ETV Bharat / bharat

মিথুন ৰাশি আজি সৌভাগ্যশালী...বৃষ ৰাশিৰ আত্মবিশ্বাস তথা মনোবল বৃদ্ধি...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 11th July

Daily Horoscope: আজি সিংহ ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব ৰাশিসমূহত, জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 11th July 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 11, 2024 at 12:48 AM IST

6 Min Read
Choose ETV Bharat

মেষ ৰাশি: আজি আপোনাৰ খং নিয়ন্ত্ৰণ কৰা উচিত ৷ শাৰীৰিক আৰু মানসিক ৰোগৰ সন্মুখীন হ’ব পাৰে ৷ অধিক কঠোৰ পৰিশ্ৰমৰ শেষত কম সফলতাই হতাশাৰ সৃষ্টি কৰিব পাৰে ৷ অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকসকলে কিছু চিন্তিত অনুভৱ কৰিব পাৰে ৷ শিশুক লৈ চিন্তাৰ সৃষ্টি হ’ব ৷ পেটৰ লগত জড়িত ৰোগত ভুগিব পাৰে ৷ ভ্ৰমণত বাধা আহিব ৷ চৰকাৰী কামত আপুনি সফলতা লাভ কৰিব ৷ আপোনাৰ পত্নীৰ লগত মতানৈক্য হ’ব পাৰে ৷ ছাত্ৰ-ছাত্ৰীসকলক অতিৰিক্ত কঠোৰ পৰিশ্ৰম কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ৷

বৃষ ৰাশি: আপুনি দৃঢ় আত্মবিশ্বাস আৰু অদম্য মনোবলেৰে সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব ৷ ইয়াৰ বাবে আপুনি চাকৰি আৰু ব্যৱসায়ত আগবাঢ়ি যাব ৷ পিতৃ বা পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা লাভৱান হ’ব ৷ চৰকাৰ বা তেওঁলোকৰ সৈতে অৰ্থনৈতিক লেনদেন কৰিলে লাভৱান হ’ব ৷ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত ভাল প্ৰদৰ্শন কৰিব পাৰিব ৷ ক্ৰীড়া আৰু কলাৰ সৈতে জড়িত লোকসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ পাব ৷ প্ৰেম জীৱন সুখৰ হ'ব ৷

মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নতুন পৰিকল্পনা ৰূপায়ণৰ বাবে এক শুভ দিন ৷ কৰ্মত নিয়োজিত লোকসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ভাল ফল লাভ কৰিব বিষয়া আৰু চৰকাৰৰ পৰা ৷ ব্যৱসায়ত লাভ ৷ ওচৰ-চুবুৰীয়া, ভাই-ভনী আৰু বন্ধু-বান্ধৱীৰ লগত সময় কটাব ৷ সৌভাগ্য বৃদ্ধিৰ সুযোগ আহিব ৷ ভ্ৰমণৰ সম্ভাৱনা আছে ৷ সফলতাৰ বাবে অতিৰিক্ত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন নাই ৷

কৰ্কট ৰাশি: ভুল বুজাবুজি আৰু নেতিবাচক আচৰণে আপোনাৰ মনত উদ্বিগ্নতা আৰু অপৰাধবোধৰ সৃষ্টি কৰিব ৷ স্বাস্থ্যজনিত সমস্যা, বিশেষকৈ চকুৰ সমস্যা হ’ব পাৰে ৷ পৰিয়ালৰ সদস্যৰ লগত বিসংগতি হ’ব পাৰে ৷ কামৰ সন্দৰ্ভত সন্তুষ্টিৰ অনুভৱ হ’ব যদিও অতিৰিক্ত কাম কৰিবলৈ মন নাযাবও পাৰে ৷ টকা খৰচ হ’ব ৷ অনৈতিক প্ৰৱণতাৰ দিশে নগৈ মনটোক নিয়ন্ত্ৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত নিজৰ আকাংক্ষিত সফলতাৰ বাবে অপেক্ষা কৰিব লাগিব ৷

সিংহ ৰাশি: আপোনাৰ প্ৰবল আত্মবিশ্বাসৰ বাবে যিকোনো ধৰণৰ সিদ্ধান্ত সোনকালে ল’ব পাৰিব ৷ ইয়াৰ ফলত আপোনাৰ অগ্ৰগতিৰ পথ সহজে খোল খাব ৷ সন্মান বাঢ়িব ৷ কিন্তু আপোনাৰ আচৰণ আৰু কথা-বতৰাৰ বাবে কাৰোবাৰ লগত আপোনাৰ মত বিৰোধ হ’ব পাৰে ৷ পিতৃ বা বয়োজ্যেষ্ঠৰ পৰা কিছু লাভ হ’ব ৷ বৈবাহিক জীৱনত মধুৰতা থাকিব ৷ চৰকাৰী কামত আপুনি লাভৱান হ’ব ৷

কন্যা ৰাশি: আপুনি হয়তো আজি কিবা এটা চিন্তাত পৰিব ৷ কাৰোবাৰ লগত কাজিয়া কৰি অপমানিত হ’ব পাৰে ৷ নিয়োজিত লোকসকলক নিজৰ ব্যৱসায়ত মন দিবলৈ পৰামৰ্শ দিয়া হৈছে, আপুনি আপোনাৰ সতীৰ্থ কৰ্মচাৰীৰ সৈতে সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷ আজি কিছু অভাৱনীয় খৰচৰ সৃষ্টি হ’ব পাৰে ৷ বৈবাহিক জীৱনত ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে ৷ আজি আপুনি আপোনাৰ বেছিভাগ সময় মৌনতাত কটোৱা উচিত ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব ৷

তুলা ৰাশি: পাৰিবাৰিক জীৱনত সুখ আৰু আনন্দই বিৰাজ কৰিব ৷ প্ৰেম জীৱন সুখৰ হ’ব ৷ আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ কাৰ্যালয় আৰু ব্যৱসায়ত অনুকূল পৰিবেশ থাকিব ৷ পদোন্নতিৰ সম্ভাৱনা ৷ ব্যৱসায় সম্প্ৰসাৰণৰ বাবেও বিশেষ পৰিকল্পনাৰ কাম আৰম্ভ কৰিব পাৰে ৷ পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱীয়ে আপোনালোকৰ সহায় লৈ আনন্দিত হ'ব ৷ ব্যৱসায়ত লাভৱান হ’ব ৷ বৈবাহিক জীৱনত সুখলাভ ৷ ছাত্ৰ-ছাত্ৰীৰ বাবেও দিনটো ভাল ৷

বৃশ্চিক ৰাশি: আপোনাৰ সকলো কাম সহজেই সম্পূৰ্ণ হ’ব ৷ আপোনাৰ কামত বিষয়াসকল সুখী হ’ব ৷ ব্যৱসায়ত বিৰোধীক হৰুৱাৰ পাৰিব ৷ পৰিয়ালত বয়োজ্যেষ্ঠৰ আশীৰ্বাদ লাভ কৰিব ৷ সন্তানৰ অগ্ৰগতিৰ পৰা আপুনি সুখী অনুভৱ কৰিব ৷ বাকী থকা ধন আদায় কৰিব পাৰে ৷ পাৰিবাৰিক জীৱনত আপুনি আনন্দ আৰু সন্তুষ্টি অনুভৱ কৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷ সমাজত সন্মান বৃদ্ধি হ’ব ৷

ধনু ৰাশি: আজি যিকোনো বিপদজনক পদক্ষেপে আপোনাক বিপদত পেলাব পাৰে ৷ যিকোনো কাম কৰাত উৎসাহৰ অভাৱ হ’ব ৷ শাৰীৰিক আৰু মানসিকভাৱে চিন্তিত হৈ থাকিব ৷ চাকৰি আৰু ব্যৱসায়ত সমস্যা আৰু বাধা আহিব ৷ কাৰ্যালয়ত বিষয়াৰ সৈতে হোৱা তৰ্ক-বিতৰ্কৰ বাবে লোকচানৰ সম্ভাৱনা থাকিব ৷ প্ৰতিপক্ষৰ পৰা সাৱধান হওক ৷ আজি কেৱল নিজৰ কামত মনোনিৱেশ কৰক ৷ ধৈৰ্যৰে দিনটো পাৰ কৰক ৷

মকৰ ৰাশি: আজি আপুনি নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক আৰু খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক ৷ হঠাৎ টকা খৰচ হ’ব ৷ স্বাস্থ্যৰ যত্ন লওক ৷ ব্যৱসায়িক অংশীদাৰৰ সৈতে মতানৈক্য বৃদ্ধি পাব ৷ খং আৰু আবেগক নিয়ন্ত্ৰণ কৰিব লাগিব ৷ সামাজিক কামত ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে ৷ সকলোৱে আপোনাৰ প্ৰতিভাৰ প্ৰশংসা কৰিব ৷ প্ৰেম জীৱনত উন্নতি হ'ব ৷

কুম্ভ ৰাশি: প্ৰেম, ৰোমাঞ্চ, ভ্ৰমণ, পৰ্যটন আৰু মনোৰঞ্জন আজি আপোনাৰ দিনটোৰ এটা অংশ হ’ব ৷ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে ভোজন কৰাৰ সুযোগ থাকিব ৷ ভাল কাপোৰ, গহনা আৰু বাহন পোৱাৰ সম্ভাৱনা আছে ৷ আপোনাৰ সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক গভীৰ হ’ব ৷ দৃঢ় আত্মবিশ্বাসে কামত সফলতা কঢ়িয়াই আনিব ৷ আপোনাৰ পত্নীৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব ৷ এই সময় ছাত্ৰ-ছাত্ৰীৰ বাবে ভাল ৷

মীন ৰাশি: দৈনন্দিন কাম-কাজ সুচাৰুৰূপে সম্পূৰ্ণ হ’ব ৷ কৰ্মক্ষেত্ৰত আপুনি হয়তো কিছু নতুন সহজ কাম পাব ৷ ঘৰখনত সুখ-শান্তিৰ পৰিবেশে বিৰাজ কৰিব ৷ মাজে মাজে উগ্ৰ হৈ পৰিব পাৰে ৷ ব্যৱসায়ত বিৰোধীক পৰাস্ত কৰিব পাৰিব ৷ সহকৰ্মীসকলৰ সহযোগিতাই আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কামবোৰ সৰল কৰি তুলিব ৷ মাতৃৰ আত্মীয়ৰ পৰা লাভৱান হ’ব ৷ আপোনাৰ প্ৰিয়জনৰ লগত ভাল সময় কটাব পাৰিব ৷ নিজৰ পঢ়া-শুনা সুচাৰুৰূপে সম্পন্ন কৰিলে ছাত্ৰ-ছাত্ৰীয়ে ইয়াক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই ৷

লগতে পঢ়ক: এই সপ্তাহত বহুকেইটা ৰাশিৰ কৰ্ম-ব্যৱসায়ত উন্নতি লাভ...গভীৰ হ’ব প্ৰেমৰ সম্পৰ্ক...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope