নতুন দিল্লী : মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয়শাসিত ৰাজ্যখনৰ বাজেট দাখিল কৰে । বাজেটত এক লাখ কোটি টকা ব্যয় নিৰ্ধাৰণ কৰা হৈছে, যিটো পূৰ্বৰ বছৰৰ তুলনাত ৩১.৫ শতাংশ বৃদ্ধি ।
ইয়াক ‘‘ঐতিহাসিক বাজেট’’ বুলি অভিহিত কৰি বিত্ত বিভাগৰো দায়িত্ব বহন কৰি থকা ৰেখা গুপ্তাই কয়, ‘‘দুৰ্নীতি আৰু অদক্ষতাৰ যুগ শেষ হৈছে, চৰকাৰে মূলধন ব্যয় দুগুণ কৰি ২৮,০০০ কোটি টকা কৰিছে ।’’ এই বৰ্ধিত ব্যয় পথ, নৰ্দমা ব্যৱস্থা আৰু পানী যোগানকে ধৰি আন্তঃগাঁথনি উন্নয়নৰ দিশত ব্যৱহৃত হ'ব বুলি তেওঁ কয় ।
বাজেটত বিদ্যুৎ, পথ, পানী আৰু সংযোগকে ধৰি দহটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । দিল্লী চৰকাৰে দিল্লী-এন চি আৰৰ ভিতৰত উন্নত পৰিবহণ সংযোগৰ বাবে ১,০০০ কোটি টকা আৱণ্টন কৰিছে ।
আনহাতে, দিল্লী চৰকাৰে যমুনা পৰিষ্কাৰ কৰাৰ বাবে ৫০০ কোটি টকা আৱণ্টন কৰিছে । মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয়, "৪০ টা এছ টি পিৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে কেৱল শোধিত পানী নদীত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব ।"
ইয়াৰ উপৰি, চৰকাৰে পুৰণি নৰ্দমা লাইন সলনি কৰাৰ বাবে মেৰামতি, এছ টি পি উন্নীতকৰণৰ বাবে ৫০০ কোটি টকা আৰু ২৫০ কোটি টকা আৱণ্টন কৰা বুলি ৰেখা গুপ্তাই ঘোষণা কৰে । তদুপৰি, চৰকাৰে বিশুদ্ধ খোৱাপানী আৰু অনাময় ব্যৱস্থাৰ বাবে ৯,০০০ কোটি টকা আৱণ্টন কৰা বুলি তেওঁ কয় ।
এক কল্যাণমূলক পদক্ষেপত যোগ্য মহিলাসকলক প্ৰতিমাহে 2,500 টকা প্ৰদান কৰিবলৈ 5,100 কোটি টকা ধাৰ্য কৰা হৈছে । ইয়াৰ উপৰি ৰাজধানীত স্বাস্থ্যসেৱা শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ বাবে ২,১৪৪ কোটি টকা আৱণ্টন কৰা হৈছে।
স্বাস্থ্যসেৱা খণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰী গুপ্তাই কয় যে চৰকাৰে স্বাস্থ্য খণ্ডৰ বাবে ৬,৮৭৪ কোটি টকা আৱণ্টন কৰিছে আৰু স্বাস্থ্য, সুস্থতা কেন্দ্ৰ স্থাপন কৰিব আৰু ‘‘আয়ুষ্মান আৰোগ্য মন্দিৰ’’ সম্প্ৰসাৰিত কৰিব ।
শিক্ষা খণ্ডৰ ক্ষেত্ৰত চৰকাৰে দিল্লীত ‘‘চি এম শ্ৰী বিদ্যালয়’’ খুলিব । মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই ২০২৬ বিত্তীয় বৰ্ষৰ বাজেটত ১০০ কোটি টকা আৱণ্টন কৰাৰ কথা ঘোষণা কৰিছিল ।
ইয়াৰ উপৰি দিল্লী চৰকাৰে দশম শ্ৰেণী উত্তীৰ্ণ হোৱা ১,২০০ শিক্ষাৰ্থীক বিনামূলীয়া লেপটপ প্ৰদান কৰিব । ইয়াৰ বাবে বাজেটত ২০২৬ বিত্তীয় বৰ্ষৰ বাবে ৭৫০ কোটি টকা আৱণ্টন কৰা বুলি মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয় । তেওঁ লগতে "ট্ৰেডাৰ্ছ ৱেলফেয়াৰ ব'ৰ্ড" গঠনৰ কথা ঘোষণা কৰি কয় যে প্ৰতি দুবছৰত ‘‘বিশ্ব বিনিয়োগ সন্মিলন’’ অনুষ্ঠিত হ'ব ।
"আমাৰ চৰকাৰে এক নতুন ঔদ্যোগিক নীতি প্ৰস্তুত কৰিব ।" দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয় । "চৰকাৰে দিল্লীক এক বিনিয়োগ আৰু উদ্ভাৱন-অনুকূল চহৰ হিচাপে গঢ়ি তুলিব ।" তেওঁ কয় ।
উল্লেখ্য যে, শেহতীয়া বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীৰ (আপ) বিৰুদ্ধে দলৰ বিজয়ৰ পিছত ২৬ বছৰত দিল্লীত বিজেপি নেতৃত্বাধীন চৰকাৰে এইখন প্ৰথম বাজেট উপস্থাপন কৰে ।