ETV Bharat / bharat

মীন ৰাশিৰ বাবে আনন্দ-স্ফূৰ্তি কৰাৰ সময়...কৰ্কট ৰাশিৰ বাবে সৌভাগ্যশালী দিন...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 12th July

Daily Horoscope: আজি ৰাশি সলনি কৰি কন্যা ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব ৰাশিসমূহত, জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 12th July 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 12, 2024 at 12:20 AM IST

6 Min Read
Choose ETV Bharat

মেষ ৰাশি: আজিৰ দিনৰ আৰম্ভণিয়েই শুভ হ’ব ৷ গণেশৰ কৃপাত আজি গোটেই দিনটো আপোনাৰ বাবে হাঁহি আৰু আনন্দৰ দিন ৷ লক্ষ্মী দেৱীৰ কৃপা আপোনাৰ ওপৰত বৰষি থাকিব ৷ ব্যৱসায়ৰ বাবে বিজ্ঞাপন দিয়াৰ পৰিকল্পনা কৰক ৷ আপোনাৰ যোগাযোগ ব্যৱস্থাই আপোনাক লাভান্বিত কৰিব ৷ সৰু ভ্ৰমণৰ যোগ আছে ৷

বৃষ ৰাশি: গণেশৰ কৃপাত কৰ্মক্ষেত্ৰত সফলতা লাভ ৷ আপোনাৰ মিঠা মাত আৰু ব্যৱহাৰেই আপোনাৰ চাৰিওকাষে থকা লোকসকলক প্ৰভাৱিত কৰাৰ বাবে যথেষ্ট ৷ ব্যৱসায়ত লাভ ৷ আপুনি বিচৰা মানুহৰ লগত মিত্ৰতা সুদৃঢ় হ’ব ৷ যদিও কামৰ ফল পোৱাত অলপ পলম হ’ব পাৰে কিন্তু কষ্ট অথলে নাযায় ৷ ধন জমা কৰাৰ বাবে সুন্দৰ সময় ৷

মিথুন ৰাশি: আপুনি আপোনাৰ দৰেই থাকক ৷ যিহেতু আপুনি বৰ বেছি সংবেদনশীল সেয়েহে আনে হঠাৎ লোৱা সিদ্ধান্তই আপোনাক অসন্তুষ্ট কৰিব ৷ আপোনাৰ মাতৃ বা পত্নীৰ লগত আপোনাৰ সম্বন্ধ অলপ মিশ্ৰ ধৰণৰ হ’ব ৷ ভ্ৰমণ বাতিল কৰক আৰু অলপ দিন পানীৰ পৰা আঁতৰি থাকক ৷ লগতে এইকেইদিন কোনো নিৰ্দিষ্ট বিষয়ত মানসিক চিন্তা বৃদ্ধি পাব পাৰে ৷

কৰ্কট ৰাশি: আপোনাৰ বাবে এক সৌভাগ্যশালী দিন ৷ আগতে পৰিকল্পনা কৰি ৰখা নতুন কাম আৰম্ভৰ এয়া এক উত্তম সময় ৷ পুৰণি বন্ধুসকলক সাক্ষাৎ কৰাৰ বাবে উত্তম সময় ৷ ভাল বন্ধু আৰু আপোনাক আনন্দিত কৰি ৰখা বন্ধুসকলৰ মাজত আপুনি নিজকে সতেজ অনুভৱ কৰিব ৷ ভ্ৰমণত আনন্দ লাভ কৰিব ৷ ভগৱানক ধন্যবাদ জনাওক কাৰণ এই সময়খিনিত আপুনি কৰা সকলো কামৰ অতি ভাল ফল আপুনি লাভ কৰিব পাৰিব ৷ প্ৰচুৰ ধনাগমণ হ’ব আৰু টকাৰ লেনদেনত কোনো বাধা নহাকৈয়ে আগবাঢ়িব ৷

সিংহ ৰাশি: এই দিনটো আপোনাৰ বাবে মিশ্ৰ ফলদায়ক গতিকে চিন্তা নকৰিব ৷ ধনৰ দিশৰ পৰা খৰচ সাময়িকভাৱে অলপ বাঢ়িব ৷ আপুনি বিদেশৰ লগত যোগাযোগ আৰু সম্পৰ্ক ৰক্ষাত সফল হ’ব ৷ পৰিয়ালৰ সদস্য আৰু প্ৰেমীৰ সহযোগিতাই আপোনাক আনন্দিত কৰিব ৷ মহিলা বন্ধুসকল বেচি সহায়ক হ’ব ৷ দাঁত , চকু বা কাণৰ বিষে আপোনাক অলপ আমনি কৰিব পাৰে ৷

কন্যা ৰাশি: দিনটো কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে মিশ্ৰ ফলদায়ক ৷ আপুনি ভবা আৰু কৰা সকলো কামৰ উচিত ফল আজি আপুনি লাভ কৰিব ৷ যিয়ে আপোনাক সুখী আৰু আপুনি আনক সুখী কৰিব পাৰিব ৷ ধনৰ ফালৰ পৰা ভাল দিশ দেখা গৈছে ৷ ব্যৱসায় বৃদ্ধি হ’ব আৰু শৰীৰ ভাল থাকিব ৷ দূৰৰ পৰা ভাল খবৰ পাব আৰু সেয়া ধন সম্পৰ্কীয় হ’ব ৷ ভ্ৰমণ লাভদায়ক হ’ব আৰু বিবাহৰ যোগ আছে ৷ সংগীৰ লগত সম্পৰ্ক উন্নত হ’ব ৷

তুলা ৰাশি: জীৱনক নতুনকৈ সজোৱা আৰু উন্নত কৰাৰ উপযুক্ত সময় ৷ অযথা যুক্তিতৰ্ক বা অদৰকাৰী কথা কোৱাৰ পৰা নিজকে আঁতৰাই ৰাখক ৷ আইন সংক্ৰান্তীয় কাগজত চহী কৰোঁতে দুবাৰ ভাবি লওক ৷ যোগভ্যাস, ধ্যান আৰু প্ৰাৰ্থনাই শৰীৰ আৰু মনক সুস্থ সবল কৰি ৰখাত সহায় কৰিব ৷

বৃশ্চিক ৰাশি: আপোনাৰ বাবে সুন্দৰ আৰু শান্ত দিন ৷ সকলো নতুনকৈ আৰম্ভ হ’ব আৰু আপুনি সফলতা লাভ কৰিব ৷ ব্যৱসায়িক আৰু পৰিয়ালৰ লগত সম্পৰ্ক উন্নত হ’ব ৷ পুৰণি বন্ধুক লগ পাব আৰু তেওঁলোকৰ লগত বা সংগীৰ সৈতে ফুৰিবলৈ যাব পাৰে ৷ বিবাহপ্ৰাৰ্থী বিচৰাসকলৰ বাবে উত্তম সময় , বিপৰীত লিংগৰ লগত আপোনাৰ সম্পৰ্কই আপোনাক লাভান্বিত কৰিব ৷ তেওঁলোকৰ লগত কৰা ব্যৱসায়ত প্ৰচুৰ উন্নতি হ’ব ৷ বন্ধু আৰু ভালপোৱা জনৰ পৰা উপহাৰ লাভ কৰিব ৷ সন্তানৰ সফলতাত আনন্দ পাব ৷

ধনু ৰাশি: আজি আপুনি নিজৰ কঠোৰ পৰিশ্ৰমৰ বাবে সুফল পাব । আপোনাৰ সাংসাৰিক জীৱন আনন্দদায়ক হ’ব ৷ আপুনি যি কৰিব তাতেই সফল হ’ব । কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্ধ্বতনসকলে আপোনাৰ কামত সন্তুষ্ট হ’ব । পিতৃ বা আপোনাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠ কোনো লোকৰ দ্বাৰা উপকৃত হ’ব । ব্যৱসায়ৰ কাৰণে আপুনি ভ্ৰমণত যাব পাৰে । কৰ্মক্ষেত্ৰত আপোনাক ডাঙৰ দায়িত্ব দিয়া হ’ব । ভাবিচিন্তিহে ব্যয় কৰিব ।

মকৰ ৰাশি: আজিৰ দিনটো মিশ্ৰ । আজি আপুনি অত্যন্ত সৃজনশীল আৰু উদ্ভাৱনশীল হৈ থাকিব । আপুনি প্ৰয়োজন অনুসৰি এই সৃজনশীলতাক কামত লগাব পাৰিব ৷ মানসিক স্বাস্থ্য আপোনাৰ ভালে নাথাকিব পাৰে । সন্তানক লৈ সমস্যা বা সিহঁতৰ অনুপস্থিতিয়ে আপোনাক গোটেই দিনটো আমনি দি থাকিব । ধনৰ অপচয় এৰাই চলক । ভ্ৰমণলৈ যাব পাৰে । প্ৰতিযোগীসকলৰ সৈতে বিবাদত লিপ্ত নহ’ব ।

কুম্ভ ৰাশি: অনৈতিক ক্ৰিয়াকলাপত লিপ্ত নহ’ব । প্ৰিয়জনৰ প্ৰতি অনুগত হৈ থাকিব । আপোনাৰ চাৰিওফালে ঘটি থকা ঘটনাবোৰক লৈ বাস্তৱসন্মত মনোভাৱ ৰাখক । ইয়াৰ সহায়ত আপুনি পৰিয়ালত গুৰুতৰ কোনো সমস্যাক চম্ভালি চলিব পাৰিব । আপুনি খৰচ নিয়ন্ত্ৰণ কৰিব নোৱাৰিব বাবে আৰ্থিক সংকটত পৰিব আৰু আপুনি নিয়ন্ত্ৰণ ৰাখিব লাগিব আপোনাৰ খঙৰ ওপৰত । আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে নাযাব ।

মীন ৰাশি: আজি আপুনি কৰ্মক্ষেত্ৰৰ দৈনন্দিন কামৰ পৰা ছুটী লৈ অলপ বিশ্ৰাম ল’ব । আনন্দ-স্ফূৰ্তি কৰাৰ কাৰণে আপুনি নিজৰ পৰিয়ালৰ লোক আৰু বন্ধুসকলৰ সৈতে ক’ৰবালৈ যাব পাৰে । স্বাস্থ্যৰ দিশত আজিৰ দিনটো ভাল । শাৰীৰিক আৰু মানসিকভাৱে কোনো সমস্যা ভুগিব পাৰে । তদুপৰি আপোনাৰ প্ৰতি আনৰ মনত শ্ৰদ্ধা বৃদ্ধি পোৱা দেখা পাব ।

লগতে পঢ়ক: এই সপ্তাহত বহুকেইটা ৰাশিৰ কৰ্ম-ব্যৱসায়ত উন্নতি লাভ...গভীৰ হ’ব প্ৰেমৰ সম্পৰ্ক...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope