ETV Bharat / bharat

উন্নত হৈছে ৰাজধানীৰ বায়ুৰ গুণাগুণ; পুৱা দিল্লীৰ AQI ২৭৩

আজি দিল্লীৰ সৰ্বনিম্ন উষ্ণতা প্ৰায় ১১ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা ৷ দিল্লীৰ গড় বায়ুৰ গুণাগুণ সূচকাংক ২৭৩ ।

AQI in Delhi levels
উন্নত হৈছে ৰাজধানীৰ বায়ুৰ গুণাগুণ (ANI)
author img

By ANI

Published : December 2, 2024 at 10:33 AM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : কালিৰে পৰা আৰম্ভ হ’ল ডিচেম্বৰ মাহ ৷ কিন্তু পূৰ্বৰ বছৰসমূহৰ দৰে দিল্লীত এতিয়াও শীতৰ প্ৰভাৱ পৰা দেখা নাই ৷ সাধাৰণতে এই সময়ত ৰাজধানী চহৰত ঠাণ্ডাৰ মাত্ৰা অধিক হয় ৷ কিন্তু এইবাৰ পূৰ্বৰ দৰে সেই ঠাণ্ডাৰ সলনি মৃদু শীতৰহে অনুমান হৈছে ।

বতৰ বিজ্ঞান বিভাগে অনুমান কৰিছে যে ৰাজধানীবাসীয়ে ডিচেম্বৰৰ প্ৰথম চাৰি-পাঁচ দিন স্বাভাৱিকতকৈ কিছু গৰম অনুভৱ কৰিব আৰু তাৰ পিছত ক্ৰমান্বয়ে ঠাণ্ডাৰ মাত্ৰা বৃদ্ধি পাব ।

বৰ্তমানৰ দিল্লীৰ বতৰ :

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, সোমবাৰে দিল্লীৰ সৰ্বোচ্চ তাপমাত্ৰা প্ৰায় ২৭ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন উষ্ণতা প্ৰায় ১১ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে । পুৱা কিছু কুঁৱলীৰ প্ৰভাৱ দেখা গৈছিল ৷ আগন্তুক পাঁচ দিনত ইয়াৰ নূন্যতম তাপমাত্ৰা ২ৰ পৰা ৩ ডিগ্ৰী হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ৷ আনকি ইয়াৰ মাত্ৰা ৮ৰ পৰা ৯ ডিগ্ৰীলৈ লৈও গতি কৰিব পাৰে । লগতে ইয়াৰ সৰ্বোচ্চ তাপমাত্ৰা ২৭ ডিগ্ৰীৰ পৰা ২৫ ডিগ্ৰীলৈ হ্ৰাস পাব পাৰে ।

AQI in Delhi levels up to 'poor', stands at 273
দিল্লীৰ গড় বায়ুৰ গুণাগুণ সূচকাংক ২৭৩ (ANI)

মঙলবাৰৰ পৰা বৃহস্পতিবাৰলৈ বতৰ একেদৰেই থকাৰ সম্ভাৱনা আছে ৷ আনহাতে আগন্তুক তিনিদিনত ইয়াৰ তাপমাত্ৰা হ্ৰাস পোৱাৰ লগে লগে ঠাণ্ডাৰ পৰিমাণো কিছু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰিছে ।

AQI in Delhi levels up to 'poor', stands at 273
উন্নত হৈছে ৰাজধানীৰ বায়ুৰ গুণাগু (ANI)
  • বায়ুৰ গুণাগুণ :

কেন্দ্ৰীয় প্ৰদূষণ আৰু নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি, ৰাজধানীখনত সোমবাৰে বায়ুৰ গুণাগুণ উন্নত হৈছে ৷ অৱশ্যে দিল্লীৰ এন চি আৰৰ অন্যান্য চহৰৰ বায়ুৰ গুণাগুণো সন্তোষজনক নহয় । সোমবাৰে পুৱা ৭:১৫ বজালৈকে দিল্লীৰ গড় বায়ুৰ গুণাগুণ সূচকাংক (AQI) ২৭৩ । দিল্লীৰ এন চি আৰৰ অন্যান্য চহৰৰ বায়ুৰ গুণাগুণসমূহ এনেধৰণৰ -

  1. ফৰিদাবাদৰ AQI ১৫৯
  2. গুৰুগ্ৰামৰ AQI ২০০
  3. গাজিয়াবাদৰ AQI ১৮৯
  4. গ্ৰেটাৰ নয়ডাৰ AQI ২১৬ আৰু
  5. নয়দাৰ AQI ১৮০

ইফালে

  1. চান্দনী চকৰ AQI ১৮৮
  2. আলিপুৰৰ AQI ২৬৬
  3. আয়া নগৰৰ AQI ২৬৪ আৰু
  4. ডিটিইউ এলেকাৰ AQI ২২৭

আনহাতে, দিল্লীৰ বহু অঞ্চলত ৩০০ৰ ওপৰত AQI ৰ মাত্ৰা ৰেকৰ্ড কৰা হৈছে ৷ যেনে-

  1. আনন্দ বিহাৰৰ AQI ৩০৩
  2. দ্বাৰকা ছেক্টৰৰ AQI ৮ ৩৬০
  3. আৰ টি অ’ জাহাংগীৰপুৰীৰ AQI ৩১০
  4. নেহৰু নগৰৰ AQI ৩৩৪ আৰু
  5. আৰ কে পুৰমৰ AQI ৩০৫

একে সময়তে আলিপুৰ, অশোক বিহাৰ আৰু বাৱানাৰ দৰে আন কিছুমান অঞ্চলত AQI ৰ মাত্ৰা ২০০ৰ ওপৰত ৰেকৰ্ড কৰা হৈছে বুলি সংবাদ সংস্থা ANI ত উল্লেখ কৰা হৈছে । (ANI)

লগতে পঢ়ক : ভাৰতে বায়ু প্ৰদূষণৰ বিৰুদ্ধে যুঁজিবলৈ চীনৰ পৰা শিক্ষা ল'ব পাৰিবনে?