দিল্লী নিৰ্বাচনৰ ফলাফল LIVE : দিল্লী বিধানসভাত নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জন বিজেপিৰ: পৰৱেশ বাৰ্মা বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰধান মুখ

Published : February 8, 2025 at 9:48 AM IST
|Updated : February 8, 2025 at 5:36 PM IST
আন এক বিজয়ৰ ধাৰাৰ বাবে আপৰ আকাংক্ষাক পুলিয়ে-পোখাই উভালি ২৭ বছৰ পিছত বিজেপিয়ে দিল্লীত পুনৰ ক্ষমতালৈ উভতি আহিবলৈ সাজু হৈছে । ১৯৯৩ চনত অন্তিমবাৰৰ বাবে ৰাজধানী ৰাজ্যখনত জয়লাভ কৰাৰ পিছত বিজেপিয়ে দিল্লীৰ ৰাজনীতিৰ জয়ৰ দীঘলীয়া খৰাঙৰ অৱসান ঘটাবলৈ আগবাঢ়িছে । আনহাতে, ২০১৩ চনত ক্ষমতালৈ অহাৰ পিছত বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে পৰাজয়ৰ পথত আছে আপ ।
প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল, প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়া, প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন, সৌৰভ ভৰদ্বাজ বিজেপিৰ ধুমুহাত শিপা উভালি পৰা শীৰ্ষ নেতাসকলৰ ভিতৰত অন্যতম ।
ইফালে ১৯৯৮ চনৰ পৰা ২০১৩ চনলৈ দিল্লীত এসময়ত প্ৰভাৱ বিস্তাৰ কৰা কংগ্ৰেছে পুনৰবাৰ মুখ থেকেচা খাইছে । কিয়নো দলটোৱে বিগত দুটা নিৰ্বাচনত ৰাজ্যখনত এখনো আসন লাভ কৰাত ব্যৰ্থ হৈছে ।
উল্লেখ্য যে, ১.৫৫ কোটি যোগ্য ভোটাৰৰ ভিতৰত দিল্লীত ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত নিৰ্বাচনত ৬০.৫৪ শতাংশই ভোটদান কৰিছিল । আনহাতে, প্ৰতিটো ভোটগণনা কেন্দ্ৰতে অৰ্ধসামৰিক বাহিনীৰ দুটা কোম্পানীকে ধৰি ১০,০০০ আৰক্ষী জোৱানেৰে তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপে ২০১৫ চনৰ পৰা দিল্লীৰ ৰাজনৈতিক মানচিত্ৰত আধিপত্য বিস্তাৰ কৰি আহিছে । সেই বছৰ অনুষ্ঠিত বিধানসভা নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছ দুয়োকে ধৰাশায়ী কৰি ৭০ খন আসনৰ ভিতৰত ৬৭ খন আসন দখল কৰিছিল ।
নিৰ্বাচনৰ ফলাফলৰ বিতং বিৱৰণৰ বাবে ক্লিক কৰক : https://www.etvbharat.com/hi/delhi/!delhi-assembly-election-results-2025-live
LIVE FEED
একক সংখ্যাগৰিষ্ঠতা লাভ বিজেপিৰ : 70 খন আসনৰ ভিতৰত এই পৰ্যন্ত 40 খনত জয়লাভ
ভাৰতীয় জনতা পাৰ্টীয়ে দিল্লীত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে । ভাৰতৰ নিৰ্বাচন আয়োগে এই কথা প্ৰকাশ কৰিছে । জে পি নাড্ডা নেতৃত্বাধীন গেৰুৱা দলটোৱে মুঠ ৭০ খন আসনৰ ভিতৰত এই পৰ্যন্ত ৪০ খন আসন লাভ কৰিছে । যাৰ বাবে বিজেপিক দিল্লী বিধানসভা নিৰ্বাচনত আনুষ্ঠানিকভাৱে বিজয়ী ঘোষণা কৰা হৈছে । নতুন দিল্লী বিধানসভা সমষ্টিত আপ প্ৰধান অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰি জয়লাভ কৰা বিজেপিৰ পৰৱেশ বাৰ্মা দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ দৌৰত আগত আছে ।
কেজৰিৱাল পুনৰ ক্ষমতালৈ আহিব নোৱাৰে : মনোজ তিৱাৰী
বিজেপি সাংসদ মনোজ তিৱাৰীয়ে দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত মন্তব্য আগবঢ়াইছে । তেওঁ কয়, দিল্লী প্ৰদেশৰ সভাপতি বীৰেন্দ্ৰ সচদেৱৰ হাতত শক্তি আছে । ইয়াৰ বাবে আমি গৌৰৱান্বিত । সকলো কৰ্মকৰ্তাক ধন্যবাদ । আমি সকলোৱে মিলি প্ৰধানমন্ত্ৰী মোদীৰ গেৰাণ্টিৰ বাবে ধন্যবাদ জনাইছোঁ । এতিয়া অৰবিন্দ কেজৰিৱাল আৰু ক্ষমতালৈ পুনৰ কেতিয়াও আহিব নোৱাৰে ।"
৪,০৮৯ টা ভোটত পৰাস্ত কেজৰিৱাল, নিৰ্বাচন আয়োগৰ ঘোষণা
আম আদমী পাৰ্টী চমুকৈ আপৰ মুৰব্বী তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল নিৰ্বাচনত পৰাস্ত হৈছে । নতুন দিল্লী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী পৰৱেশ বাৰ্মাৰ হাতত পৰাস্ত হয় কেজৰিৱাল । নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি প্ৰৱেশে ৪,০৮৯ টা ভোটত কেজৰিৱালক পৰাস্ত কৰে ।
সাংসদ বাঁসুৰী স্বৰাজৰ অভিনন্দন
বিজেপি সাংসদ বাঁসুৰী স্বৰাজে দিল্লীত ক্ষমতা দখলৰ পিছত দলীয় প্ৰাৰ্থী তথা কৰ্মকৰ্তাসকলক অভিনন্দন জনাই কয়, "মই দিল্লীৰ ভোটাৰসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো । এইটো প্ৰধানমন্ত্ৰী মোদীৰ গেৰাণ্টিৰ নিৰ্বাচন আছিল । দিল্লীৰ জনসাধাৰণে প্ৰধানমন্ত্ৰী মোদী আৰু তেওঁৰ উন্নয়ন নীতিৰ ওপৰত বিশ্বাস প্ৰকাশ কৰিছে । সকলো বিজয়ী প্ৰাৰ্থীক অভিনন্দন ।"
বিজেপিৰ কাৰ্যালয়ৰ বাহিৰত বিজয় উৎসৱ
২৭ বছৰ পিছত দিল্লীত চৰকাৰ গঠনৰ দুৱাৰদলিত বিজেপি । বিজেপিৰ এই অভূতপূৰ্ব উত্থাপনত এতিয়া বিজয় উৎসৱ উদযাপন কৰিছে বিজেপি নেতা-কৰ্মীসকলে ৷ দিল্লীত দলীয় কাৰ্যালয়ৰ বাহিৰত বিজেপিৰ নেতা-কৰ্মীসকলে বিজয় উৎসৱত অংশগ্ৰহণ কৰে ।
মোৰ পৰাজয়ৰ বাবে ময়েই দায়বদ্ধ : কংগ্ৰেছ প্ৰাৰ্থী সন্দীপ দীক্ষিত
দিল্লীৰ প্ৰাক্তন মুৰব্বী শীলা দীক্ষিতৰ পুত্ৰ তথা কংগ্ৰেছ নেতা সন্দীপ দীক্ষিতে নতুন দিল্লী বিধানসভা সমষ্টিত নিজৰ পৰাজয় স্বীকাৰ কৰিছে । তেওঁ কয় যে তেওঁৰ পৰাজয়ৰ বাবে একমাত্ৰ তেৱেঁই দায়বদ্ধ । X-ৰ ওপৰত এটা পোষ্টত সন্দীপ দীক্ষিতে কয়, "নতুন দিল্লী সমষ্টিৰ পৰা এই অপমানজনক পৰাজয়ৰ বাবে মই, আৰু কেৱল মই ব্যক্তিগতভাৱে দায়ী । দিল্লীৰ ভোটাৰে পৰিৱৰ্তন বিচাৰিছিল, আৰু মই এই অনুভৱ বুজাত ব্যৰ্থ হৈছিলোঁ । এই নিৰ্বাচনত দিনে-ৰাতি কাম কৰা সকলো কৰ্মী আৰু স্বেচ্ছাসেৱকক মই হৃদয়েৰে ধন্যবাদ জনাইছোঁ । যিসকলে আজিও কংগ্ৰেছক ভোট দিছে তেওঁলোকৰ প্ৰতিও মই অত্যন্ত কৃতজ্ঞ । যদিও মই বহুত ভোট পোৱা নাই, নিৰ্বাচনৰ সময়ত তেওঁলোকে মোক দিয়া মৰম আৰু সন্মানৰ বাবে মই নতুন দিল্লীৰ জনসাধাৰণৰ ওচৰত বিশেষভাৱে কৃতজ্ঞ ।"
ঐতিহাসিক জয়ৰ বাবে প্ৰধানমন্ত্ৰী মোদীক কৃতিত্ব প্ৰদান বিজেপি সাংসদ অনুৰাগ ঠাকুৰৰ
বিজেপিৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিৰ ঐতিহাসিক জয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতিত্ব প্ৰদান কৰে । উল্লেখ্য যে গেৰুৱা দলটোৱে ৰাষ্ট্ৰীয় ৰাজধানীত ২৭ বছৰৰ পিছত ক্ষমতালৈ উভতি আহিছে ।
X-ৰ ওপৰত এটা পোষ্টত লোকসভাৰ সাংসদ অনুৰাগ ঠাকুৰে কয়, "আৰু... দিল্লী আপমুক্ত হ'ল । দিল্লী বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ এই বিশাল বিজয়ৰ বাবে দিল্লীৰ জনসাধাৰণলৈ আন্তৰিক কৃতজ্ঞতা । দিল্লীক দুৰ্নীতিমুক্ত, বিকশিত আৰু পৰিষ্কাৰ কৰাৰ প্ৰতিশ্ৰুতিৰ বাবে দিল্লীবাসীয়ে বিজেপিক এক বৃহৎ জনাদেশ প্ৰদান কৰিছে । দিল্লীত এই বিজয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ সক্ষম নেতৃত্ব, সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহজীৰ ব্যৱস্থাপনা দক্ষতা, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি মাননীয় জে পি নাড্ডাজীৰ সাংগঠনিক দক্ষতা, বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱজী আৰু বিজেপিৰ সমৰ্পিত কৰ্মীসকলৰ নিৰন্তৰ কঠোৰ পৰিশ্ৰমৰ প্ৰমাণ । এই ঐতিহাসিক বিজয়ৰ বাবে মই বিজেপিৰ সকলো কৰ্মীক অভিনন্দন জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ ।"
বিজেপিৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব : আতিশী মাৰ্লেনা
নিৰ্বাচনত জয়লাভৰ পিছত কালকাজীৰ আপ প্ৰাৰ্থী আতিশী মাৰ্লেনাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত আতিশীৰ মন্তব্য, "মই কালকাজী বিধানসভাৰ জনসাধাৰণক ধন্যবাদ জনাব বিচাৰো, যিসকলে মোৰ ওপৰত বিশ্বাস প্ৰদৰ্শন কৰিছে । সমগ্ৰ দলটোকো মই ধন্যবাদ দিব বিচাৰো । আমি দিল্লীবাসীৰ জনাদেশক স্বীকাৰ কৰিছো । বিজেপিৰ বিৰুদ্ধে, তেওঁলোকৰ একনায়কত্ব আৰু গুণ্ডামিৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব । আপে সদায় অন্যায়ৰ বিৰুদ্ধে যুঁজ দি আহিছে আৰু এই যুঁজ অব্যাহত ৰাখিব ।"
উন্নয়নৰ জয় : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
দিল্লীত অভূতপূৰ্ব বিজয়ৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । মোদীয়ে কয় যে ২৭ বছৰৰ ব্যৱধানৰ অন্তত দিল্লীত বিজেপি শাসনলৈ অহাৰ পিছত তেওঁ সুখ আৰু সন্মানিত অনুভৱ কৰিছে । X-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "জনশক্তিয়ে হৈছে সৰ্বোচ্চ শক্তি ! এয়া উন্নয়নৰ জয়, সুশাসনৰ জয় । বিজেপিক প্ৰদান কৰা এই সুন্দৰ আৰু ঐতিহাসিক জনাদেশৰ বাবে মই দিল্লীৰ মোৰ মৰমৰ ভগ্নী-ভাতৃসকলক প্ৰণাম জনাইছোঁ । এই আশীৰ্বাদ লাভ কৰি আমি সুখী আৰু সন্মানিত । এইটো আমাৰ নিশ্চয়তা যে আমি দিল্লীৰ উন্নয়নৰ ক্ষেত্ৰত কৰ্তব্যত কোনো ধৰণৰ ত্ৰুটি নকৰোঁ । জনসাধাৰণৰ জীৱন ধাৰণৰ সামগ্ৰিক মান উন্নত কৰিম আৰু এইটো নিশ্চিত কৰিম যে বিকশিত ভাৰত গঢ়ি তোলাত দিল্লীৰ মুখ্য ভূমিকা থাকে ।"
"মই প্ৰতিগৰাকী বিজেপি কৰ্মীক লৈ গৌৰৱান্বিত, যিয়ে যথেষ্ট কঠোৰ পৰিশ্ৰম কৰিছে, যাৰ ফলত এই অভূতপূৰ্ব ফলাফল লাভ কৰাটো সম্ভৱ হৈছে । আমি আৰু অধিক গতিৰে কাম কৰিম আৰু দিল্লীৰ প্ৰিয় জনসাধাৰণক সেৱা আগবঢ়াম ।" প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় ।
উল্লেখ্য যে প্ৰধানমন্ত্ৰীয়ে শনিবাৰে সন্ধিয়া ৰাষ্ট্ৰীয় ৰাজধানীত গেৰুৱা দলটোৰ মুখ্য কাৰ্যালয়ত বিজেপি কৰ্মীসকলক সম্বোধন কৰিব ।
পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ: বিজেপিক অভিনন্দন কেজৰিৱালৰ
দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। ইয়াৰ লগে লগে আপ প্ৰধান তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিছে । ৭০ খন আসনৰ দিল্লী বিধানসভাত বিজেপিয়ে ৪৯ খন আসনত আগবাঢ়ি আছে বা দখল কৰিছে । আনহাতে, আপে নিজৰ দখললৈ মাত্ৰ ২১ খন আসনহে নিবলৈ সক্ষম হৈছে । ইয়াৰ বিপৰীতে কংগ্ৰেছে ৰাষ্ট্ৰীয় ৰাজধানীত পুনৰ খালী হাতে উভতিবলগা হৈছে ।
ইফালে নিৰ্বাচনৰ ফলাফলৰ স্পষ্ট ছবিখন সন্মুখলৈ অহাৰ পিছত এক X পোষ্টত কেজৰিৱালে কয়, "আমি জনসাধাৰণৰ ৰায়ক সন্মান আৰু স্বীকাৰ কৰোঁ । এই বিজয়ৰ বাবে মই বিজেপিক অভিনন্দন জনাইছোঁ । লগতে মই আশাকৰো যে জনসাধাৰণে তেওঁলোকক যি উদ্দেশ্যৰে ভোট দিছে সেইবোৰ তেওঁলোকে পূৰণ কৰিব । আমি বিগত 10 বছৰত পানী, বিদ্যুৎ আৰু আন্তঃগাঁথনি খণ্ডত যথেষ্ট কাম কৰিছোঁ । আমি কেৱল গঠনমূলক বিৰোধীৰ ভূমিকায়ে নহয়, সমাজৰ সেৱাতো জড়িত হৈ থাকিম । লগতে ব্যক্তিগতভাৱে ৰাইজৰ সমস্যা সমাধানত সহায় কৰিম । আমি ক্ষমতাৰ বাবে ৰাজনীতিলৈ অহা নাই, আমি জনসাধাৰণৰ সেৱা কৰিবলৈ ৰাজনীতিত আছোঁ । মই আপৰ সকলো কৰ্মীক ধন্যবাদ দিব বিচাৰোঁ । তেওঁলোকে সাহসিকতাৰে যুঁজ দিছিল ।"
দিল্লীত এতিয়া ডাবল ইঞ্জিনৰ চৰকাৰ চলিব : হৰিশ খুৰানা
মতিনগৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী হৰিশ খুৰানাই কয়, "মই দিল্লীৰ জনসাধাৰণ, মোৰ মতিনগৰ পৰিয়াল, প্ৰধানমন্ত্ৰী মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো । এই জয় ৰাইজৰ জয় । ৰাইজে এইটো স্পষ্ট কৰি দিছে যে মিছাৰ ৰাজনীতিয়ে কাম নকৰে । এতিয়া দিল্লীত এখন ডাবল ইঞ্জিনৰ চৰকাৰ চলিব ।"
ৰাইজৰ সেৱা অব্যাহত ৰাখিম : অৰবিন্দ কেজৰিৱাল
নিৰ্বাচনত দল তথা নিজেও শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ কয়, "আমি অতি বিনম্ৰতাৰে জনসাধাৰণৰ আদেশ গ্ৰহণ কৰিছো । মই এই বিজয়ৰ বাবে বিজেপিক অভিনন্দন জনাইছো আৰু আশাকৰো যে জনসাধাৰণে তেওঁলোকক যি উদ্দেশ্যৰে ভোট দিছে সেই সকলো প্ৰতিশ্ৰুতি যেন পূৰণ কৰে । আমি বিগত 10 বছৰত স্বাস্থ্য, শিক্ষা আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিছো । আমি কেৱল গঠনমূলক বিৰোধীৰ ভূমিকা পালন কৰায়ে নহয়, জনসাধাৰণৰ মাজত থাকিম আৰু তেওঁলোকৰ সেৱা অব্যাহত ৰাখিম ।"
দিল্লী এতিয়া এক আদৰ্শ ৰাজধানী হৈ পৰিব : অমিত শ্বাহ
দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । তেওঁ X পোষ্টত লিখিছে, "দিল্লীবাসীয়ে দেখুৱাইছে যে মিছা প্ৰতিশ্ৰুতিৰ পুনৰাবৃত্তিৰে ৰাইজক বিপথে পৰিচালিত কৰিব নোৱাৰি । ৰাইজে লেতেৰা যমুনা, অপৰিষ্কাৰ খোৱাপানী, ভঙা ৰাস্তা, উপচি পৰা নৰ্দমা আৰু প্ৰতিটো গলিতে খোলা সুৰাৰ দোকানবোৰৰ সঁহাৰি ভোটৰ দ্বাৰা দিছে । দিল্লীত এই বিশাল বিজয়ৰ বাবে দিনে-ৰাতি কাম কৰা সকলো কৰ্মী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাজী আৰু ৰাজ্যিক সভাপতি বীৰেন্দ সচদেৱজীক মই হৃদয়েৰে অভিনন্দন জনাইছো । এয়া মহিলাৰ প্ৰতি সন্মান হওক, অনুমোদন নথকা কল'নীবাসীৰ আত্মসন্মান হওক বা স্বনিয়োজনৰ অপৰিসীম সম্ভাৱনাই হওক, দিল্লী এতিয়া মোদীজীৰ নেতৃত্বত এক আদৰ্শ ৰাজধানী হৈ পৰিব ।"
আপৰ দুৰ্গ বিজেপিৰ দখলত, ৰণত পৰিল ৰথী-মহাৰথী
এগজিট প'লৰ পূৰ্বানুমান সত্য প্ৰমাণিত কৰি বিজেপিয়ে ২৭ বছৰ পিছত দিল্লী দখল কৰিবলৈ ওলাইছে । অৱশ্যে প্ৰায়বোৰ এগজিট প'লে বিজেপিৰ দিল্লী দখলৰ পূৰ্বানুমান কৰিছিল যদিও আপৰ ইমান বৃহৎ পৰাজয় যেন কোনেও আশা কৰা নাছিল । বিশেষকৈ দলটোৰ শীৰ্ষ নেতাসকলৰ পৰাজয়ে আপৰ অস্তিত্ব সন্দৰ্ভত প্ৰশ্নৰ সৃষ্টি কৰিছে ।
কিয়নো আপৰ প্ৰধান পাঁচখন মুখৰ ভিতৰত চাৰিখনেই এইবাৰ নিৰ্বাচনত মুখ থেকেচা খাইছে । প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৱালে নতুন দিল্লী সমষ্টিত পৰাজয়বৰণ কৰিবলগা হৈছে । ইয়াৰ উপৰি প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়া, প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন আৰু সৌৰভ ভৰদ্বাজেও পৰাজয় স্বীকাৰ কৰিবলগা হৈছে । নিশ্চিতভাৱে এইসকল নেতাৰ পৰাজয় দলটোৰ বাবে এক মোক্ষম আঘাত ।
সৌৰভ ভৰদ্বাজো পৰাস্ত
বিজেপিৰ শিখা ৰায়ে বৃহত্তৰ কৈলাস সমষ্টিত আপৰ সৌৰভ ভৰদ্বাজক পৰাস্ত কৰে ।
বিজেপিৰ পৰৱেশ বাৰ্মাৰ হাতত পৰাস্ত কেজৰিৱাল
নতুন দিল্লী বিধানসভা সমষ্টিত বিজেপিৰ পৰৱেশ বাৰ্মাই আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰে । মনীষ ছিছোডিয়া, সত্যেন্দ্ৰ জৈনৰ পিছত কেজৰিৱালৰ পৰাজয় দলটোৰ বাবে এক ডাঙৰ আঘাত ।
কেজৰিৱাল পৰাস্ত, আতিশীৰ জয়লাভ
দিল্লীৰ শাসকীয় দলৰ বাবে এক মোক্ষম আঘাত । আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল নতুন দিল্লী সমষ্টিৰ পৰা পৰাস্ত হৈছে ।
কালকাজীৰ পৰা আতিশীৰ জয়লাভ :
আনহাতে, আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেত্ৰী তথা দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনা কালকাজী সমষ্টিৰ পৰা বিজয়ী হৈছে ।
কালকাজী সমষ্টিত বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ সৈতে তিনিকোণীয়া যুঁজ হৈছিল । ভাৰতীয় জনতা পাৰ্টীৰ ৰমেশ বিধুৰী আৰু কংগ্ৰেছৰ অলকা লাম্বা আন দুগৰাকী মুখ্য প্ৰাৰ্থী আছিল । বিধুৰী এগৰাকী প্ৰাক্তন সাংসদ তথা অধিবক্তা । আনহাতে অলকা লাম্বাই সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ নেতৃত্ব দি আছে ।
সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো : ৰবিন্দ্ৰ সিং নেগী
পাটপাৰগঞ্জ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰবীন্দ্ৰ সিং নেগীয়ে কয়, "প্ৰধানমন্ত্ৰী মোদীক সন্মুখত ৰাখি আমি দিল্লী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো মোৰ বাবে এক সন্মানৰ বিষয় । এয়া তেওঁৰ আশীৰ্বাদ আছিল । তেওঁ আম আদমী পাৰ্টীক এক দুৰ্যোগ বুলি উল্লেখ কৰিছিল । তেওঁ কৈছিল দুৰ্যোগ আঁতৰাওক, দিল্লীক বচাওক । মানুহে ইয়াক গ্ৰহণো কৰে । শীৰ্ষ নেতৃত্বৰ নেতৃত্বত আমি বিজয় অৰ্জন কৰিছো, মই সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো ।"
সত্যেন্দ্ৰ জৈন পৰাস্ত
বিজেপিৰ কৰ্ণেল সিঙৰ হাতত পৰাস্ত আপৰ আন এগৰাকী শীৰ্ষ নেতা সত্যেন্দ্ৰ জৈন । শাকুৰবস্তি সমষ্টিত তেওঁ পৰাস্ত হয় ।
বিজয়ী প্ৰাৰ্থীগৰাকীক অভিনন্দন জনাইছো : মনীষ ছিছোডিয়া
জংপুৰা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী মনীষ ছিছোডিয়াই নিজৰ পৰাজয় স্বীকাৰ কৰি কয়, "দলৰ কৰ্মীসকলে ভালদৰে যুঁজিছিল, আমি সকলোৱে কঠোৰ পৰিশ্ৰম কৰিছিলো । জনসাধাৰণেও আমাক সমৰ্থন কৰিছিল । কিন্তু মই 600 টা ভোটত পৰাস্ত হ'লো । মই বিজয়ী প্ৰাৰ্থীগৰাকীক অভিনন্দন জনাইছো । মই আশা কৰিম যে তেওঁ সমষ্টিটোৰ বাবে কাম কৰিব ।"
জনতাই যি কয় সেয়াই গ্ৰহণ কৰা হ'ব : সন্দীপ দীক্ষিত
নতুন দিল্লী বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সন্দীপ দীক্ষিতে কয়, "বৰ্তমান এনে দেখা গৈছে যে তেওঁলোকৰ (বিজেপিৰ) চৰকাৰ গঠন হ'বলৈ গৈ আছে । ৬-৭ ৰাউণ্ডৰ পিছত পৰিস্থিতি স্পষ্ট হৈ পৰে । এয়া হৈছে জনসাধাৰণৰ সিদ্ধান্ত; আমি কেৱল ক'ব পাৰো যে আমি বিষয়বোৰ উত্থাপন কৰিছিলো আৰু বহু ক্ষেত্ৰত আমি উত্থাপন কৰা বিষয়বোৰৰ ওপৰত ভিত্তি কৰি নিৰ্বাচন হৈছিল । কিন্তু পৰিশেষত ৰাইজে যি কয় সেয়াই গ্ৰহণ কৰা হ'ব ।"
মনীষ ছিছোডিয়া পৰাস্ত
বিজেপিৰ তৰবিন্দৰ সিং মাৰৱাহে মনীষ ছিছোডিয়াক পৰাস্ত কৰি জংপুৰা সমষ্টিৰ পৰা জয়লাভ কৰে ।
এয়া কালকাজীৰ জনসাধাৰণৰ অগ্ৰগতি : ৰমেশ বিধুৰী
কালকাজী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰমেশ বিধুৰীয়ে কয়, "এয়া ৰমেশ বিধুৰীৰ নহয়, কালকাজীৰ জনসাধাৰণৰ অগ্ৰগতি । পি ডব্লিউ ডি মন্ত্ৰী তথা মুখ্যমন্ত্ৰী হৈ থকা সময়ত আতিশীয়ে একো কৰা নাছিল । তেওঁলোকৰ (আম আদমি পাৰ্টী) চিন্তাধাৰা ভাৰতবিৰোধী । দলে মোক তিনিবাৰ বিধায়ক, দুবাৰ সাংসদ কৰিছে । দলে মোক ইয়াতকৈ ডাঙৰ দায়িত্ব কি দিব পাৰে ? দেশত 145 কোটি লোক আছে, যাৰ ভিতৰত 10,000 ৰাজনীতিত আছে । দলে মোক তেওঁলোকৰ মাজৰ এজন হিচাপে দায়িত্ব দিছে । ইয়াতকৈ ডাঙৰ দায়িত্ব কি হ'ব পাৰে ?"
লাইভ আপডেট
- বিজেপিৰ দুখন আসনত জয়লাভ
- পাটপাৰগঞ্জ বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ ৰবীন্দ্ৰ সিঙৰ জয়লাভ
- লক্ষ্মী নগৰ বিধানসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী অভয় বাৰ্মাৰ জয়লাভ
- আপৰ এখন আসনত জয়লাভ
- কৌণ্ডলী বিধানসভা সমষ্টিৰ পৰা আপ প্ৰাৰ্থী কুলদীপ কুমাৰ বিজয়ী
লাইভ আপডেট
- চতুৰ্থ পৰ্যায়ৰ গণনাৰ পিছত বাৱানা বিধানসভা সমষ্টিৰ পৰা ৰবীন্দ্ৰ ইন্দ্ৰজ সিং ১৪,৪২০ টা ভোটত আগবাঢ়ি আছে
- চতুৰ্থ ৰাউণ্ডত শালিমাৰ বাগ বিধানসভা সমষ্টিৰ পৰা ৰেখা গুপ্তা ১২,৬৬০ টা ভোটত আগবাঢ়ি আছে
- পঞ্চম পৰ্যায়ৰ গণনাৰ পিছত ত্ৰিনগৰ বিধানসভা সমষ্টিত তিলক ৰাম গুপ্তা ১১,৭৭৮ টা ভোটত আগবাঢ়ি আছে
- তৃতীয় ৰাউণ্ডত মুস্তাফাবাদ বিধানসভা সমষ্টিত মোহন সিং বিষ্ট ১৬,১৮১ টা ভোটত আগবাঢ়ি আছে
- তৃতীয় ৰাউণ্ডত কাৰাৱাল নগৰ বিধানসভা সমষ্টিত কপিল মিশ্ৰ ৮,৬০৩ টা ভোটত আগবাঢ়ি আছে
- সপ্তম ৰাউণ্ডত বিশ্বাস নগৰ বিধানসভা সমষ্টিত ওম প্ৰকাশ শৰ্মা ৮,৪৪৪ টা ভোটত আগবাঢ়ি আছে
- চতুৰ্থ ৰাউণ্ডত নজফগড় বিধানসভা সমষ্টিত নীলম পেহালৱান ৮,০২৩ টা ভোটত আগবাঢ়ি আছে
- তৃতীয় ৰাউণ্ডত পাটপাৰগঞ্জ বিধানসভা সমষ্টিত ৰবীন্দ্ৰ সিং নেগী ৭,২২৯ টা ভোটত আগবাঢ়ি আছে
মানুহে কিমান দিন তেওঁলোকৰ মিছা কথা সহ্য কৰিব : ৰমেশ বিধুৰী
কালকাজী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰমেশ বিধুৰীয়ে কয়, "আম আদমি পাৰ্টী পিছপৰি থকাৰ কাৰণ হৈছে তেওঁলোকৰ ১০ বছৰৰ প্ৰতিষ্ঠানবিৰোধী ঢৌ । তেওঁলোকে আৰম্ভণিৰ পৰা শেষলৈকে মিছা কৈছে, তেওঁলোকে একো কৰা নাই । এওঁলোকৰ পৰা মানুহ অতিষ্ঠ হৈ পৰিছে । দিল্লীৰ জনসাধাৰণে তেওঁলোকক দুটা সুযোগ দিলে । কিন্তু এতিয়া তেওঁলোকৰ মুখা খোল খাইছে । মানুহে কিমান দিনলৈ তেওঁলোকৰ মিছা কথা সহ্য কৰি থাকিব । সেয়ে এতিয়া মানুহে তেওঁলোকক প্ৰত্যাখ্যান কৰিছে ।"
লাইভ আপডেট
- নতুন দিল্লী সমষ্টিত অৰবিন্দ কেজৰিৱাল ৩৪৩ টা ভোটত আগবাঢ়ি আছে
- কালকাজীত বিজেপিৰ ৰমেশ বিধুৰী আগবাঢ়ি আছে
- গ্ৰেটাৰ কৈলাশত বিজেপিৰ শিখা ৰায় আগবাঢ়ি আছে
- পেটেল নগৰত আপৰ প্ৰবেশ ৰতন ৫৫৯ টা ভোটত আগবাঢ়ি আছে
- পাটপাৰগঞ্জত ৰবীন্দ্ৰ সিং নেগী ৫৫৯৬ টা ভোটত আগবাঢ়ি আছে
- ত্ৰিলোকপুৰীত আপৰ অঞ্জনা পাৰ্চা আগবাঢ়ি আছে
- কৌণ্ডলীত আপৰ কুলদীপ কুমাৰ আগবাঢ়ি আছে
লাইভ আপডেট
- চতুৰ্থ পৰ্যায়ৰ গণনাৰ অন্তত বাৱানা বিধানসভা সমষ্টিৰ পৰা ৰবীন্দ্ৰ ইন্দ্ৰজ সিং ১৪,৪২০ টা ভোটত আগবাঢ়ি আছে
- চতুৰ্থ ৰাউণ্ডত শালিমাৰ বাগ বিধানসভা সমষ্টিৰ পৰা ৰেখা গুপ্তা ১২,৬৬০ টা ভোটত আগবাঢ়ি আছে
- পঞ্চম পৰ্যায়ৰ গণনাৰ পিছত ত্ৰিনগৰ বিধানসভা সমষ্টিৰ পৰা তিলক ৰাম গুপ্তা ১১,৭৭৮ টা ভোটত আগবাঢ়ি আছে
- তৃতীয় ৰাউণ্ডত মুস্তাফাবাদ বিধানসভা সমষ্টিৰ পৰা মোহন সিং বিষ্ট ১৬,১৮১ টা ভোটত আগবাঢ়ি আছে
- তৃতীয় ৰাউণ্ডত কাৰাৱাল নগৰ বিধানসভা সমষ্টিৰ পৰা কপিল মিশ্ৰ ৮,৬০৩ টা ভোটত আগবাঢ়ি আছে
- সপ্তম ৰাউণ্ডত বিশ্বাস নগৰ বিধানসভা সমষ্টিৰ পৰা ওম প্ৰকাশ শৰ্মা ৮,৪৪৪ টা ভোটত আগবাঢ়ি আছে
- চতুৰ্থ ৰাউণ্ডত নজফগড় বিধানসভা সমষ্টিৰ পৰা নীলম পেহালৱান ৮,০২৩ টা ভোটত আগবাঢ়ি আছে
- তৃতীয় ৰাউণ্ডত পাটপাৰগঞ্জ বিধানসভা সমষ্টিৰ পৰা ৰবীন্দ্ৰ সিং নেগী ৭,২২৯ টা ভোটত আগবাঢ়ি আছে
দিল্লীৰ জনতাই কেজৰিৱালক শাস্তি দিবলৈ গৈ আছে : প্ৰবীণ খাণ্ডেলৱাল
বিজেপি সাংসদ প্ৰবীণ খাণ্ডেলৱালে কয়, "এফালে মানুহে বিজেপিৰ আন ৰাজ্য চৰকাৰৰ কাৰ্যকলাপ দেখিছে, আৰু আনফালে অৰবিন্দ কেজৰিৱালে ১০ বছৰ ধৰি মিছা কোৱাৰ বাহিৰে আন একো কৰা নাই । দুয়োটাৰে তুলনা কৰাৰ পিছত ৰাইজে প্ৰধানমন্ত্ৰী মোদীলৈ তেওঁলোকৰ সমৰ্থন আৰু ভোট প্ৰদান কৰিছে । যাৰ বাবে আজি বিজেপিয়ে দিল্লীত চৰকাৰ গঠন কৰিবলৈ গৈ আছে । আমি দিল্লীত উন্নয়নৰ এক নতুন আখ্যান লিপিবদ্ধ কৰিম । দিল্লীৰ জনসাধাৰণে অৰবিন্দ কেজৰিৱালক তেওঁ কৰা কামৰ বাবে ডাঙৰ শাস্তি দিবলৈ গৈ আছে ।"
অৰবিন্দ কেজৰিৱালৰ কামত জনসাধাৰণ অত্যন্ত সুখী : বিকাশ বাগ্গা
কৃষ্ণ নগৰ বিধানসভা সমষ্টিৰ আপ প্ৰাৰ্থী বিকাশ বাগ্গাই কয়, "আমি নিৰ্বাচনত ৰাইজৰ মাজলৈ গৈছিলো, আম আদমি পাৰ্টী আৰু অৰবিন্দ কেজৰিৱালৰ কামত জনসাধাৰণ অত্যন্ত সুখী । এইবাৰো একক সংখ্যাগৰিষ্ঠতাৰে আম আদমি পাৰ্টীৰ চৰকাৰ গঠন হ'ব ।"
লাইভ আপডেট
- আম্বেদকাৰ নগৰত আপ প্ৰাৰ্থী অজয় ১৮৪৩ ভোটত আগবাঢ়ি আছে
- প্ৰতাপগড়ত বিজেপিৰ ৰবি নেগী ৫০০০ ভোটত আগবাঢ়ি আছে
- দেৱলীত আপৰ প্ৰেম কুমাৰ চৌহানৰ ৪৬১২ টা ভোটত অগ্ৰগতি
- ছতৰপুৰত আপ প্ৰাৰ্থী ব্ৰহ্ম সিং তানৱাৰ ৩৪৭৪ ভোটত আগবাঢ়ি আছে
বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ গৈ আছে : হৰ্ষ মালহোত্ৰা
কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ মালহোত্ৰাই কয় যে অৰবিন্দ কেজৰিৱালৰ অপশাসন আৰু তেওঁৰ দলৰ দুৰ্নীতি পোহৰলৈ আহিছে । যাৰ ফলত জনসাধাৰণে চৰকাৰ সলনি কৰাৰ সিদ্ধান্ত লৈছে । বিজেপিৰ বিশ্বাসযোগ্যতা, আন ৰাজ্যত উন্নয়নমূলক কাম আৰু বিগত 10 বছৰত কেন্দ্ৰীয় চৰকাৰৰ কাম-কাজে দিল্লী বিজেপিক সুযোগ প্ৰদান কৰিছে । বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ গৈ আছে ।
নতুন দিল্লীৰ পৰা ২৫৪টা ভোটত আগবাঢ়ি আছে অৰবিন্দ কেজৰিৱাল
- নতুন দিল্লীৰ পৰা অৰবিন্দ কেজৰিৱাল ২৫৪টা ভোটত আগবাঢ়ি আছে
- বিজৱাসনত ২২১৭ ভোটত আগবাঢ়ি আছে কৈলাশ গেহলট
- লক্ষ্মী নগৰৰ পৰা ৬৫০০ ভোটত আগবাঢ়ি আছে আম আদমি পাৰ্টীৰ বি বি ত্যাগী
- শ্বাহদাৰাৰ পৰা বিজেপিৰ সঞ্জয় গোৱাল আগবাঢ়ি আছে
- বাবৰপুৰৰ পৰা ১০৩৫৯ টা ভোটত আগবাঢ়ি আছে আম আদমি পাৰ্টীৰ গোপাল ৰায়
- আম আদমি পাৰ্টীৰ ৰবিকান্ত উজেনে ত্ৰিলোকপুৰীৰ পৰা ৩৯৯৪ টা ভোটত আগবাঢ়ি আছে
LIVE UPDATES : 9:30 বজালৈ লাভ কৰা তথ্য় মতে কোন, ক’ত আগবাঢ়ি আছে...
- বলিমাৰানৰ পৰা ৪৭৬টা ভোটত আগবাঢ়ি আছে আপৰ ইমৰাণ হুছেইন
- লক্ষ্মী নগৰৰ পৰা ১১০০ ভোটত আগবাঢ়ি আছে বিজেপিৰ অভয় ভাৰ্মা
- কণ্ডলী বিধান সভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰিয়ংকা গৌতম আগবাঢ়ি আছে

