ETV Bharat / bharat

26 দিনৰ পাচত চীনৰ পৰা পালেহি মাৰ্চেণ্ট নেভী বিষয়াৰ মৃতদেহ, শোকাহত পৰিয়াল - INDIAN MERCHANT NAVY OFFICER DEATH

Indian Merchant Navy Officer dies in China: ২৬ দিন পূৰ্বে চীনত হৃদৰোগত আক্ৰান্ত হৈ এজন মাৰ্চেন্ট নেভীৰ বিষয়াৰ মৃত্যু হৈছিল। তেতিয়াৰ পৰা, পৰিয়ালটোৱে তেওঁৰ শৱদেহ ভাৰতলৈ অহাৰ বাবে অপেক্ষা কৰি আছিল। মৃতদেহটো দেওবাৰে চীনৰ পৰা ইস্তাম্বুল হৈ দিল্লী পায় আৰু তাৰ পিচত এম্বুলেন্সৰ জৰিয়তে আগ্ৰাৰ বাসগৃহলৈ অনা হয় ৷

MERCHANT NAVY OFFICER ANIL KUMAR
26 দিনৰ পাচত পালেহি মাৰ্চেণ্ট নেভী বিষয়াৰ মৃতদেহ, (ETV BHARAT)
author img

By ETV Bharat Assamese Team

Published : July 7, 2024 at 10:19 PM IST

3 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক, 7 জুলাই : 26 দিনৰ দীঘলীয়া অপেক্ষাৰ অন্তত দেওবাৰে সন্ধিয়া চীনৰ পৰা আহি পালে মাৰ্চেণ্ট নেভীৰ বিষয়া অনিল কুমাৰৰ মৃতদেহ ৷ আজি আগ্ৰাত থকা নিজ বাসগৃহ পায়হি মাৰ্চেণ্ট নেভী বিষয়াজনৰ মৃতদেহ ৷ এম্বুলেন্সত মৃতদেহটো ঘৰ আহি পোৱাৰ লগে লগে পৰিয়ালৰ লোকসকল শোকত ভাগি পৰে ৷ বিষয়াজনৰ পত্নী, বৃদ্ধ মাতৃ আৰু দুটা সন্তান শোকত ভাগি পৰে ৷ অচেতন পত্নীয়ে মাথোঁ কৈছে 'আপোনাক নিৰাপদে পঠাইছিলো ৷ আৰু এতিয়া আপুনি এইদৰে আহিছে ৷

মাৰ্চেন্ট নেভীৰ বিষয়াগৰাকীৰ মৃত্যুৰ পিচত পৰিয়ালটোৱে প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ মৃতদেহ অতি শীঘ্ৰে ভাৰতলৈ আনিবলৈ আহ্বান জনাইছিল ৷ ইয়াৰ পিচতে আগ্ৰাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী এছ পি সিং বাঘেলে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে বাৰ্তালাপ কৰে ৷ ইয়াৰ পিচত এতিয়া দেওবাৰে পুৱা ভাৰতলৈ আনিব গ’ল মাৰ্চেণ্ট নেভীৰ বিষয়াজনৰ মৃতদেহ ৷

উল্লেখ্য যে আগ্ৰাৰ শ্বাহগঞ্জ থানা এলেকাৰ চানক্য পুৰীৰ ছাই ধাম ৰেচিডেন্সিত বাস কৰা 49 বছৰীয়া অনিল কুমাৰ শ্ৰীবাস্তৱ মাৰ্চেণ্ট নেভীৰ এগৰাকী মুখ্য অভিযন্তা আছিল৷ অনিল কুমাৰ আছিল এম ভি জি এইচ নাইটিংগেলৰ মুখ্য অভিযন্তা ৷ ড্ৰাই ডকিঙৰ বাবে চীনৰ ঝেজিয়াং প্ৰদেশৰ ঝৌছান চহৰত আছিল জাহাজখন ৷ 11 জুনৰ গভীৰ নিশা জাহাজত থকা অনিলৰ স্বাস্থ্যৰ অৱনতি ঘটে ৷ ইয়াৰ পিচতে তেওঁক ঝৌছান হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ নিশা চিকিৎসাৰ অন্তত অনিল কুমাৰক পুৱা চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় ৷ কিন্তু সেইদিনাই দুপৰীয়া বুকুৰ বিষৰ বাবে অনিলক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয় ৷

মাৰ্চেণ্ট নেভীৰ বিষয়া অনিল কুমাৰে পত্নী অঞ্জুলতা, বৃদ্ধ মাতৃ ৰামকিশোৰী শ্ৰীবাস্তৱ আৰু দুটা সন্তানক এৰি থৈ যায় ৷ তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ পিচৰে পৰা পৰিয়ালটো শোকত ভাগি পৰিছে ৷ পত্নী অঞ্জুলতাই স্বামীৰ কোম্পানী, ভাৰতীয় দূতাবাস আৰু অন্যান্য বিষয়াৰ সৈতে অহৰহ যোগাযোগ কৰি স্বামীৰ মৃতদেহ অতি সোনকালে ভাৰতলৈ আনিবলৈ আহ্বান জনাইছিল ৷ যেতিয়া তেওঁ কাৰো পৰা কোনো সহায় নাপালে, তেতিয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকলৰ সৈতে যোগাযোগ কৰে ৷ প্ৰধানমন্ত্ৰী মোদীৰ ওচৰতো আবেদন জনাইছিল তেওঁ ৷ ইয়াৰ পিচতে কেন্দ্ৰীয় মন্ত্ৰী এছ পি সিং বাঘেলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে এই বিষয়ত আলোচনা কৰাত এই সমস্যাৰ সমাধান হয়৷

অনিল কুমাৰ শ্ৰীবাস্তৱৰ মৃতদেহ ঘৰত পোৱাৰ পিচত যোগী চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন্দ্ৰ উপাধ্যায় পৰিয়ালটোক সান্ত্বনা দিবলৈ উপস্থিত হয় ৷ পৰিয়ালৰ লগত তেওঁ বাৰ্তালাপ কৰে ৷ এই সময়ত অনিল কুমাৰ শ্ৰীবাস্তৱৰ পত্নী অঞ্জুলতাই চীন চৰকাৰে তেওঁৰ স্বামীক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে ৷ তেওঁ কয় যে, চীন চৰকাৰৰ বাবেই পৰিয়ালটোৱে 25 দিন ধৰি স্বামীৰ মৃতদেহৰ পোৱোৰ বাবে অপেক্ষা কৰি থাকিব লগা হ’ল ৷

লগতে পঢ়ক : ১৪ দিন ধৰি চীনত আবদ্ধ ভাৰতীয় মাৰ্চেণ্ট নেভী বিষয়াৰ মৃতদেহ - INDIAN MERCHANT NAVY OFFICER DEATH