ETV Bharat / bharat

ভাৰতৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ চি পি ৰাধাকৃষ্ণণৰ

বিৰোধী দলৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীক ১৫২টা ভোটত পৰাস্ত কৰি মঙলবাৰে ভাৰতৰ ১৫সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় মহাৰাষ্ট্ৰৰ প্ৰাক্তন ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণ ।

VICE PRESIDENT OATH CEREMONY
ভাৰতৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণণৰ (ANI)
author img

By ETV Bharat Assamese Team

Published : September 12, 2025 at 10:49 AM IST

|

Updated : September 12, 2025 at 10:56 AM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হয় চি পি ৰাধাকৃষ্ণণ ৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত ৰাধাকৃষ্ণণক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় ৷ এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং, প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দকে ধৰি অন্যান্য জ্যেষ্ঠ মন্ত্ৰীসকল উপস্থিত থাকে ৷

চি পি ৰাধাকৃষ্ণণৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ ল’বলৈ বহু ৰাজনৈতিক নেতাই গভীৰ নিশা দিল্লীত উপস্থিত হয় ৷ তেওঁলোকৰ ভিতৰত ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰচান্দ গেহলট, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু, পঞ্জাৱৰ ৰাজ্যপাল আৰু চণ্ডীগড়ৰ প্ৰশাসক গুলাব চান্দ কাটাৰিয়া, ঝাৰখণ্ডৰ ৰাজ্যপাল সন্তোষ গংগৱাৰ আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ অন্যতম ৷

উল্লেখ্য যে, মঙলবাৰে এন ডি এৰ প্ৰাৰ্থী ৰাধাকৃষ্ণণ ভাৰতৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় ৷ তেওঁ ৪৫২টা ভোট লাভ কৰাৰ বিপৰীতে বিৰোধী প্ৰাৰ্থী তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীয়ে লাভ কৰে ৩০০টা ভোট ৷ ৰাজ্যসভাৰ সাধাৰণ সম্পাদক তথা নিৰ্বাচনী বিষয়া পি চি মোদীয়ে কয় যে ৭৮১ জন সাংসদৰ ভিতৰত ৭৬৭ জন সাংসদে ভোটদান কৰে আৰু ভোটদানৰ হাৰ আছিল ৯৮.২ শতাংশ ৷ ইয়াৰে ৭৫২টা ভোট বৈধ আৰু ১৫টা অবৈধ হিচাপে বিবেচিত হয়, যাৰ ফলত প্ৰথম অগ্ৰাধিকাৰ ভোটৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা ৩৭৭ লৈ হ্ৰাস পায় ৷

এন ডি এৰ সমৰ্থন আছিল ৪২৭ জন সাংসদৰ, কিন্তু ৱাই এছ আৰ চি পিৰ ১১ জন সাংসদেও ৰাধাকৃষ্ণণক সমৰ্থন কৰিছিল ৷ আমোদজনকভাৱে এন ডি এৰ প্ৰাৰ্থীগৰাকীয়ে আশা কৰাতকৈ ১৪টা ভোট বেছিকৈ পোৱাৰ ফলত বিৰোধী শিবিৰত ক্ৰছ ভোটদানৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল ৷ ইয়াৰ উপৰিও ১৩ জন সাংসদে নিৰ্বাচনত ভোটদানৰ পৰা বিৰত থাকে ৷ ইয়াৰ ভিতৰত বিজু জনতা দলৰ সাতজন সাংসদ, ভাৰত ৰাষ্ট্ৰ সমিতিৰ চাৰিজন সাংসদ, শিৰোমণি আকালি দলৰ এজন সাংসদ আৰু এজন নিৰ্দলীয় সাংসদ ৷

ফলাফল ঘোষণাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চি পি ৰাধাকৃষ্ণণক শুভেচ্ছা জনায় আৰু নৱনিৰ্বাচিত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ সাংবিধানিক মূল্যবোধক শক্তিশালী কৰাৰ লগতে সংসদীয় বক্তৃতাত ইতিবাচক অৱদান আগবঢ়াব বুলি আস্থা প্ৰকাশ কৰে ৷

লগতে পঢ়ক : দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত চি পি ৰাধাকৃষ্ণণ

দেশৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত চি পি ৰাধাকৃষ্ণণ

দেশক লাগে নতুন উপ-ৰাষ্ট্ৰপতি; প্ৰধানমন্ত্ৰীৰ পৰা শাসক-বিৰোধীৰ সাংসদলৈকে সকলোৱে সাব্যস্ত কৰিলে ভোটাধিকাৰ

Last Updated : September 12, 2025 at 10:56 AM IST