উচ্চ ন্যায়ালয় পালে নতুন দিল্লী ষ্টেচনৰ পদপিষ্টৰ ঘটনা, ৰে'লৱেৰ পৰা উত্তৰ বিচাৰিলে আদালতে
নতুন দিল্লী ৰে'ল ষ্টেচনত হোৱা পদপিষ্টৰ ঘটনা সন্দৰ্ভত দাখিল কৰা এখন জনস্বাৰ্থ জড়িত আবেদনত ৰে'লৱেৰ পৰা উত্তৰ বিচাৰিছে দিল্লী হাইকোর্টে ।

Published : February 19, 2025 at 7:36 PM IST
নতুন দিল্লী : নতুন দিল্লী ৰে'ল ষ্টেচনত হোৱা পদপিষ্টৰ ঘটনা সন্দৰ্ভত ৰে'লৱেৰ পৰা উত্তৰ বিচাৰিছে দিল্লী উচ্চ ন্যায়ালয়ে । ১৮ জন লোকৰ মৃত্যু হোৱা দিল্লী ষ্টেচনৰ পদপিষ্টৰ ঘটনা সন্দৰ্ভত উচ্চ ন্যায়ালত দাখিল কৰা এক জনস্বাৰ্থ জড়িত আবেদনৰ পৰিপ্ৰেক্ষিতত হাইকোৰ্টে ৰে'লৱেৰ পৰা উত্তৰ বিচাৰিছে ।
মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায়ৰ নেতৃত্বাধীন বিচাৰপীঠে ষ্টেচনত অত্যাধিক যাত্ৰী আৰু প্লেটফৰ্ম টিকটৰ বিষয়ে তথ্য প্ৰদানৰ দাবী কৰা আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰি ৰে'লৱেক জাননী জাৰি কৰিছে । এই বিষয়টোৰ ওপৰত পৰৱৰ্তী শুনানি ২৬ মাৰ্চত অনুষ্ঠিত হ'ব ।
উচ্চ ন্যায়ালয়ে ৰে'লৱেক কয় যে আপোনালোকে অত্যাধিক যাত্ৰী আৰু প্লেটফৰ্ম টিকট বিক্ৰী নিৰ্ধাৰণ সন্দৰ্ভত বিবেচনা কৰক । আদালতে ৰে'লৱেক এনে ভিৰৰ সৈতে মোকাবিলা কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰিবলৈও নিৰ্দেশ দিয়ে । শুনানিৰ সময়ত ৰে'লৱেক প্ৰতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে ইয়াক এক প্ৰতিকূল ৰূপত ল'ব নোৱাৰি, নিয়মবোৰ মানিবলৈ ৰে'লৱে বাধ্য ।
শুনানিৰ সময়ত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে দুৰ্ঘটনাৰ দিনা অপ্রত্যাশিত পৰিস্থিতিৰ সৃষ্টি হৈছিল । তেওঁ আদালতক আশ্বাস দিয়ে যে আবেদনত উত্থাপন কৰা প্ৰশ্নসমূহৰ ওপৰত ৰে'লৱেয়ে উচ্চ স্তৰত বিবেচনা কৰিব । এই সন্দৰ্ভত আদালতে কয় যে এই আবেদন কেৱল সাম্প্ৰতিক ভিৰৰ সৈতে জড়িত নহয়, বৰং ৰে'লৱে কম্পাৰ্টমেণ্টৰ ভিতৰত যাত্ৰীসকলৰ অত্যধিক সংখ্যা আৰু প্লেটফৰ্ম টিকটৰ আইনগত ব্যৱস্থাৰ সৈতেও জড়িত । আদালতে কয় যে যদি আইনগত বিধানসমূহ প্ৰয়োগ কৰা গ'লহেঁতেন, তেনেহ'লে হয়তো নতুন দিল্লী ৰে'লৱে ষ্টেচনত এই পৰিস্থিতিৰ সৃষ্টি নহ'লহেঁতেন ।
উল্লেখ্য যে আবেদনখন আইনৰ ছাত্ৰৰ এটা দলে দাখিল কৰিছে । আবেদনকাৰীক প্ৰতিনিধিত্ব কৰা অধিবক্তা আদিত্য ত্ৰিবেদী আৰু শুভী পাষ্টাৰে কয় যে ৰে'ল প্ৰশাসনে ৰে'লৱে আইনৰ ধাৰা 57 আৰু 147ৰ উলংঘন কৰিছে । ধাৰা 57 ত কোৱা হৈছে যে ৰে'ল প্ৰশাসনে প্ৰতিটো ৰে'লৱে কম্পাৰ্টমেণ্টত যাত্ৰীসকলৰ সৰ্বাধিক সংখ্যা নিৰ্ধাৰণ কৰিব লাগিব । ধাৰা 147 ৰ অধীনত কোনো ব্যক্তিৰ হাতত যাত্ৰী টিকট নথকা অৱস্থাত প্লেটফৰ্ম টিকট উপলব্ধ কৰাৰ ব্যৱস্থা আছে । আবেদনখনত কোৱা হৈছে যে প্ৰয়াগৰাজৰ কুম্ভমেলাৰ বাবে ৰে'লৱে এই নিয়মবোৰ মানি চলিব লাগে, যাতে ভিৰ নিয়ন্ত্ৰণ কৰিব পৰা যায় ।

