ETV Bharat / bharat

ব’ৰ্ডিঙত থকা অসম আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত বিষয়াৰ পুত্ৰক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ - Student Sexual harassment case

Dehradun Ragging Case : সাৱধান ! আপোনাৰ সন্তানটিক উচ্চ শিক্ষা দিয়াৰ নামত থৈছে নেকি ব’ৰ্ডিং বা হোষ্টেলত ? তেন্তে আপুনি বাৰু জানেনে কেনে আছে আপোনাৰ পোনাটি ? প্ৰতিটো মুহূৰ্তৰ খবৰ ৰাখিছেনে ? যদিহে এনে কৰা নাই, তেন্তে সাৱধান ! বহিঃৰাজ্যৰ নামী-দামী ব’ৰ্ডিং স্কুলত হৈছে শিক্ষাৰ্থীক ৰেগিং আৰু যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

Dehradun Ragging Case
ব’ৰ্ডিঙত থকা অসম আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত বিষয়াৰ পুত্ৰক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 6, 2024 at 12:26 PM IST

|

Updated : September 6, 2024 at 1:30 PM IST

4 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক, ৬ ছেপ্টেম্বৰ : ৰেগিং আৰু যৌন নিৰ্যাতনৰ বাতৰিয়ে সততে বাতৰিৰ শিৰোনাম দখল কৰি থকা দেখা যায় ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে এনে এক খবৰ ৷ ৰাজধানীৰ এখন প্ৰখ্যাত বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা ৷ অ’ ৰ’ৱ; ৰাজধানী বুলি কওঁতে দিছপুৰ বুলি নাভাবিব ৷

এইবাৰ ঘটনাৰ স্থান উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুন ৷ তথ্য অনুসৰি, ছাত্ৰীক নহয়, এইবাৰ লক্ষ্য কৰি লোৱা হৈছে ছাত্ৰকো ৷ ডেৰাডুনৰ এখন প্ৰখ্যাত বিদ্যালয়ত অসমৰ (গুৱাহাটী) এগৰাকী ছাত্ৰক ৰেগিং কৰাৰ লগতে যৌন নিৰ্যাতন চলোৱাৰ খবৰ পোৱা গৈছে ৷

তথ্য মতে, অষ্টম শ্ৰেণীৰ ভুক্তভোগী ছাত্ৰজনৰ এই কথা পৰিয়ালৰ লোকক অৱগত কৰাৰ পাচতে তেওঁৰ পিতৃয়ে গুৱাহাটীত শূন্য এফআইআৰ (Zero FIR) দাখিল কৰে । তাৰ পাচত গুৱাহাটী আৰক্ষীয়ে এই গোচৰটো উত্তৰাখণ্ডৰ দলনৱালা থানালৈ বদলি কৰে ৷ জানিব পৰা মতে, ভুক্তভোগী ছাত্ৰজনৰ পিতৃ হৈছে অসম আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত বিষয়া ।

লগতে পঢ়ক : যৌন নিৰ্যাতনৰ অভিযোগ উঠাই ল’বলৈ হেঁচা অভিনেতাক - Director Ranjith Sexual Misconduct

অভিযোগ অনুসৰি, ঘটনা সন্দৰ্ভত জানিব পাৰি ভুক্তভোগী ছাত্ৰজনৰ পৰিয়ালৰ লোকে বিদ্যালয় কৰ্তৃপক্ষক সকলো কথা বিৱৰি কয় ৷ কিন্তু বিদ্যালয় কৰ্তৃপক্ষক ঘটনা সন্দৰ্ভত অৱগত কৰাৰ পাচতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ তাৰ পাচত তেওঁ পুত্ৰৰ সৈতে স্ব-ভূমিলৈ আহি গুৱাহাটীত শূন্য এফআইআৰ দাখিল কৰে । পৰৱৰ্তী সময়ত এই এফআইআৰ গুৱাহাটীৰ পৰা হস্তান্তৰ হোৱাৰ পিছত দলনৱালা আৰক্ষী থানাই গোচৰৰ তদন্ত আৰম্ভ কৰে ।

এইখিনিতে আপোনালোকক জনাওঁ যে, গুৱাহাটী আৰক্ষীক দিয়া এজাহাৰত ভুক্তভোগী ছাত্ৰজনৰ পিতৃয়ে কয় যে তেওঁৰ পুত্ৰই এখন সুনাম থকা বিদ্যালয়ত অষ্টম শ্ৰেণীৰ ছাত্ৰ । তেওঁৰ ল’ৰাটো বৰ্ডিং স্কুলত থাকে ৷ কিছুদিন তেওঁৰ পুত্ৰই ঘৰলৈ ফোন কৰা নাছিল ৷ সেয়ে তেওঁ পুত্ৰক লগ কৰিবলৈ স্কুলত উপস্থিত হয় ।

পুত্ৰক কিছু চিন্তিত দেখি তেওঁক বাৰে বাৰে কি হৈছে বুলি সুধিছিল ৷ কিন্তু এই সন্দৰ্ভত পিতৃক একো কোৱা নাছিল ছাত্ৰজনে । কিন্তু পৰৱৰ্তী সময়ত ছাত্ৰগৰাকীয়ে তেওঁৰ লগত একাংশ জ্যেষ্ঠ ছাত্ৰই ৰেগিং কৰিছিল বুলি উল্লেখ কৰে । কেৱল ৰেগিঙে নহয়, তেওঁ প্ৰহাৰ কৰাৰ লগতে যৌন নিৰ্যাতন কৰা বুলিও ছাত্ৰজনে পিতৃৰ আগত উল্লেখ কৰে । এই সন্দৰ্ভত বিদ্যালয় প্ৰশাসনক অৱগত কৰে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগীয়ে ৷

লগতে পঢ়ক : ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত জামিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপকক নিলম্বন - Jamia Milia University

ইয়াৰ পিছতে ভুক্তভোগীয়ে পুত্ৰক লৈ গুৱাহাটীলৈ লৈ আহে । তাত তেওঁ গুৱাহাটী আৰৰক্ষীক ঘটনা সন্দৰ্ভত অভিযোগ পত্ৰ দাখিল কৰে । গুৱাহাটী আৰক্ষীয়ে শূন্য এফআইআৰ দাখিল কৰি দলনৱালা থানালৈ গোচৰটো বদলি কৰে ।

দলানৱালা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ মাইনৱালে কয় যে এজন ব্যক্তিয়ে স্কুলত পঢ়ি থকা তেওঁৰ পুত্ৰক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি গুৱাহাটীত দাখিল কৰিছিল এজাহাৰ ৷ এই গোচৰটো গুৱাহাটী আৰক্ষীয়ে শূন্য এফআইআৰ বদলি কৰিছে ৷

এতিয়া দলনৱালা থানাত IPC আৰু POCSO আইনৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে ৷ আৰক্ষীয়ে অচিৰেই ভুক্তভোগী ছাত্ৰজনক আৰু তেওঁৰ পিতৃক ডেৰাডুনলৈ মাতি ঘটনা সন্দৰ্ভত সোধপোচ কৰিব ৷ লগতে ৰুজু হোৱা গোচৰ সন্দৰ্ভত আৰম্ভ কৰিব তদন্ত ।

আনহাতে ঘটনা সন্দৰ্ভত বিদ্যালয় প্ৰশাসনে আৰৰক্ষীক জনোৱা মতে, জুলাই মাহৰ ছুটীৰ সময়ত ছাত্ৰজন ঘৰলৈ গৈছিল ৷ তেতিয়া ছাত্ৰজনৰ পৰিয়ালে ফোন কৰি ছাত্ৰজনৰ সৈতে ৰেগিং আৰু যৌন নিৰ্যাতন সংঘটিত হোৱাৰ অভিযোগ দিছিল । ইয়াৰ পিছতে বিদ্যালয় পৰিচালনা সমিতিয়ে আভ্যন্তৰীণ তদন্ত কৰে, য’ত ছাত্ৰজনৰ বন্ধু-বান্ধৱীক এই সন্দৰ্ভত সোধ-পোছ কৰা হয় আৰু কোনেও এনে ঘটনাৰ বিষয়ে জ্ঞাত নহয় বুলি উল্লেখ কৰে ৷ ভিডিঅ’ কলৰ জৰিয়তে ভুক্তভোগী ছাত্ৰজনৰ সৈতে কথা পতাৰ সময়তো ঘটনা সন্দৰ্ভত তেওঁ তেনেকুৱা একো বিশেষ কথা কোৱা নাছিল ।

লগতে বিদ্যালয় প্ৰশাসনে কয়, যদি ছাত্ৰজনে সন্মুখত অভিযোগ কৰিব নোৱাৰে, তেন্তে বিদ্যালয়ৰ বহু ঠাইত পৰামৰ্শৰ বাকচ থাকে, য’ত তেওঁ নিজৰ অভিযোগৰ লিখনি বা প্ৰতিলিপি দিব পাৰে। কিন্তু ঘৰৰ পৰাই গোচৰ ৰুজু হ’ল । এতিয়া গোচৰ সন্দৰ্ভত আৰক্ষীক বিদ্যালয় পৰিচালনা সমিতিয়ে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও কয় ।

লগতে পঢ়ক : ৪৬ বছৰীয়া যুৱকৰ যৌন নিৰ্যাতন ৫ বছৰীয়া শিশুক - Sexual harassment Cases

Last Updated : September 6, 2024 at 1:30 PM IST