CSE প্ৰিলিমছৰ ফলাফল ঘোষণা, ১৪,০০০ তকৈ অধিক প্ৰাৰ্থীৰ মেইনছৰ বাবে যোগ্যতা অৰ্জন
চি এছ ই প্ৰিলিমছত কাট অফ নম্বৰৰ ওপৰত নম্বৰ লাভ কৰা প্ৰাৰ্থীসকলে ইউ পি এছ চিৰ মূল পৰীক্ষাত পঞ্জীয়ন কৰাৰ যোগ্যতা অৰ্জন কৰিব ।

Published : June 11, 2025 at 11:31 PM IST
নতুন দিল্লী: কেন্দ্ৰীয় লোকসেৱা আয়োগে বুধবাৰে অসামৰিক সেৱা পৰীক্ষা ২০২৫ ৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰে ।
ফলাফল অনুসৰি ১৪,১৬১ গৰাকী প্ৰাৰ্থীয়ে প্ৰিলিমছ পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু মেইনছৰ বাবে যোগ্যতা অৰ্জন কৰিছে । ২৫ মে’ত ইউ পি এছ চি CSE 2025 প্ৰিলিমছ পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে upsc.gov.in আৰু upsconline.gov.in ত ফলাফল ডাউনলোড কৰি চাব পাৰিব ।
অথবা ইটিভি ভাৰতৰ এক্স একাউণ্টত ক্লিক কৰিও নিজৰ নিজৰ ফলাফলসমূহ প্ৰত্যক্ষ কৰিব পাৰে প্ৰাৰ্থীসকলে ৷
UPSC announces the result of Civil Services (Preliminary) Examination, 2025.
— ETV Bharat (@ETVBharatEng) June 11, 2025
To check roll numbers of those who have qualified for Mains, check the link in the comments.#UPSC2025 #IAS #UPSCPrelimsresult pic.twitter.com/MiFOgLbAI8
যোৱা বছৰৰ ১৬ জুনত ইউ পি এছ চিৰ দ্বাৰা অনুষ্ঠিত হোৱা চি এছ ই ২০২৪ প্ৰিলিমছ পৰীক্ষাৰ ফলাফল ১ জুলাইত ঘোষণা কৰা হৈছিল ।
অৱশ্যে এইবাৰ ২৫ মে’ত অনুষ্ঠিত হোৱা ইউ পি এছ চি চি এছ ই প্ৰিলিমছ পৰীক্ষাৰ ফলাফল বুধবাৰে অৰ্থাৎ ১১ জুনত ঘোষণা কৰা হয় । ইউ পি এছ চি প্ৰিলিমছত দুখন প্ৰশ্নকাকত থাকে- ১নং প্ৰশ্নকাকতখন সাধাৰণ অধ্যয়ন আৰু ২নং প্ৰশ্নকাকতখন অসামৰিক সেৱাৰ যোগ্যতা পৰীক্ষা (চি এছ এ টি) ।
প্ৰতিখন প্ৰশ্নকাকতত ২০০ নম্বৰ থাকে আৰু ইয়াক দুঘণ্টাৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে । দুয়োখন প্ৰশ্নকাকতৰ পৰীক্ষা একেদিনাই অনুষ্ঠিত হয় । চি এছ এ টিৰ প্ৰশ্নকাকতখনত যোগ্যতাসম্পন্ন প্ৰকৃতিৰ, প্ৰাৰ্থীয়ে কমেও ৩৩% নম্বৰ লাভ কৰিব লাগিব ।
চি এছ ই প্ৰিলিমছত কাট অফ নম্বৰৰ ওপৰত নম্বৰ পোৱা প্ৰাৰ্থীসকলে ইউ পি এছ চিৰ মূল পৰীক্ষাত পঞ্জীয়ন কৰাৰ যোগ্যতা অৰ্জন কৰে । চলিত বৰ্ষৰ ২২ আগষ্টত ইউ পি এছ চি মেইনছ পৰীক্ষা অনুষ্ঠিত হ’ব ৷
প্ৰিলিমছ উত্তীৰ্ণসকলৰ ভিতৰত যিসকলে মেইনছতো সফলতা লাভ কৰে, তেওঁলোকেহে পৰীক্ষাৰ অন্তিম তথা নিৰ্ণায়ক ৰাউণ্ড(সাক্ষাৎকাৰ)ৰ বাবে যোগ্য বিবেচিত হ’ব পাৰে ৷ ইউ পি এছ চি চি এছ ই ২০২৫ ৰ বাবে মুঠ ৯৭৯ টা খালী পদ উপলব্ধ, যিটো ইউ পি এছ চি চি এছ ই ২০২৪ ৰ বাবে ঘোষণা কৰা ১,০৫৬ টা খালী পদতকৈ সামান্য কম ৷
আনহাতে, ইউ পি এছ চিয়ে প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল সন্দৰ্ভত প্ৰকাশ কৰা এক বিবৃতিত কয় যে সকলো যোগ্য প্ৰাৰ্থীক তলত দিয়া বিৱৰণসমূহ প্ৰদান/আপডেট কৰাৰ বাবে এই সুবিধা প্ৰদান কৰা হ'ব-
- অসামৰিক সেৱা (মূল) পৰীক্ষা ২০২৫ ত নামভৰ্তিৰ বাবে মাচুল ৰেহাই পোৱা পৰীক্ষাৰ্থী অৰ্থাৎ মহিলা/ প্ৰতিবন্ধী ব্যক্তি/ অনুসূচিত জাতি/ জনজাতিৰ পৰীক্ষাৰ্থীৰ বাহিৰে বাকীসকলে ২০০ টকাৰ মাচুল জমা কৰিব লাগিব ৷
- স্ক্ৰাইবৰ বিৱৰণ, সহায়ক ডিভাইচ আৰু
- প্ৰশ্নকাকত বৃহৎ ফণ্টত জমা দিয়া/আপডেট কৰা (মেইনছ পৰীক্ষাৰ বাবে) ।
- গেজেট অধিসূচনা দাখিল কৰা (যদি কোনো প্ৰাৰ্থীয়ে মেট্ৰিক পৰীক্ষাৰ পিছত নাম সলনি কৰিছে বা তেওঁৰ মেট্ৰিক বা উচ্চ শিক্ষাৰ প্ৰমাণ পত্ৰত দিয়া নাম আৰু চি এছ ই-২০২৫ অনলাইন আবেদনত দিয়া নামত কোনো অমিল আছে) ।
এই উইণ্ড’ সবিশেষ পূৰণ কৰাৰ লগতে দাখিল কৰাৰ বাবে আয়োগৰ ৱেবছাইটত ১৬ জুন-২৫ জুনলৈকে উপলব্ধ হ’ব । ৭০০৪৫৫৫, ৬৩০৫৪৬৯, ৬৪১৩৩১৪ আৰু ৬৬১০১২২ নম্বৰৰ ৰোল নম্বৰধাৰী চাৰিজন প্ৰাৰ্থীৰ ফলাফল আদালতৰ গোচৰৰ চূড়ান্ত ৰায়দান নোহোৱালৈকে প্ৰকাশৰ পৰা বিৰত ৰখা হৈছে ৷
প্ৰাৰ্থীসকলক লগতে জনোৱা হয় যে অসামৰিক সেৱা পৰীক্ষা ২০২৫ আৰু ভাৰতীয় বন সেৱা পৰীক্ষা ২০২৫ ৰ সম্পূৰ্ণ প্ৰক্ৰিয়া শেষ হোৱাৰ পিছতহে অৰ্থাৎ চূড়ান্ত ফলাফল ঘোষণাৰ পিছতহে আয়োগৰ ৱেবছাইট অৰ্থাৎ https://upsc.gov.in ত চি এছ (পি) পৰীক্ষা ২০২৫ ৰ নম্বৰ, কাট অফ নম্বৰ আৰু উত্তৰবহী আপলোড কৰা হ’ব ।
কেন্দ্ৰীয় লোকসেৱা আয়োগৰ নতুন দিল্লীৰ শ্বাহজাহান ৰোডৰ ঢোলপুৰ হাউচত থকা পৰীক্ষাগৃহ ভৱনৰ সমীপত এটা ফেচিলিটি কাউণ্টাৰ আছে । প্ৰাৰ্থীসকলে পুৱা ১০.০০ বজাৰ পৰা বিয়লি ৫.০০ বজাৰ ভিতৰত সকলো কৰ্মদিনত ওপৰত উল্লেখ কৰা পৰীক্ষাৰ ফলাফল সম্পৰ্কে যিকোনো তথ্য/স্পষ্টীকৰণ ব্যক্তিগতভাৱে বা দূৰভাষযোগে লাভ কৰিব পাৰিব ৷ তাৰ বাবে মুকলি কৰা হৈছে কেইটামান নম্বৰ, সেইকেইটা হৈছে ক্ৰমে ০১১-২৩৩৮৫২৭১, ০১১-২৩০৯৮৫৪৩ আৰু ০১১-২৩৩৮১১২৫ ৷
লগতে পঢ়ক: ছাত্ৰ-ছাত্ৰীৰ সবলীকৰণৰ বাবে ২২ হাজাৰ কোটি টকাৰ পেকেজ - UNION TRIBAL AFFAIRS MINISTRY

