নতুন দিল্লী/গাজিয়াবাদ: দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই লাভ কৰিছে মৃত্যুৰ ভাবুকি । অভিযুক্তই গাজিয়াবাদ আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি মুখ্যমন্ত্ৰীগৰাকীক হত্যাৰ ভাবুকি দিয়ে ।
বৰ্তমানলৈকে লাভ কৰা তথ্য অনুসৰি বৃহস্পতিবাৰে নিশা প্ৰায় ১১.৩০ বজাত ১১২ নম্বৰত ডায়েল কৰি এজন অচিনাক্ত লোকে গাজিয়াবাদ আৰক্ষীলৈ ফোন কৰে ৷ এই ফোনকলটোত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰা হয় । সম্প্ৰতি গাজিয়াবাদ আৰক্ষীয়ে এই সন্দৰ্ভত দিল্লী আৰক্ষীৰ সৈতে যোগাযোগ কৰি আৰম্ভ কৰিছে ঘটনাৰ প্ৰাথমিক তদন্ত ।
আৰক্ষীয়ে দাবী কৰা মতে, এই ধমকি প্ৰদান কৰাৰ পিছৰে পৰা অভিযুক্তৰ ম’বাইল ফোনটো বন্ধ হৈ আছে । আৰক্ষীয়ে অভিযুক্তৰ সন্ধান অব্যাহত ৰাখিছে ৷
গাজিয়াবাদ আৰক্ষীৰ ডি চি পি(চিটি) ধৱল জয়ছোৱালে ঘটনা সন্দৰ্ভত কয় যে অভিযুক্তৰ সন্ধানত আৰক্ষীৰ দল মোতায়েন কৰা হৈছে । নিৰাপত্তা সংস্থাসমূহো মুখ্যমন্ত্ৰীক প্ৰাণে মৰাৰ ধমকি পোৱাৰ পিছত সজাগ হৈ পৰিছে । ফোন কৰা ব্যক্তিজনৰ পৰিচয় আৰু ফোনকলটোৰ লোকেশ্যন জানিবলৈ চেষ্টা অব্যাহত আছে ।
‘‘বৃহস্পতিবাৰে নিশা প্ৰায় ১১.৩০ বজাত ডায়েল ১১২ ত এজন ব্যক্তিয়ে ফোন কৰি আমাক ভাবুকি দিছিল । বৰ্তমান আমাক ভাবুকি দিয়া ব্যক্তিজনৰ ম’বাইল ফোনটো বন্ধ হৈ আছে । অভিযুক্তৰ সন্ধান চলি আছে ৷’’ ধৱল জয়ছোৱাল নামৰ গাজিয়াবাদ আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে কয় ৷
ধাৰাবাহিকভাৱে লাভ কৰা ভাবুকিবোৰ
বিগত কেইবামাহো ধৰি আৰক্ষীলৈ অহা এনে ফোনকলে বেছ চৰ্চা লাভ কৰা দেখা গৈছে ৷ কেতিয়াবা দিল্লী-এন চি আৰত বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি আৰু কেতিয়াবা যাত্ৰীবাহী বিমানত বোমা বিস্ফোৰণৰ ভাবুকিও লাভ কৰিছে আৰক্ষীয়ে ৷
বৰ্তমান দিল্লী আৰক্ষীয়ে এই বিষয়ত তদন্ত অব্যাহত ৰাখিছে । ইয়াৰ লগতে তদন্তকাৰী সংস্থাসমূহে ফোন কৰাজনৰ স্থান আৰু উদ্দেশ্য জানিবলৈ চেষ্টা চলাই অনুসন্ধান অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: "I KILL YOU"- এইদৰে মৃত্যুৰ ভাবুকি আহিল টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰলৈ