ETV Bharat / bharat

এ এম চি এ মডেলত প্ৰতিৰক্ষা মন্ত্ৰীৰ অনুমোদন: উদ্যোগ অংশীদাৰিত্বৰ জৰিয়তে প্ৰকল্প সম্পন্ন কৰিব এ ডি এই

প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে AMCA প্ৰগ্ৰেম এক্সিকিউচন মডেল পদ্ধতিয়ে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ড দুয়োটাকে প্ৰতিযোগিতামূলক ভিত্তিত সমান সুযোগ প্ৰদান কৰে ।

AERONAUTICAL DEVELOPMENT AGENCY
যুদ্ধ বিমান (Ministry of Defence)
author img

By ETV Bharat Assamese Team

Published : May 27, 2025 at 2:57 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: ভাৰতৰ থলুৱা বা স্বদেশী প্ৰতিৰক্ষা সামৰ্থ বৃদ্ধি আৰু শক্তিশালী ঘৰুৱা মহাকাশ ঔদ্যোগিক পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এডভান্স মিডিয়াম কম্বেট এয়াৰক্ৰাফ্ট (Advanced Medium Combat Aircraft চমুকৈ AMCA) প্ৰগ্ৰেম এক্সিকিউচন মডেলত অনুমোদন জনাইছে ।

মঙলবাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিযোগে এই কথা উল্লেখ কৰিছে ৷ বিবৃতিটোত উল্লেখ কৰা মতে, এৰ’নটিকেল ডেভেলপমেণ্ট এজেন্সীয়ে (Aeronautical Development Agency চমুকৈ ADA) উদ্যোগৰ অংশীদাৰিত্বৰ জৰিয়তে এই কাৰ্যসূচী ৰূপায়ণ কৰিব ।

AERONAUTICAL DEVELOPMENT AGENCY
যুদ্ধ বিমান (Ministry of Defence)

এই "এক্সেকিউচন মডেল"ৰ অধীনত ভাৰতে ভাৰতীয় বায়ুসেনাৰ বাবে পঞ্চম প্ৰজন্মৰ ডিপ পেনেট্ৰেচন এডভান্সড মিডিয়াম কম্বেট এয়াৰক্ৰাফ্ট থলুৱাভাৱে বিকশিত কৰাৰ বাবে এটা মেগা প্ৰজেক্ট চলাব । ভাৰতে নিজৰ বায়ু শক্তিৰ ক্ষমতা বৃদ্ধিৰ বাবে উন্নত বৈশিষ্ট্যযুক্ত মধ্যমীয়া ওজনৰ গভীৰ ভেদকাৰী যুঁজাৰু বিমানখন নিৰ্মাণ কৰাৰ বাবে অভিলাষী AMCA প্ৰকল্পৰ কাম কৰি আহিছে ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, ৰাজনাথ সিঙে “এডভান্সড মিডিয়াম কম্বেট এয়াৰক্ৰাফ্ট (AMCA) প্ৰগ্ৰেম এক্সিকিউশ্যন মডেল”ত অনুমোদন জনাইছে । উদ্যোগ অংশীদাৰিত্বৰ জৰিয়তে এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সাজু হৈছে এৰ’নটিকেল ডেভেলপমেণ্ট এজেন্সীয়ে (ADA) ।

AERONAUTICAL DEVELOPMENT AGENCY
যুদ্ধ বিমান (Ministry of Defence)

প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয়, "এক্সেকিউচন মডেল পদ্ধতিয়ে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ড দুয়োটাকে প্ৰতিযোগিতামূলক ভিত্তিত সমান সুযোগ প্ৰদান কৰে ।’’ বিবৃতিটোত কোৱা হৈছে, "তেওঁলোকে স্বতন্ত্ৰভাৱে বা যৌথ উদ্যোগ হিচাপে বা কনচৰ্টিয়াম হিচাপে নিবিদা দিব পাৰে । কেৱল নিবিদাকাৰী দেশৰ আইন-কানুন মানি চলা ভাৰতীয় কোম্পানী হ'ব লাগিব ।"

AERONAUTICAL DEVELOPMENT AGENCY
যুদ্ধ বিমান (Ministry of Defence)

ইয়াত কোৱা হৈছে যে মহাকাশ খণ্ডত আত্মনিৰ্ভৰশীলতাৰ দিশত এক ডাঙৰ মাইলৰ খুঁটি হ’ব পৰা এ এম চি এৰ প্ৰট’টাইপ (AMCA prototype) নিৰ্মাণৰ বাবে থলুৱা বিশেষজ্ঞতা, সামৰ্থ আৰু সামৰ্থক ব্যৱহাৰ কৰাৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ ।

এক প্ৰতিবেদন অনুসৰি ২০২৮-২৯ চনৰ ভিতৰত AMCA ৰ প্ৰথম প্ৰট’টাইপ মুকলি হোৱাৰ সম্ভাৱনা আছে । প্ৰতিবেদনত কোৱা হৈছে যে ২০৩২-৩৩ চনৰ পৰা এই উৎপাদন আৰম্ভ হ’ব আৰু ২০৩৪ চনৰ ভিতৰত AMCA-ক IAF-ত অন্তৰ্ভুক্ত কৰা হ’ব ।

AERONAUTICAL DEVELOPMENT AGENCY
যুদ্ধ বিমান (Ministry of Defence)

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নিৰাপত্তা বিষয়ক কেবিনেট কমিটীয়ে যোৱা বছৰ যুদ্ধ বিমান কাৰ্যসূচীত নীতিগত অনুমোদন দিছিল । প্ৰকল্পটোৰ প্ৰাৰম্ভিক উন্নয়ন ব্যয় প্ৰায় ১৫,০০০ কোটি টকা বুলি অনুমান কৰা হৈছে । দীৰ্ঘম্যাদী প্ৰয়োজনীয়তাৰ বাবেই IAF-এ AMCA প্ৰকল্পৰ বাবে ঠেলি দি আহিছে । লাইট কম্বেট এয়াৰক্ৰাফ্ট (Light Combat Aircraft চমুকৈ LCA) তেজছৰ বিকাশৰ পিছত AMCA ৰ বিকাশৰ প্ৰতি ভাৰতৰ আস্থা যথেষ্ট বৃদ্ধি পাইছে ৷

লগতে পঢ়ক : পাকিস্তানত সন্ত্ৰাসবাদ এক মুকলি ব্যৱসায়: এছ জয়শংকৰ

লগতে পঢ়ক : মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এবছৰ: চৰকাৰী কল্যাণমূলক পদক্ষেপত গুৰুত্ব চৰকাৰৰ