ETV Bharat / bharat

Daily Horoscope For 17th March: আজিৰ দিনটোৰ ৰাশিফল

Daily Horoscope For 17th March: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 17th March 2024
আজিৰ দিনটোৰ ৰাশিফল
author img

By ETV Bharat Assamese Team

Published : March 17, 2024 at 5:31 AM IST

6 Min Read
Choose ETV Bharat

মেষ ৰাশি: আজি আপুনি অত্যন্ত পৰোপকাৰী হৈ উঠিব ৷ কিন্তু দুখীয়াৰ প্ৰতি আপোনাৰ সানুভূতিশীল মনোভাৱক বহুতে মূৰ্খতা বুলি ভাবিব ৷ কিন্তু এইবোৰ কৰিলে আপুনি কিছু অত্যন্ত জটিল পৰিস্থিতিৰ পৰা সকাহ পাব ৷ লগতে এয়া আজি আপোনাৰ বাবে কিছু মানসিক শান্তিও কঢ়িয়াই আনিব, যি শান্তি আপুনি বিচাৰিও আছে ৷ আপোনাৰ শান্তিপূৰ্ণ মনৰ দ্বাৰা আপুনিহে উপকৃত হ’ব ৷

বৃষ ৰাশি: আজি নতুন বন্ধুত্ব গঢ়ি তুলিব আৰু নতুন মানুহৰ সৈতে চিনাকী হ’ব ৷ আজিৰ দিনটো আপোনাৰ বাবে অনুকূল আৰু গোটেই দিনটো আপুনি আনন্দত থাকিব ৷ আপোনাৰ কাম হয়তো স্বীকৃতি নাপাব পাৰে, কিন্তু এইবোৰ কথা চিন্তা নকৰি আপুনি নিজৰ কাম ঠিকেই কৰি যাব ৷ স্বাস্থ্যৰ যতন লওক ৷

মিথুন ৰাশি: আজি আপুনি বিভিন্ন চিন্তাত নিমগ্ন হৈ থাকিব ৷ আজি আপোনাক যি কামৰ দায়িত্ব দিয়া হ’ব, সেয়া সম্পন্ন কৰিবলৈ আপুনি নিজৰ সৰ্বোত্তম প্ৰয়াস পাব ৷ আলোচনা আৰু তৰ্ক-বিতৰ্কৰ পৰা দূৰত থাকক ৷ মহিলাৰ ক্ষেত্ৰত বিশেষকৈ মাতৃৰ ক্ষেত্ৰত আপুনি আৱেগিক হৈ উঠিব পাৰে ৷ ভ্ৰমণৰ যোগ আছে, কিন্তু আপুনি ভ্ৰমণ এৰাই চলাটোহে ভাল ৷ কোনো বিষয়ক লৈ বিপাঙত পৰিব পাৰে, কিন্তু সেইষাৰ কথাক লৈ অত্যধিক চিন্তা কৰি থাকিলে আপুনি মানসিকভাৱে বিধ্বস্ত হৈ পৰিব পাৰে ৷ পানী বা আন কোনো তৰল পদাৰ্থৰপৰা বিপদ আছে আপোনাৰ বাবে ৷

কৰ্কট ৰাশি: আজি দিনটো আপুনি ভাগ্যশালী হৈ থাকিব ৷ নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো বহুতেই ভাল ৷ বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে মতবিৰোধ হোৱাৰ সম্ভাৱনা থাকিলেও তেওঁলোকৰ সৈতে ছুটী কটাবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ আপুনি নিজৰ কামক লৈ সন্তুষ্ট থাকিব ৷ আজি আপুনি যিয়ে কৰিব, তাতেই সফল হ’ব ৷ ব্যৱসায়ত আপুনি নিজৰ প্ৰতিযোগীসকলক চেৰ পেলাই যাব ৷ আৰ্থিক লাভৰ যোগ আছে ৷ আপোনাৰ সামাজিক মান বৃদ্ধি পাব পাৰে ৷

সিংহ ৰাশি: আজিৰ দিনটো আৰ্থিক লাভৰ দিন ৷ কিন্তু খৰছো বহুত হ’ব ৷ দূৰ অঞ্চলৰ মানুহৰ সৈতে যোগাযোগৰ জৰিয়তে আপুনি উপকৃত হ’ব পাৰে ৷ পৰিয়ালৰপৰা বিশেষকৈ বান্ধৱীসকলৰপৰা সহযোগিতা পাব ৷ আপুনি আজি দাঁত বা চকুৰ সমস্যাৰপৰা সকাহ পাব ৷ আপুনি নিজৰ বিনম্ৰ ব্যৱহাৰেৰে মানুহৰ মন জয় কৰিব ৷

কন্যা ৰাশি: আজি আপুনি নতুন মানুহৰ সৈতে চিনাকী হ’ব, যাৰপৰা ভৱিষ্যতত আপুনি লাভবান হ’ব ৷ আপুনি আত্মবিশ্বাসৰ সৈতে আগবাঢ়ি যাব ৷ ব্যৱসায়ত শ্ৰীবৃদ্ধি হ’ব ৷ আজি আপোনাৰ স্বাস্থ্য বৰ ভাল থাকিব ৷ আজি দিনটো এনেকৈ যাব যে আপুনি আনন্দিত হৈ থাকিব ৷ আৰ্থিক লাভ নিশ্চিত ৷ আপুনি কিছু সুসংবাদো পাব পাৰে ৷ আপোনাৰ ভ্ৰমণত কোনো বাধা-বিঘিনি নাই ৷ আজি টোপনি ভাল হ’ব আপোনাৰ ৷

তুলা ৰাশি: আজি আপুনি স্বাস্থ্যৰ যতন লওঁক ৷ অধৈৰ্য বা অসাৱধান আচৰণে আপোনাক বিপদ পেলাব ৷ তুলা ৰাশি:ৰ জাতক-জাতিকাসকলৰ ক্ষেত্ৰত দুৰ্ঘটনাৰ আশংকাক নুই কৰিব নোৱাৰি ৷ ব্যয়বৃদ্ধি হ’ব ৷ ব্যৱসায়ত অংশীদাৰসকলৰ সৈতে সংঘাত হ’ব পাৰে ৷ ভাবি চিন্তি কথা ক’ব ৷ অনাৱশ্যক কাজিয়া বিবাদত লিপ্ত নহ’ব ৷ ন্যায়ালয় সম্বন্ধীয় বিষয়ত আপোনাক অতি সতৰ্ক হ’ব লাগিব যেন লাগিছে ৷ চিনাকী মানুহৰ সৈতে তৰ্ক হ’ব পাৰে ৷ আধ্যাত্মিকতাৰ প্ৰতি আকৃষ্ট হ’ব আৰু এয়া আপোনাৰ বাবে নিশ্চিতকৈ লাভদায়ক হ’ব ৷

বৃশ্চিক ৰাশি: আজিৰ দিনটো বিভিন্ন দিশৰপৰা আপুনি লাভবান হ’ব ৷ ব্যৱসায়ত আপোনাৰ লাভৰ যোগ আছে ৷ আপোনাৰ কামত আপোনাৰ বছ সন্তুষ্ট হ’ব ৷ আপুনি নিজৰ পুৰণি বন্ধুক লগ পাব পাৰে, তেওঁলোকৰ সৈতে ছুটীও কটাবলৈ যাব পাৰে ৷ বিবাহপ্ৰাৰ্থীসকলে জীৱনসংগী বা জীৱনসংগিনী পাব পাৰে ৷ আপুনি আজি কেৱল নিজৰ পতি বা পত্নী আৰু পুত্ৰৰপৰাই নহয়, বান্ধৱীৰপৰাও উপকৃত হ’ব পাৰে ৷ নৈসৰ্গিক ঠাইত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ আপুনি আজি উপহাৰ পাব পাৰে ৷ দাম্পত্য সুখত মতলীয়া হৈ থাকিব ৷

ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে আজিৰ দিনটো বৰ ভাগ্যশালী ৷ আজি আপুনি নিজৰ আৰ্থিক দিশসমূহক বৰ ভালকৈ চম্ভালি ল’ব পাৰিব ৷ আপুনি সফলভাৱে নিজৰ কাম সম্পূৰ্ণ কৰিব পাৰিব আৰু মনৰ আনন্দত আপুনি আনৰ কামত সাহায্যও কৰিব ৷ আপোনাৰ ব্যৱসায় সম্বন্ধীয় গুৰুত্বপূৰ্ণ সিদ্ধান্তও হয়তো গ্ৰহণ কৰা হ’ব আজি ৷ ব্যৱসায়ৰ কাৰণে ভ্ৰমণৰ যোগ আছে ৷ আপুনি নিজৰ প্ৰতিভাৰে ঊৰ্ধ্বতনৰ মন জয় কৰিব পাৰিলে আপোনাৰ পদোন্নতিৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি ৷ আপুনি পিতৃ আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা উপকৃত হ’ব পাৰে ৷

মকৰ ৰাশি: আজিৰ দিনটো অইন দিনবোৰৰ দৰেই সাধাৰণ ৷ বৌদ্ধিক কাম কৰিবলগীয়া বিষয়বোৰত যুক্ত হোৱাৰ বাবে সময়টো উত্তম ৷ লেখামেলা আৰু সাহিত্যৰ লগত যুক্ত লোকসকলৰ বাবে দিনটো ভাল ৷ চৰকাৰী বিষয়ত উত্থাপিত হোৱা প্ৰতিকূল পৰিস্থিতিৰ বিৰুদ্ধে যুঁজিবলগীয়া হ’ব পাৰে আপুনি ৷ দিনৰ শেষত আপোনাৰ ভাগৰুৱা লাগিব পাৰে ৷ আপুনি মানসিক আৰু আৱেগিকভাৱে বিধ্বস্ত হৈ পৰিব ৷

কুম্ভ ৰাশি: আজি আপোনাৰ মনত বহুত চিন্তা থাকিব, এইবোৰ চিন্তাই আপোনাক সম্পূৰ্ণ বিধ্বস্ত কৰি পেলাব ৷ আপোনাৰ খং উঠিব পাৰে আৰু আপোনাৰ খং তেতিয়াহে কমিব যেতিয়া আপুনি নিজক শান্ত কৰি তুলিব আৰু অত্যধিক চিন্তা কৰা বাদ দিব ৷ চুৰ কৰা আৰু অন্যান্য অবৈধ কাৰ্যকলাপৰপৰা দূৰত থাকক ৷ নেতিবাচক মনোভাৱ এৰাই চলক আৰু ভাবি চিন্তি কথা পাতক ৷ পৰিয়ালত কোনোবাৰ বিবাহৰ সম্ভাৱনা আছে ৷ ব্যয় বৃদ্ধিৰ সম্ভাৱনা আছে বাবে সেই দিশটোক নিয়ন্ত্ৰণ কৰিব লাগিব আপুনি ৷ ভগৱানৰ নামগান কৰিলে আপোনাৰ ভাল লাগিব পাৰে ৷

মীন ৰাশি: আজি আপোনাৰ গ্ৰহ অনুকূল, যাৰ ফলত আপুনি যি কোনো ধৰণৰ শিল্পকলাৰ ক্ষেত্ৰত উন্নতি কৰিব পাৰিব ৷ ব্যৱসায়ত নতুন অংশীদাৰিত্বৰ বাবে দিনটো অতি উত্তম ৷ প্ৰাত্যহিকতাৰ মাজত আপুনি ভাগৰি পৰিছে একেবাৰে, সেয়েহে আজি অলপ আনন্দ-ফুৰ্তি কৰিব বিচাৰিব আপুনি ৷ আজি আপুনি প্ৰিয়জনৰ সৈতে আনন্দ-ফুৰ্তি কৰিব পাৰে বা ক’ৰবাত ফুৰিবলৈ যাব পাৰে ৷ পৰিয়ালৰ লোকক লৈ বাহিৰত ফুৰিবলৈ গ’লে তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক আৰু অধিক মজবুত হ’ব ৷ সফলতাই আপোনাৰ বাবে স্বীকৃতি কঢ়িয়াই আনিব ৷