাৰ প্ৰদান কৰা জড়িত আছিল, যাৰ বিনিময়ত ৬ শতাংশ উৎকোচ আছিল । ইয়াৰ উপৰিও ২০২২ চনৰ আৰম্ভণিতে পাঞ্জাৱ আৰু গোৱাত নিৰ্বাচনৰ ফলাফল প্ৰভাৱিত কৰাৰ অভিযোগ আপৰ নেতাসকলৰ বিৰুদ্ধে আছিল ।

লগতে পঢ়ক :উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মদন লকুৰ ৰাষ্ট্ৰসংঘৰ আভ্যন্তৰীণ ন্যায় পৰিষদৰ অধ্যক্ষ নিযুক্ত - UN INTERNAL JUSTICE COUNCIL