ETV Bharat / bharat

ধনু ৰাশিৰ বিবাহৰ যোগ...সিংহ ৰাশিৰ নতুন কাম হাতত লোৱাৰ বাবে সময় শুভ...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 16th July

Daily Horoscope: আজি তুলা ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত, জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 16th July 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 16, 2024 at 12:36 AM IST

5 Min Read
Choose ETV Bharat

মেষ ৰাশি: আজি গোটেই দিনটো আপুনি মানসিকভাৱে তজবজীয়া হৈ থাকিব ৷ আপোনাৰ সাংসাৰিক জীৱন আনন্দময় হৈ থাকিব ৷ আজি আপুনি ভ্ৰমণলৈ যাব পাৰে আৰু জুতিলগা খাদ্য ভোজন কৰিব ৷ হেৰাই যোৱা কোনো বস্তু বিচাৰি পাব পাৰে ৷ নিজৰ চিন্তাক নিয়ন্ত্ৰণ কৰক ৷

বৃষ ৰাশি: আজি গোটেই দিন আপুনি মানসিকভাৱে শান্তি অনুভৱ কৰিব ৷ আপুনি নিজৰ কামৰ নিখুঁত পৰিকল্পনাৰ সৈতে প্ৰণালীৱদ্ধভাৱে আগুৱাই যাব পাৰিব ৷ অসমাপ্ত হৈ থকা কামবোৰ আজি আপুনি সম্পন্ন কৰিব পাৰে ৷ পিতৃ-মাতৃৰ পৰা সহায় লাভ ৷ আজি আপুনি শাৰীৰিকভাৱে সুস্থ হৈ থাকিব ৷

মিথুন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷ নতুন কাম আজি হাতত নল’ব ৷ স্বামী বা স্ত্ৰী আৰু সন্তানক লৈ দুশ্চিন্তা থাকিব ৷ ব্যয় প্ৰচণ্ড পৰিমাণে বৃদ্ধি পাব ৷ সম্ভৱ হ’লে মানুহৰ সৈতে বিবাদত নোসোমাব ৷

কৰ্কট ৰাশি: আজি আপুনি ভাবি-চিন্তি কাম কৰক ৷ আপোনাৰ শাৰীৰিক শক্তি আৰু মানসিক শান্তি বৰ্তাই ৰখাটো আপোনাৰ বাবে জটিল হ’ব পাৰে ৷ হৃদৰোগ বা অন্যান্য কোনো ৰোগৰ বাবে আপুনি বিষ অনুভৱ কৰিব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে কাজিয়া বিবাদৰ ফলত আপুনি মনত দুখ পাব পাৰে ৷ অধিক ব্যয়ৰ যোগ আছে ৷ অনিদ্ৰাই আপোনাক আমনি দিব পাৰে ৷ ধৈয্য ধৰক আৰু ধ্যান কৰক ৷

সিংহ ৰাশি: আজি আপুনি সফলভাৱে নিজৰ কাম সম্পন্ন কৰিব পাৰিব আৰু নিজৰ প্ৰতিযোগীসকলক পৰাস্ত কৰিব পাৰিব ৷ ভাই-ভনীৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিকতাপূৰ্ণ হৈ থাকিব ৷ প্ৰিয়জন আৰু বন্ধুৰ সৈতে সুন্দৰ কোনো ঠাইত ফুৰিবলৈ যোৱাৰ যোগ আছে ৷ আজি আপোনাৰ আৰ্থিক লাভ হ’ব পাৰে ৷ আজি আপুনি শান্ত হৈ থাকক ৷ স্ত্ৰীভাগ্য আজি আপোনাৰ ওপৰত প্ৰসন্ন ৷ নতুন কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো শুভ ৷

কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ আপুনি নিজৰ মিঠা মাতেৰে নিজৰ চাৰিওফালে থকা লোকৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব পাৰিব ৷ আপোনাৰ ঘৰুৱা পৰিৱেশ ভালে থাকিব ৷ তথাপি সংঘাতৰ সামান্য সম্ভাৱনাকো এৰাই চলিবলৈ নিজৰ মুখত লেকাম টানি ৰাখক ৷ আপুনি আজি সুচলভাৱে আৰ্থিক দিশবোৰ চম্ভালি ল’ব পাৰিব ৷ নেতিবাচক চিন্তা এৰাই চলক ৷ আজি আপুনি বন্ধু আৰু প্ৰিয়জনক লগ পাব পাৰে ৷ সৰু-সুৰা ভ্ৰমণ হোৱাৰ যোগ আছে ৷

তুলা ৰাশি: আজি আপুনি যি কোনো কামেই আত্মবিশ্বাসৰ বলত কৰি যাব পাৰিব ৷ আপুনি আজি নিজৰ আৰ্থিক দিশটোক সফলভাৱে চম্ভালি লৈ যাব পাৰিব ৷ আজি আপুনি শাৰীৰিক আৰু মানসিক আনন্দ লাভ কৰিব ৷ শ্বপিং আৰু মনোৰঞ্জনৰ নামত খৰচ হ’ব আপোনাৰ ৷ আপুনি নিজৰ বিশ্বাসত অটল থাকিব ৷ প্ৰিয়জনৰ সৈতে সম্পৰ্ক মজবুত হ’ব ৷

বৃশ্চিক ৰাশি: খৰচৰ মাত্ৰা বৃদ্ধি হ’ব ৷ কিন্ত আপুনি মন কৰিব আপোনাৰ খৰচ ভাল কামৰ বাবে কৰা হৈছে, যেনে ভ্ৰমন, আনন্দ আৰু খেলা-ধূলাত ৷ কিন্তু আপোনাৰ শৰীৰে আপোনাৰ লগ নিদিব ৷ ফলত আপুনি সম্পূৰ্ণ আনন্দ উপভোগ কৰাত ব্যৰ্থ হ’ব ৷ মেডিকেল বিষয়ৰ অস্ত্ৰোপচাৰ কৰিবলগা হ’লে অলপ দিন ৰৈ দিয়ক ৷ পৰিয়াল বা প্ৰিয় সংগীৰ লগত ভুল বুজাবুজি হ’ব পাৰে ৷ সাৱধানে থাকক অন্যথা আপুনি বিপদত পৰিব পাৰে ৷ সামাজিকভাৱে অপদস্থ হ’বলগীয়া হ’ব পাৰে ৷

ধনু ৰাশি: আজি আপুনি কামৰ বোজাৰ মাজত থাকিব লাগিব ৷ কামৰ বোজা বৃদ্ধি হ’লেও শেষ নোহোৱালৈকে ৰক্ষা নহ’ব, কিন্তু কামৰ অন্তত আপুনি আনন্দ অনুভৱ কৰিব ৷ পাৰিবাৰিক জীৱন সুন্দৰ হ’ব আৰু প্ৰেমৰ উমেৰে ভৰা হ’ব ৷ বন্ধুৰ লগত খোজকঢ়া, পাহাৰ বগোৱা, দৌৰা আদি খেলত অংশগ্ৰহণ কৰিব পাৰিব ৷ বিবাহ প্ৰাৰ্থীসকলৰ প্ৰেম বিবাহ হ’ব পাৰে ৷ সন্তান আৰু মহিলা বন্ধুৰ পৰা লাভ হ’ব ৷

মকৰ ৰাশি: দিনটো শুভ ৷ জুই আৰু পানীৰ পৰা সাৱধানে থাকক ৷ দুপৰীয়াৰ পৰা কামবোৰ সফল হ’ব ৷ পদোন্নতিৰ যোগ দেখা যায় আৰু ওপৰৱালাৰ প্ৰশংসাৰ পাত্ৰ হ’ব ৷ ব্যৱসায় সংক্ৰান্তীয় ভ্ৰমণ হ’ব পাৰে আৰু আপোনাৰ আনন্দ বাঢ়িব ৷ ধনৰ ক্ষেত্ৰত আপুনি বিপদমুক্ত হ’ব আৰু সন্মান লাভ কৰিব ৷ পাৰিবাৰিক পৰিবেশ সুন্দৰ হ’ব ৷

কুম্ভ ৰাশি: শৰীৰৰ ওপৰত চকু দিয়ক ৷ অফিচাৰ বা প্ৰতিদন্দীসকলৰ পৰা সাৱধানে আঁতৰি থাকিব আৰু বুদ্ধিৰে কামত আগবাঢ়িব, তেওঁলোকে আপোনাক অবহেলা কৰিব পাৰে ৷ সন্তানৰ বাবে উদ্বিগ্নতা বৃদ্ধি হ’ব পাৰে ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷ বিদেশৰ পৰা বহু দিনৰ পৰা প্ৰতিক্ষা কৰি থকা খবৰ আহিব পাৰে ৷

মীন ৰাশি: গণেশৰ কৃপাত এই দিনটো আপোনাৰ বাবে মধ্যমীয়া হ’ব ৷ হাতত লোৱা কামত অলপ বেছি মনোযোগ দিয়ক হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা । ব্যৱসায়ীসকলে তেওঁলোকৰ বাকী থকা ধন ঘূৰাই পাব । আপুনি আপোনাৰ স্বাস্থ্যৰ বিশেষ যত্ন ল’ব লাগিব । খৰচ বাঢ়িব । নিয়মৰ বিৰুদ্ধে আপোনাৰ কামে সমস্যা বৃদ্ধি কৰিব পাৰে । আধ্যাত্মিকতাই আপোনাক ভুল পথৰ পৰা আঁতৰাই ৰাখিব । প্ৰেম জীৱনত সফল হ’বলৈ হ’লে অধিক কষ্ট কৰিব লাগিব ।

লগতে পঢ়ক: এই সপ্তাহটো বহুকেইটা ৰাশিৰ বাবে হ’ব সৌভাগ্যশালী...পাব ব্যৱসায়ত আকাংক্ষিত লাভ...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope