পাকিস্তানৰ বিৰুদ্ধে কেনে ব্যৱস্থা ল'ব ভাৰতে ? প্ৰধানমন্ত্ৰীৰে ৰাজনাথৰ ৰুদ্ধদ্বাৰ বৈঠক
পহলগামকাণ্ড আৰু কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ দুঘণ্টাজুৰি আলোচনা ।

By PTI
Published : April 28, 2025 at 7:27 PM IST
নতুন দিল্লী: দেশ কঁপাই যোৱা ২২ এপ্ৰিলৰ সেই সন্ত্ৰাসবাদীৰ আক্ৰমণ । য'ত এজন নেপালী নাগৰিককে ধৰি ২৬ জন ব্যক্তিক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰা হৈছিল । এই ঘটনাৰ পাছতে দেশৰ নিৰাপত্তা ব্যৱস্থাটোক লৈ উত্থাপন হৈছিল বহু প্ৰশ্নৰ ।
এই ঘটনাৰ পাছতে দেশৰ শীৰ্ষ নেতাসকলে ইখনৰ পাছত সিখনকৈ বৈঠকত মিলিত হয় । কিছুদিন পূৰ্বে সৰ্বদলীয় বৈঠকো অনুষ্ঠিত হয়, য'ত বিৰোধী দলসমূহেও দেশৰ এনেহেন সময়ত কেন্দ্ৰীয় চৰকাৰক সকলো প্ৰকাৰে সহায়-সহযোগ কৰিব বুলিও ঘোষণা কৰে ।
পহলগামকাণ্ডৰ পাছত এতিয়া ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কি স্থিতি গ্ৰহণ কৰিব বা পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘৰলৈ গৈ গুলীয়াব নে ছাৰ্জিকেল ষ্ট্ৰাইক কৰিব - সেই সন্দৰ্ভতো আৰম্ভ হৈছে দেশজুৰি চৰ্চা । ইতিমধ্যে ভাৰতত পাকিস্তানৰ দূতাবাসো বন্ধ কৰি দিয়া হৈছে ।
ইয়াৰ মাজতে সোমবাৰে পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় । পাকিস্তানক প্ৰতিহত কৰিবলৈ লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ বিষয়ে এই বৈঠকত আলোচনা কৰা হৈছে বুলি জানিব পৰা গৈছে ।
এই ভয়াৱহ আক্ৰমণৰ বাবে "সীমা অতিক্ৰম কৰা সম্পৰ্ক"ৰ উল্লেখ কৰি ভাৰতে ইয়াৰ লগত জড়িতসকলক কঠোৰ শাস্তি প্ৰদানৰ সিদ্ধান্ত লৈছে । প্ৰধানমন্ত্ৰী মোদীৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী সিঙৰ বৈঠক সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাই ।
আনহাতে দেওবাৰে ''মন কি বাত'' অনুষ্ঠানত মোদীয়ে কয়, "সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজত সমগ্ৰ বিশ্বৰ ১৪০ কোটি ভাৰতীয় থিয় দিছে । ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক মই পুনৰবাৰ আশ্বাস দিছো যে তেওঁলোকে ন্যায় পাব আৰু এই আক্ৰমণৰ দোষী আৰু ষড়যন্ত্ৰকাৰীক কঠোৰতম শাস্তি দিয়া হ’ব ।''
উল্লেখ্য যে, ২০১৯ চনত সংঘটিত হোৱা পুলৱামা আক্ৰমণ কোনেও পাহৰিব পৰাই নাই । পুলৱামা আক্ৰমণৰ পিছতে ২২ এপ্ৰিলত পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণটো হৈছে সকলোতকৈ ডাঙৰ ঘটনা ।

