ETV Bharat / bharat

৩০ বছৰৰ পাছত মাওবাদী মাতৃক লগ পালে কন্যাই

প্ৰাক্তন মাওবাদী হিচাপে পৰিচিত বসন্ত নামৰ মহিলাগৰাকী সম্প্ৰতি আছে ছত্তীশগড় আৰক্ষীৰ জিম্মাত ৷

Etv Bharat
Etv Bharat (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : March 11, 2025 at 3:50 PM IST

2 Min Read
Choose ETV Bharat

কোৰুটলা: সুদীৰ্ঘ ৩০ বছৰৰ পাছত মাতৃ-কন্যাৰ পুনৰ মিলন ৷ তাকে লৈ আবেগিক হৈ পৰে মাতৃ-কন্যা ৷ এই ঘটনা ছত্তীশগড়ৰ ৷ ৰাজ্যখনৰ প্ৰাক্তন মাওবাদী হিচাপে পৰিচিত বসন্ত নামৰ মহিলাগৰাকী সম্প্ৰতি আছে ছত্তীশগড় আৰক্ষীৰ জিম্মাত ৷ এই মহিলাগৰাকীক সাক্ষাৎ কৰিবলৈ আহে তেওঁৰে কন্যা ভৱানী ৷ সুদীৰ্ঘ সময়ৰ পিছত কন্য়াৰ সাক্ষাৎ লাভ কৰি আবেগিক হৈ পৰে মাতৃ ৷

পৰিয়ালটোৰ আত্মীয়সকলে সদৰী কৰা অনুসৰি, জগটিয়াল জিলাৰ কোৰুটলাৰ পাছুলা ৰামৰেড্ডীয়ে ১৯৭৯ চনত জনযুদ্ধত যোগদান কৰে । পিছলৈ তেওঁক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় যদিও মুক্তিৰ পিছত পুনৰ অসাংবিধানিক কাম-কাজ আৰম্ভ কৰে ।

এই সময়ছোৱাতে ৰামৰেড্ডীয়ে কঠালাপুৰ মণ্ডলৰ ছিৰিকোণ্ডাৰ বাসিন্দা বসন্তৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৷ ৰামৰেড্ডী আৰু বসন্ত দুয়োবেই মাওবাদী আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ৷ পৰৱৰ্তী সময়ত তেওঁলোকৰ মাজলৈ অহা কন্যা ভৱানীৰ দায়িত্ব মুম্বাইত থকা আত্মীয়ৰ হাতত অৰ্পণ কৰে ৷ সমান্তৰালকৈ মাওবাদী দম্পতীটোৱে আত্মগোপন কৰি থাকিবলৈ লয় ৷

উত্তৰ তেলেংগানা বিশেষ মণ্ডলৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰামৰেড্ডী ২০০১ চনত কৰিমনগৰ জিলাৰ য়েলাৰেডীপেট মণ্ডলৰ মাদ্দিমাল্লাৰ সমীপত হোৱা এক গুলীচালনাৰ ঘটনাত নিহত হয় ৷

শান্তক বা মমতাক্কা বুলিও জনাজাত বসন্তই দণ্ডকাৰ্যমত বাস্তৰ সংমণ্ডল সমিতিৰ সদস্য হিচাপে নিজৰ কাম-কাজ অব্যাহত ৰাখে ৷ কিন্তু স্বাস্থ্যজনিত সমস্যাৰ বাবে ২০২৪ চনৰ শেষৰফালে কাংকেৰ জিলা আৰক্ষীয়ে বসন্তক গ্ৰেপ্তাৰ কৰে আৰু তেতিয়াৰ পৰাই আৰক্ষীৰ জিম্মাতে আছে প্ৰাক্তন মাওবাদীগৰাকী ।

বসন্তৰ বিষয়ে তথ্য সংগ্ৰহ কৰাৰ পিছত ছত্তীশগড় আৰক্ষীয়ে তেলেংগানা আৰক্ষীৰ সৈতে যোগাযোগ কৰি ভৱানীৰ অৱস্থান বিচাৰি উলিয়াবলৈ সক্ষম হয় । তিনিদিন পূৰ্বে আৰক্ষী বিষয়াসকলে ভৱানীক মাতৃৰ বিষয়ে অৱগত কৰে ৷

যাৰ বাবে সোমবাৰে সন্ধিয়া ভৱানীয়ে একাংশ আত্মীয়ৰ সৈতে কাংকেৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ মাতৃ বসন্তক সাক্ষাৎ কৰে ৷ বৰ্তমান ভৱানীয়ে স্বামীৰ সৈতে ৱাৰংগল জিলাৰ পৰকলাত বাস কৰে ।

লগতে পঢ়ক: ফাকুৱাত ৰে’লেৰে ক'ৰবালৈ যাব নেকি ? নতুন দিল্লী ষ্টেচনত প্ৰবেশ কৰাৰ পূৰ্বে নতুন নিয়মবোৰ জানি লওক - HOLI SPECIAL TRAIN 2025