ETV Bharat / bharat

ৰিজাৰ্ভ বেংকৰ বিষয়াও সাৰি নগ'ল: প্ৰৱঞ্চকে লুটিলে ৩ কোটিৰো অধিক

চাইবাৰ অপৰাধী চক্ৰৰ কবলত পৰিছে ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন বিষয়া । ডিজিটেল বন্দী কৰি প্ৰৱঞ্চকে লুটিলে কেইবা কোটি ।

EX RBI OFFICIAL DUPED
চাইবাৰ প্ৰৱঞ্চকৰ কবলত ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন বিষয়া (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 22, 2025 at 3:22 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী/নয়ডা : দেশত চাইবাৰ অপৰাধৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে । প্ৰতিদিনে বহু লোকে চাইবাৰ অপৰাধী চক্ৰৰ কবলত পৰি হাতৰ ধন হেৰুৱাইছে । যাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে গ্ৰাহক তথা সাধাৰণ নাগৰিকক এইক্ষেত্ৰত সজাগ কৰাৰ প্ৰয়াস কৰি আহিছে । কিন্তু এইবাৰ ৰিজাৰ্ভ বেংকৰে প্ৰাক্তন বিষয়া পৰিল চাইবাৰ অপৰাধী চক্ৰৰ কবলত । ১৫ দিনত ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন বিষয়াৰ পৰিয়ালে হেৰুৱালে ৩.১৫ কোটি টকা । জানিব পৰা মতে তেওঁলোকৰ একাউণ্টৰ ধন অসম আৰু পশ্চিমবংগৰ অজ্ঞাত লোকৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হৈছে । ডিজিটেল বন্দীৰ চিকাৰ হৈ ভুক্তভোগীয়ে দুয়োখন ৰাজ্যত খোলা বেংক একাউণ্টলৈ ৭ বাৰকৈ ধন স্থানান্তৰ কৰিছিল । আৰক্ষীয়ে প্ৰায় ৩২ লাখ টকা ফ্ৰীজ কৰিবলৈ সক্ষম হৈছে । আৰক্ষীয়ে বাকী ধনো ফ্ৰীজ কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।

চক্ৰটোৱে কেনেদৰে লুটিলে আৰ বি আইৰ প্ৰাক্তন বিষয়াক ?

আৰক্ষীৰ মতে ধন আত্মসাৎ আৰু বিনিয়োগৰ ভাবুকি দি দুষ্টচক্ৰই ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন বিষয়াৰ পৰা বলপূৰ্বকভাৱে ধন স্থানান্তৰ কৰাইছিল । চাইবাৰ ক্ৰাইম থানাত এজাহাৰ দাখিল কৰা ভুক্তভোগী বিৰাজ কুমাৰ সৰকাৰে কয় যে ২৫ ফেব্ৰুৱাৰীত অচিনাক্ত নম্বৰৰ পৰা এটা ফোন কল আহিছিল । ফোনত অচিনাক্ত লোকজনে নিজকে ভাৰতীয় টেলিকম নিয়ামক কৰ্তৃপক্ষৰ(TRAI) বিষয়া বুলি পৰিচয় দিয়ে আৰু তেওঁৰ বিৰুদ্ধে মুম্বাইৰ কোলাবা থানাত গোচৰ ৰুজু হোৱা বুলি জনাইছিল । তাৰ পিছত ২৬ ফেব্ৰুৱাৰীত অচিনাক্ত লোকজনে কথিত আৰক্ষী বিষয়াৰ সৈতে ফোনত কথা পতাই দিছিল । তাৰ পিছত চক্ৰটোৱে ভুক্তভোগী আৰু তেওঁৰ বয়োজ্যেষ্ঠ পত্নীক একপ্ৰকাৰ ডিজিটেল বন্দী কৰিছিল ।

প্ৰৱঞ্চকৰ চক্ৰটোৱে ভুক্তভোগীক উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰো ভয় দেখুৱাইছিল । জেললৈ যোৱাৰ ভয় দেখুৱাই চক্ৰটোৱে ভুক্তভোগীৰ দ্বাৰা পৃথক পৃথক বেংক একাউণ্টলৈ প্ৰায় ৩.২৫ কোটি টকা স্থানান্তৰ কৰাই লয় । আনকি সেই ধন তদন্তৰ পিছত পুনৰ মূল একাউণ্টত জমা হ'ব বুলিও প্ৰতিশ্ৰুতি দিয়ে । ইফালে জেললৈ যোৱাৰ ভয়ত ভুক্তভোগী ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন বিষয়াগৰাকীয়ে সকলো সঞ্চয়ৰ ধন প্ৰৱঞ্চকে দিয়া পৃথক পৃথক বেংক একাউণ্টলৈ স্থানান্তৰ কৰিলে ।

তদন্ত আৰম্ভ

ডি চি পি চাইবাৰ ক্ৰাইম প্ৰীতি যাদৱে এই সন্দৰ্ভত কয় যে যিবোৰ একাউণ্টলৈ ধন স্থানান্তৰ কৰা হৈছিল সেইবোৰৰ তদন্ত কৰা হৈছে । ঘটনাৰ তদন্তৰ বাবে দুটা দলো গঠন কৰা হৈছে । দুয়োটা দলে অসম আৰু পশ্চিমবংগলৈ গৈ প্ৰৱঞ্চকে ব্যৱহাৰ কৰা উক্ত বেংক একাউণ্টবোৰৰ তথ্য সংগ্ৰহ কৰিব । আশংকা কৰা হৈছে যে বেংক একাউণ্টবোৰ প্ৰৱঞ্চকৰ নিজৰ নাছিল । ধনৰ বিনিময়ত একাউণ্টবোৰ গৰাকীৰ পৰা লোৱা হৈছিল । প্ৰৱঞ্চকৰ সন্ধানত তদন্ত আৰম্ভ কৰা হৈছে । লক্ষণীয়ভাৱে চাইবাৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰিবলৈ নয়ডা আৰক্ষীয়ে ৩০ দিনীয়া সজাগতা অভিযান চলাই আছে ।

লগতে পঢ়ক :বিয়াৰ নিমন্ত্ৰণ নাপালে চুবুৰীয়াই; খঙতে গুলীয়ালে দৰাৰ পিতৃক - FIRING IN GHAZIABAD