৮ বছৰে মূক-বধিৰৰ সাৰথি নূপুৰ ভৰদ্বাজ
১৮ বছৰীয়া এগৰাকী যুৱতী, যি বহু মূক-বধিৰৰ বাবে হৈ পৰিছে প্ৰেৰণা । ৮ বছৰে তেওঁ অগণন মূক-বধিৰৰ সাৰথি হৈ আছে ।

Published : September 23, 2025 at 8:08 PM IST
জয়পুৰ: প্ৰতিবছৰে ২৩ ছেপ্টেম্বৰ দিনটো আন্তঃৰাষ্ট্ৰীয় সাংকেতিক ভাষা দিৱস হিচাপে পালন কৰা হয় । ইয়াৰ উদ্দেশ্য হৈছে সাংকেতিক ভাষাৰ প্ৰচাৰ কৰা, মূক-বধিৰসকলক নিজৰ অধিকাৰৰ বিষয়ে সজাগ কৰা আৰু সমাজৰ সৈতে আগুৱাই নিয়া । এই বিশেষ দিনটোতে আমি আলোচনা কৰিবলৈ ওলাইছো ৮ বছৰে মূক বধিৰসকলৰ সাৰথি হৈ ৰোৱা এগৰাকী যুৱতীৰ বিষয়ে ।
নূপুৰ ভৰদ্বাজ, যি প্ৰায় ১০ বছৰ নহওতেই মূক-বধিৰসকলৰ বাবে সেৱা আগবঢ়াই যোৱাৰ সংকল্প লৈছিল । নূপুৰ এতিয়া ১৮ বছৰীয়া হ'ল । তেওঁ কেৱল ৮ বছৰ ধৰি অগণন মূক বধিৰ শিশুক সহায়ৰ বাবেই নহয়, বৰঞ্চ তেওঁলোকৰ অধিকাৰৰ বাবেও সংঘৰ্ষ কৰি আহিছে । নূপুৰ সন্দৰ্ভত এই বিশেষ প্ৰতিবেদন ।

পিতৃৰ পৰা লাভ কৰিছিল প্ৰেৰণা:
নূপুৰ ভৰদ্বাজে ১০ বছৰ বয়সতে মূক বধিৰসকলৰ সেৱা আগবঢ়োৱাৰ সংকল্প গ্ৰহণ কৰিছিল । বৰ্তমানলৈকে বহু সময়ত সহায়ৰ প্ৰয়োজনত থকা মূক-বধিৰৰ অনুবাদক হয় আৰু তেওঁলোকক সামাজিক, সাংস্কৃতিক তথা প্ৰশাসনিক মঞ্চৰ সৈতে সংযোগ কৰে । নূপুৰে কয় যে মূক-বধিৰসকলৰ সমস্যা তথা তেওঁলোকৰ প্ৰয়োজনীয়তা সৰুৰে পৰা পিতৃ মনোজ ভৰদ্বাজৰ পৰা নিচুকনি গীতৰ দৰে শুনিছিল । কিয়নো পিতৃয়ে তেওঁলোকৰ বাবে কাম কৰি আহিছে ।
সেয়ে তেওঁ কিছু সাংকেতিক ভাষাৰ জ্ঞান কম বয়সতে পিতৃৰ পৰা লাভ কৰিছিল । নূপুৰে কয় যে পিতৃক দেখি দেখিয়েই এই দিশত কাম কৰাৰ ৰুচি সৰুৰে পৰাই জাগি উঠিছিল । ১০ বছৰ বয়সত তেওঁ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰী আছিল, তেতিয়া বিদ্যালয়খনত মূক-বধিৰ শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছিল । কিন্তু বিদ্যালয়খনত তেওঁৰ বাহিৰে কোনেও সাংকেতিক ভাষা জনা নাছিল । নূপুৰ সেই ছাত্ৰীগৰাকীৰ অনুবাদক হৈছিল । শিক্ষাৰ্থীগৰাকীক সহায় কৰি তেওঁ ভাবিছিল যে এয়া অতি সুখদায়ক কাম । তেতিয়াৰে পৰা তেওঁ পিতৃৰ সৈতে এই কাম কৰিবলৈ লয় । এতিয়া তেওঁ সম্পূৰ্ণৰূপে মূক-বধিৰসকলৰ বাবে সমৰ্পিত । পিতৃ মনোজ নূপুৰৰ সংস্থাৰ সংস্থাপক ।

আইনী সহায়ৰ বাবে আইন অধ্যয়ন:
নূপুৰ পিতৃৰ সংস্থা আৰু বিভিন্ন সামাজিক মঞ্চৰ সৈতে সক্ৰিয় আছে । সেয়া সহপাঠীক সহায় কৰাৰ পৰা মূক-বধিৰসকলক সাৰ্বজনিক সেৱা প্ৰদান কৰালৈকে অনুবাদকৰূপে সহায়ক হৈ আহিছে । নূপুৰে কেন্দ্ৰীয় বিদ্যালয়ত দ্বাদশ শ্ৰেণীলৈ অধ্যয়ন কৰে । লগতে ভাৰতীয় সাংকেতিক ভাষাৰ অধ্যয়ন আৰম্ভ কৰে । বৰ্তমান বি এ এল এল বিৰ লগতে RPWD Act 2016 ধাৰাক বলবৎ কৰাৰ বাবে কাম কৰি আছে ।

বাধাবিহীন ৰাষ্ট্ৰ নিৰ্মাণ:
নূপুৰে কয়, "মোৰ লক্ষ্য হৈছে ভাৰতক মূক-বধিৰসকলৰ বাবে বাধাবিহীন এখন ৰাষ্ট্ৰ নিৰ্মাণ কৰা ।" ইতিমধ্যে RCI ৰ তৰফৰ পৰা ভাৰতীয় সাংকেতিক ভাষাত উচ্চ শিক্ষাৰ বাবে ISLRT ৰ মেৰিট তালিকাত নূপুৰ ভৰদ্বাজ নিৰ্বাচিত হৈছে, কিন্তু তেওঁ বিশেষভাৱে ৰাজস্থান ৰিহেবিলিটেশ্যন এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউটৰ পৰা অধ্যয়ন কৰিবলৈ সিদ্ধান্ত লৈছে, যাতে ৰাজস্থানৰ মূক-বধিৰসকলক পোনপটীয়াকৈ লাভাৱান্বিত কৰিব পাৰে ।

ছোৱালীসকলৰ ওপৰত হৈ থকা শোষণ:
নূপুৰে কয় যে মূক-বধিৰ ছোৱালীবোৰৰ শোষণৰ ঘটনা অত্যন্ত চিন্তাজনক । সাংকেতিক ভাষাৰ প্ৰসাৰৰ অভাৱত এওঁলোকে ন্যায় লাভ কৰাত পলম হয় । প্ৰাথমিক গোচৰ ৰুজু কৰাই নহয় । নূপুৰে উল্লেখ কৰে,"নাবালিকাসকলক তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলেই শাৰিৰীক শোষণ কৰি আহিছে আৰু শিশুসকলে তেওঁলোকৰ লগত হোৱা অপকৰ্মৰ কথা কাকো অৱগত কৰিব নোৱাৰে । এই বিষয়ে যেতিয়া আমি অৱগত হওঁ তেতিয়া আইনীভাৱে সহায় কৰোঁ আৰু গোচৰো ৰুজু কৰাও । এনে বহু ঘটনা আছে, য'ত মূক-বধিৰ কন্যাবোৰ শোষিত হৈ আহিছে । তেওঁলোকে কেনেকৈ নিজৰ কথাবোৰ ক'ব, অপৰাধীয়ে ইয়াৰ সুযোগ লৈ আহিছে । এই মানসিকতা শেষ কৰাটো অত্যন্ত প্ৰয়োজনীয় । প্ৰত্যেকগৰাকী মূক-বধিৰক আইনীভাৱে সহায় কৰাটো আৱশ্যকীয় । প্ৰত্যেকগৰাকী ব্যক্তিৰে প্ৰাথমিক সাংকেতিক ভাষাৰ জ্ঞান থকাটো প্ৰয়োজনীয় ।"

