ETV Bharat / bharat

বাসগৃহত নগদ ধন উদ্ধাৰৰ পিছত ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ ন্যায়িক দায়িত্ব প্ৰত্যাহাৰ

উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত দিল্লী উচ্চ ন্য়ায়ালয়ৰ মুখ্য ন্যায়াধীশৰ তদন্তৰ প্ৰতিবেদন ফটো আৰু ভিডিঅ'ৰ সৈতে আপলোড ।

Delhi High Court judge Yashwant Varma
দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মা (Delhi High Court Website)
author img

By ETV Bharat Assamese Team

Published : March 24, 2025 at 3:57 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বাসগৃহত বৃহৎ পৰিমাণৰ পোৰা নগদ ধন উদ্ধাৰ হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি অব্য়াহত আছে প্ৰতিক্ৰিয়া । এই ঘটনাৰ পিছতেই বিতৰ্কৰ মাজত সোমাই পৰা ন্যায়াধীশ যশৱন্ত বাৰ্মাক ন্যায়িক দায়িত্বসমূহৰ পৰা অব্য়াহতি দিয়া হৈছে । উচ্চ ন্যায়ালয়ৰ ৱেবছাইটত আপডেট কৰা মতে,পৰৱর্তী আদেশ নিদিয়া পৰ্যন্ত ন্যায়াধীশগৰাকীক ন্যায়িক কাৰ্যৰ পৰা বিৰত ৰখা হৈছে ।

এক অভূতপূৰ্ব পদক্ষেপত উচ্চতম ন্যায়ালয়ে ন্যায়াধীশ বাৰ্মাৰ বাসগৃহৰ পৰা যথেষ্ট পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰা অভিযোগ সন্দৰ্ভত যোৱা ২২ মাৰ্চত ইয়াৰ ৱেবছাইটত দিল্লীৰ উচ্চ ন্য়ায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায়ৰ তদন্ত প্ৰতিবেদন ফটো আৰু ভিডিঅ'ৰ সৈতে আপলোড কৰে ।

এই সিদ্ধান্তৰ পিছত সাম্প্ৰতিক ঘটনাৱলীৰ কাৰণ উল্লেখ কৰা হৈছে । উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই দিয়া আদেশৰ পাছত উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মা সাম্প্ৰতি এক গুৰুত্বপূর্ণ বিতৰ্কৰ মাজত সোমাই পৰিছে । উল্লেখ্য় যে যোৱা ১৪ মাৰ্চৰ হোলীৰ নিশা ন্যায়াধীশ বাৰ্মাৰ ঘৰত এক অগ্নিকাণ্ড সংঘটিত হৈছিল ৷ সেই জুই নুমুৱাবলৈ অগ্নি নিৰ্বাপক বাহিনীয়ে চলোৱা অভিযানৰ সময়ত ন্যায়াধীশ বাৰ্মাৰ ঘৰৰ এটা ষ্ট'ৰৰূমত উদ্ধাৰ কৰা হৈছিল বৃহৎ পৰিমাণৰ নগদ ধন ।

ইয়াৰ পিছতেই ন্যায়াধীশ যশৱন্ত বাৰ্মাই অভিযোগসমূহ প্ৰত্যাখ্যান কৰি কয় যে এয়া তেওঁ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে কৰা এক সচেতন ষড়যন্ত্ৰহে । ন্যায়াধীশ বাৰ্মাই ধন উদ্ধাৰ হোৱা অভিযোগক তীব্ৰ নিন্দা কৰে আৰু কয় যে তেওঁৰ বাসগৃহৰ ষ্ট'ৰৰূমত কেতিয়াও তেওঁৰ বা তেওঁৰ পৰিয়ালৰ কোনো সদস্যই কোনো নগদ ধন ৰখা নাছিল । ন্যায়াধীশ বাৰ্মাই পুনৰ কয় যে তেওঁৰ বাসগৃহৰ পৰা নগদ ধন উদ্ধাৰৰ অভিযোগ তেওঁক বদনাম কৰাৰ ষড়যন্ত্ৰ যেন সন্দেহ হৈছে ।

সমিতি গঠন কৰা হৈছে:

উল্লেখ্য় যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই শনিবাৰে চাৰিজনীয়া সদস্যৰ এখন সমিতি গঠন কৰিছে । এই তদন্ত সমিতিত পঞ্জাব আৰু হৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শীল নাগু, হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জি এছ সংধৱালিয়া আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ন্যায়াধীশ অনু শিৱৰামন অন্তর্ভুক্ত ।

লগতে পঢ়ক:টকাই টকা ওলাইছে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বাসগৃহত - JUSTICE VARMA CURRNECY RECOVERY ROW