ETV Bharat / bharat

আৰ্থিক লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক এই ৰাশিৰ লোক...জানক আপোনাৰ দিনটোৰ ৰাশিফল - Daily Horoscope For 29th July

Daily horoscope : কাজিয়া-বিবাদত লিপ্ত হ’লে শাৰীৰিক তথা মানসিকভাৱে দুৰ্বল হৈ পৰিব পাৰে এইসমূহ ৰাশিৰ জাতক-জাতিকা...সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক আৰু অধিক জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 29th July 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Features Team

Published : July 29, 2024 at 12:58 AM IST

5 Min Read
Choose ETV Bharat

মেষ ৰাশি: ঘৰুৱা পৰিৱেশ ভালে থাকিব ৷ বন্ধু আৰু প্ৰিয়জনক লগ কৰিব পাৰে ৷ অৱশ্যে মধ্যাহ্নৰ পিছত স্বাস্থ্যৰ দিশত কিছু পৰিৱৰ্তন লক্ষ্য কৰিব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা আছে ৷ শাৰীৰিক তথা মানসিকভাৱে দুৰ্বল হৈ পৰিব পাৰে ৷

বৃষ ৰাশি: বিভ্ৰান্ত মনে কষ্টত পেলাব পাৰে ৷ পানীলগা-কাঁহ-জ্বৰ হ’ব পাৰে ৷ ধৰ্মীয় কামত খৰচ হ’ব পাৰে ৷ প্ৰিয়জনৰ সৈতে বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে ৷ অৱশ্যে মধ্যাহ্নৰ পিছত এই সমস্যাবোৰৰ কিছুমানৰ পৰা সকাহ পাব পাৰে, যাৰ ফলত প্ৰবল উৎসাহেৰে কাম কৰি যাব পাৰিব ৷ বন্ধু আৰু আত্মীয়-স্বজনৰ সৈতে সাক্ষাৎ হ’ব পাৰে ৷ শাৰীৰিক আৰু মানসিক অৱস্থাই আপোনাক হতাশ নকৰে ৷ আপোনাৰ ঘৰুৱা পৰিৱেশ উত্‍সাহপূৰ্ণ হৈ থকাৰ সম্ভাৱনা আছে ৷

মিথুন ৰাশি: বন্ধুসকলৰ পৰা উপকৃত হ’ব পাৰে ৷ নতুন ব্যক্তিৰ সৈতেও আপোনাৰ বন্ধুত্ব হোৱাৰ সম্ভাৱনা আছে, যিসকলে হয়তো অদূৰ ভৱিষ্যতত আপোনাক উপকাৰ কৰিব পাৰে ৷ আৰ্থিক লাভ আশা কৰাতকৈও অধিক হ’ব পাৰে ৷ সৰু-সুৰা ভ্ৰমণলৈ যাব পাৰে ৷ চৰকাৰী লাভ পোৱাৰো সম্ভাৱনা আছে ৷ আনৰ কামত বা বিষয়ত হেতা-ওপৰা কৰাৰ পৰা দূৰত থাকক ৷ আৰ্থিক লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধানে থাকক ৷

কৰ্কট ৰাশি: নিজৰ পেছা আৰু ব্যক্তিগত বিষয়ৰ গুৰুত্বপূৰ্ণ দিশবোৰক লৈ আলোচনা কৰিব পাৰে, যাৰ ফলত দিনটোক এটা ভাল দিন কৰি তুলিব পাৰিব ৷ অতিৰিক্ত কামৰ হেঁচাত আপুনি ভাগৰি যাব পাৰে; অৱশ্যে মধ্যাহ্নৰ পিছত কিছু সকাহ আশা কৰিব পাৰে ৷ বন্ধুসকলৰ সৈতে লগ ধৰিব পাৰে ৷ তেওঁলোকৰ সৈতে সৰু-সুৰা ভ্ৰমণৰো যোগ আছে ৷

সিংহ ৰাশি: উদ্বিগ্ন হৈ পৰিব পাৰে আৰু লগতে মানসিক আৰু শাৰীৰিকভাৱেও ভাগৰুৱা হৈ থাকিব পাৰে ৷ অনাৱশ্যক কাজিয়া বিবাদ এৰাবলৈ নিজৰ আগ্ৰাসী মনোভাৱক ক্ষান্ত কৰি ৰাখক ৷ মানুহৰ সৈতে কাজিয়া বিবাদত জড়িত হৈ পৰিলে আপোনাৰ চাৰিওফালে অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হ’ব পাৰে ৷

কন্যা ৰাশি: অধিবিদ্যাৰ প্ৰতি আকৃষ্ট হোৱাৰ সম্ভাৱনা আছে ৷ কাজিয়া এৰাই চলিবলৈ কথা কওঁতে সাৱধান হওক ৷ স্বাস্থ্য অলপ বেয়া হ’ব পাৰে ৷ মধ্যাহ্নৰ পিছত আপুনি সৰু-সুৰা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ কোনো ধৰ্মীয় বা শুভ অনুষ্ঠানত যাবলৈ সমৰ্থ নহ’বও পাৰে ৷

তুলা ৰাশি: কৰ্মক্ষেত্ৰ আৰু আন বিভিন্ন ক্ষেত্ৰৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে ৷ প্ৰিয়জনৰ সৈতে সাক্ষাতৰ ফলত আনন্দ লাভ কৰিব ৷ দাম্পত্য জীৱনৰ সন্তুষ্টিয়ে আপোনালৈ অধিক আনন্দ কঢ়িয়াই আনিব ৷ নিজৰ কথাবতৰা আৰু আচৰণক নিয়ন্ত্ৰণত ৰাখক ৷ সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক ৷ আধ্যাত্মিক ক্ৰিয়াকলাপ সম্পন্ন হোৱাৰ যোগ আছে ৷

বৃশ্চিক ৰাশি: বিভিন্ন ধৰণৰ কাম-কাজত ব্যস্ত হৈ থাকিব পাৰে ৷ লগতে গোটেই দিনটো উৎসাহিত হৈ থাকিব ৷ কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা আছে ৷ দাম্পত্য জীৱনো সুখেৰে ভৰি পৰিব ৷ সামাজিক কামত প্ৰশংসিত হ’ব ৷ আপোনাৰ আৰু প্ৰিয়জনৰ মাজত প্ৰেম আৰু মৰম বৃদ্ধি পাব পাৰে ৷

ধনু ৰাশি: পুৱা শিথিলতা অনুভৱ কৰিব পাৰে ৷ কাম কৰাৰ নামত অ’ত ত’ত দৌৰি ফুৰিবলগীয়া হ’ব পাৰে ৷ যি পৰিমাণ কঠোৰ পৰিশ্ৰম কৰিব, ফল তাতকৈ কম পাব ৷ কিন্তু মধ্যাহ্নভোজনৰ পিছত মানসিক আৰু শাৰীৰিকভাৱে কিছু সকাহ পাব পাৰে ৷ দিনটো বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আনন্দেৰে কটাব ৷ ধৰ্মকৰ্ম আৰু দানধৰ্মৰ কামত জড়িত হ’ব পাৰে ৷ আৰ্থিক লাভৰ যোগ আছে ৷

মকৰ ৰাশি: অত্যধিক অনুভূতিশীল আৰু আৱেগিক হৈ নপৰিব ৷ সম্পত্তি আৰু মাটিবাৰী সম্বন্ধীয় বিষয় এৰাই চলক ৷ মানসিক অস্থিৰতাত ভুগিব পাৰে, সেয়ে স্বাস্থ্যৰ প্ৰতি চকু ৰাখিব লাগিব ৷ আঁকোৰগোজ হৈ থাকিলে একো লাভ নহ’ব ৷ অলপ নমনীয় হওঁক ৷ সন্তানক লৈ দুশ্চিন্তাত ভুগিব ৷ চৰকাৰী ক্ষেত্ৰত আৰু নিজৰ ঊৰ্ধ্বতনসকলৰ সৈতে কাম কৰি সফলতা পাব ৷ সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক ৷

কুম্ভ ৰাশি: নতুন কাম হাতত লোৱাৰ বাবে আজি উৎসাহিত হ’ব ৷ দিনটো লেখকসকলৰ কাৰণে ভাল ৷ কিন্তু মধ্যাহ্নৰ পিছত বা সন্ধিয়া পৰিস্থিতি সলনি হ’ব ৷ আৰ্থিক প্ৰতিবন্ধকতাত পৰিব পাৰে ৷ কোনোবাই নিজৰ কথা বা আচৰণেৰে আপোনাৰ মনত আঘাত দিব পাৰে ৷ সম্পত্তি সম্বন্ধীয় বিষয় এৰাই চলক ৷ আধ্যাত্মিকতাই আপোনাৰ উদ্বেগ হ্ৰাস কৰিব ৷

মীন ৰাশি: দিনটো মধ্যমীয়া ৷ অত্যধিক আৰ্থিক ব্যয়ে বিৰক্ত কৰিব পাৰে; নিৰীক্ষণ কৰক ৷ কথা কওঁতে সচেতন হওক; অপ্ৰত্যাশিত পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে ৷ কৰ্মস্থলীত সহকৰ্মীৰ পৰা কঠোৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মূখীন হ’ব পাৰে ৷ কোনো কথাত বিভ্ৰান্ত হৈ পৰিব পাৰে ৷ শুদ্ধ সিদ্ধান্ত লোৱাৰ ক্ষমতাৰ অভাৱ হ’ব পাৰে ৷

লগতে পঢ়ক: বহু জাতক-জাতিকাৰ জীৱনলৈ পৰিৱৰ্তন আহিব এই সপ্তাহত : প্ৰেম বিবাহৰ যোগ; জানক আপোনাৰ বিষয়ে - Weekly Horoscope