গুপ্তচৰৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা জ্যোতিৰ এখন ফটোৱে বংগৰ ৰাজনীতিত লগালে হৈ চৈ
চি পি আই (এম)ৰ নেতা সৃজন ভট্টাচাৰ্যই দাবী কৰিছে যে এই ফটোখন ‘ভুৱা’ । ঘটনা সন্দৰ্ভত তেওঁ কলকাতা আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাইকল কৰিছে ।

Published : May 21, 2025 at 10:47 PM IST
কলকাতা : চি পি আই (এম) নেতা তথা ভাৰতীয় ছাত্ৰ ফেডাৰেচনৰ পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক সৃজন ভট্টাচাৰ্যৰ সৈতে চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰাৰ এখন ফটো শেহতীয়াকৈ পোহৰলৈ আহিছে । এই ফটোখন ভাইৰেল হোৱাৰ পিছতে ৰাজ্যখনৰ ৰাজনীতিত অস্থিৰতাৰ সৃষ্টি হয় ।
ছবিখন পোহৰলৈ অহাৰ পিছতে চিপিএম নেতাজনে থানাত এফ আই আৰ দাখিল কৰে । অভিযোগ কৰা হৈছিল যে ফটোখন মৰ্ফ কৰা হৈছে । তেওঁ ইয়াক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰে । কলকাতা আৰক্ষীয়ে জনোৱা মতে, ফটোখনৰ উৎস জানিবলৈ তদন্ত অব্যাহত আছে । সৃজন যোৱা বছৰৰ সাধাৰণ নিৰ্বাচনত জাদৱপুৰ লোকসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল ।

সৃজনে কয়, "মোৰ দৃষ্টিগোচৰ হৈছে যে কিছুমান মানুহে মোৰ এগৰাকী মহিলা এছ এফ আই কৰ্মীৰ সৈতে তোলা ফটো এখন মৰ্ফ কৰি অতি নিকৃষ্ট অপপ্ৰচাৰ চলাইছে আৰু পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা জ্যোতি মালহোত্ৰাৰ মুখখন চুপাৰিম্প'জ কৰি আছে । এই মৰ্ফ কৰা ফটোখনে মোৰ দল আৰু মোৰ ব্যক্তিগত সুনামৰ ক্ষতি কৰিছে ।"
সৃজনে কয় যে বাওঁপন্থী আৰু যুক্তিবাদীক আক্ৰমণ কৰাটো প্ৰথম নহয় । ৰাজনৈতিক বিষয়ত আমাৰ সৈতে হোৱা বিতৰ্কৰ যুদ্ধত জয়ী হ’ব নোৱৰা মানুহবোৰেই এনে ঘৃণা আৰু শত্ৰুতাৰ সৃষ্টি কৰে । তেওঁ কয় যে কলকাতা আৰক্ষীৰ চাইবাৰ ক্ৰাইম বিভাগত এফ আই আৰ দাখিল কৰা হৈছে । আশা কৰা হৈছে যে এই অপপ্ৰচাৰৰ বিৰুদ্ধে পশ্চিমবংগ চৰকাৰৰ আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব ।
ইফালে কলকাতা আৰক্ষীয়ে ফটোখনৰ উৎস বিচাৰি উলিয়াবলৈ তদন্ত চলাই থকা কথা জানিবলৈ দিয়ে ।
উল্লেখ্য যে, পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত শেহতীয়াকৈ হাৰিয়ানাৰ হিছাৰ আৰক্ষীয়ে মহিলা ইউটিউবাৰ জ্যোতি মালহোত্ৰাক গ্ৰেপ্তাৰ কৰে । পাকিস্তান ভ্ৰমণৰ বাবে ভিছাৰ বাবে আবেদন কৰাৰ সময়ত নতুন দিল্লীত পাকিস্তান উচ্চায়ুক্তত কাম কৰা এহছান-উৰ-ৰহিম ওৰফে ডেনিছৰ সংস্পৰ্শলৈ আহিছিল জ্যোতি মালহোত্ৰা । জ্যোতিক গ্ৰেপ্তাৰ কৰাৰ পাছত আৰক্ষীয়ে তেওঁৰ সংযোগৰ তদন্ত চলাই আছে ।
ইয়াৰ মাজতে ইউটিউবাৰ জ্যোতি মালহোত্ৰা পশ্চিমবংগলৈ যোৱাৰ খবৰ লাভ কৰা হয় আৰু সামৰিক প্ৰতিষ্ঠান থকা অঞ্চলৰ পৰা তেওঁ ব্লগিং কৰি থকা দেখা গৈছিল ।

