হায়দৰাবাদ: তেলেংগানাৰ নলগোণ্ডা জিলাৰ নিদামানুৰ মণ্ডলৰ শকাপুৰমৰ নিম্ন মধ্যবিত্ত এটা পৰিয়ালৰ এগৰাকী কন্যাৰ সফলতা ৷ সুমলতা নামৰ যুৱতীগৰাকীয়ে একেলগে তিনিটাকৈ চৰকাৰী চাকৰি লাভ কৰি দাঙি ধৰিছে এক প্ৰেৰণাদায়ক আদৰ্শ ।
খেতিয়ক মল্লাইয়া আৰু পত্নী ভেংকটম্মাৰ ঘৰত জন্মগ্ৰহণ কৰা সুমলতাই শিক্ষাৰ জৰিয়তে এক ভাল পদবী লাভ কৰাৰ সপোন সদায়েই দেখিছিল । তিনিগৰাকী ভগ্নী আৰু এজন ভাতৃৰ সৈতে সাধাৰণভাৱেই ডাঙৰ-দীঘল হৈছিল সুমলতা ৷ কিন্তু সদায়ে ডাঙৰ কিবা এটা কৰাৰ বা হোৱাৰ সপোন দেখিছিল সুমলতাই ৷
চৰকাৰী প্ৰাথমিক বিদ্যালয়ত পঢ়াৰ পৰা চৰকাৰী খণ্ডৰ কনিষ্ঠ প্ৰবক্তা (জে এল) পদত অধিষ্ঠিত হোৱালৈ সুমলতাৰ এই যাত্ৰা কোনোপধ্যে সহজসাধ্য নাছিল ৷ এখন চৰকাৰী বিদ্যালয়ত পঞ্চম শ্ৰেণীলৈ পঢ়া-শুনা কৰাৰ পিছত নাকিৰেকালৰ গুৰুকুল স্কুলত ইণ্টাৰমিডিয়েট শিক্ষা সম্পন্ন কৰে যুৱতীগৰাকীয়ে ।
তাৰ পিছত নলগোণ্ডাৰ এম জি কলেজৰ পৰা বি কম ডিগ্ৰী লাভ কৰাৰ পিছত ছৈদাবাদৰ ভোজী ৰেড্ডী মহিলা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা এম বি এ আৰু ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা এম কম ডিগ্ৰী লাভ কৰে সুমলতাই ।
পৰৱৰ্তী সময়ত নিজৰ শিক্ষা সমাপ্ত কৰি চৰকাৰী চাকৰি কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ সুমলতাই প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ হায়দৰাবাদলৈ গুচি যায় । গ্ৰুপ-২ ৰ সাক্ষাৎকাৰ আৰু এছ পি ডি চি এল জে এ অ’ পৰীক্ষাত ব্যৰ্থতাৰ সন্মুখীন হোৱাৰ লগতে কাৰিকৰী দিশৰ বাবে গুৰুকুল নিযুক্তিত অযোগ্য ঘোষিত হৈছিল নালগোণ্ডাৰ এইগৰাকী যুৱতী ৷ তথাপিও তেওঁ কেতিয়াও আশা হেৰুওৱা নাছিল ।
অৱশেষত লাভ কৰিলে অধ্যৱসায়ৰ ফল-
- ২০২৪ চনত আইনী বাধাসমূহ দূৰ হোৱাৰ পিছত কোটিৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালকালয়ত সহকাৰী পৰিসংখ্যা বিষয়া (এ এছ অ’) হিচাপে নিযুক্তি লাভ কৰে ।
- সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত গুৰুকুল (সংগাৰেড্ডী বুধেৰা) ত ডিগ্ৰী প্ৰবক্তাৰ পদ লাভ কৰে ।
- দেৱৰাকোণ্ডা পৌৰসভাত কনিষ্ঠ একাউণ্টছ অফিচাৰ (জে অ’) হিচাপে নিৰ্বাচিত হয় ।
- শেহতীয়াকৈ ৰবীন্দ্ৰ ভাৰতীত অনুষ্ঠিত এক অনুষ্ঠানত কনিষ্ঠ প্ৰবক্তা (জে এল) ৰ নিযুক্তিপত্ৰ লাভ কৰে ।
শিক্ষাখণ্ডত কাম কৰাৰ সপোন পূৰণ কৰি সুমলতাই কয় যে, তেওঁ বিকাৰবাদৰ চৰকাৰী জুনিয়ৰ কলেজত জে এল (কমাৰ্চ) হিচাপে যোগদান কৰিবলৈ বাছি লৈছিল ।
নিজৰ সফলতা সন্দৰ্ভত সুমলতাই পোষ্ট শ্বেয়াৰ কৰিছে এনেদৰে, "মই সদায় বিশ্বাস কৰি আহিছো যে শিক্ষাই প্ৰকৃত শক্তি । মই বিপৰ্যয়ৰ সন্মুখীন হৈছিলো, কিন্তু মই কেতিয়াও হাৰ নামানিলো । শেষত মই গৌৰৱান্বিত অনুভৱ কৰিছো যে মই তিনিটা চাকৰি লাভ কৰিলো আৰু মই আটাইতকৈ ভালপোৱা চাকৰিটো বাছি ল'ব পাৰিলো ৷"
লগতে পঢ়ক: অদ্ভূত লোকাচাৰ ! ইজনে সিজনলৈ দলিয়াই জ্বলন্ত অঙঠা - DEVOTEES THROW FIRE IN FAIR