ETV Bharat / bharat

৪০০ টকা ঘোচৰ বাবেই ৪ বছৰৰ জে'লৰ শাস্তি চিকিৎসকক

বংগৰ আছানচোলত ৪০০ টকা উৎকোচ লোৱাৰ বাবে আদালতে ১৫ বছৰৰ পিছত চিকিৎসকক ৪ বছৰৰ কাৰাদণ্ড বিহে ।

Asansol Doctor sentences jail
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 21, 2024 at 10:52 AM IST

3 Min Read
Choose ETV Bharat

আছানচোল : কেইদিনমান পূৰ্বে ছ'চিয়েল মিডিয়াত পশ্চিমবংগৰ আছানচোল মেট্ৰ'ত এক দম্পতীয়ে আৱেগিকভাৱে চুম্বন কৰাৰ বিষয়টোক লৈ চৰ্চা হৈছিল । বহু লোকে ছ'চিয়েল মিডিয়াত বিখ্যাত শিল্পী নাচিকেতা চক্ৰৱৰ্তীৰ গীতৰ পংক্তি উদ্ধৃত কৰি পোষ্ট কৰি কৈছিল, "এই দেশত ৰাজহুৱাভাৱে চুম্বন কৰাটো অপৰাধ, উৎকোচ লোৱাটো কেতিয়াও নহয় ।"

কিন্তু আছানচোল চি বি আই আদালতৰ এটা গোচৰে এইবাৰ সকলোকে আচৰিত কৰি তুলিছে । এজন চিকিৎসকে চিকিৎসা প্ৰমাণ-পত্ৰ প্ৰদান কৰিবলৈ মাত্ৰ ৪০০ টকাৰ উৎকোচ লৈছিল । তেওঁক কেন্দ্ৰীয় সংস্থা চি বি আয়ে হাতে-লোটে ধৰা পেলাইছিল । এই ঘটনাটোৰ গোচৰ 15 বছৰ ধৰি চলাৰ পিছত আছানচোল চি বি আই আদালতে চিকিৎসকজনক দোষী সাব্যস্ত কৰে ।

আছানচোল চি বি আই আদালতৰ ন্যায়াধীশ ৰাজেশ চক্ৰৱৰ্তীয়ে দোষী চিকিৎসক সুনীল কুমাৰ সিঙক ৪ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে । লগতে ৩০,০০০ টকাৰ জৰিমনাও আৰোপ কৰিছে ৷ জানিব পৰা মতে, সুনীল সিং ই চি এল কেন্দ্ৰীয় চিকিৎসালয়ৰ এজন চিকিৎসক আছিল ৷ 2009 চনত দুধনাথ যাদৱ নামৰ এজন ব্যক্তিয়ে চিকিৎসা প্ৰমাণ-পত্ৰৰ বাবে চিকিৎসকগৰাকীৰ ওচৰলৈ গৈছিল । সেই সময়ত চিকিৎসক সুনীল সিঙে দুধনাথ যাদৱৰ পৰা ৪০০ টকা উৎকোচ বিচাৰিছিল ।

তাৰ পিছত, দুধনাথে চি বি আইৰ কাষ চাপে । উৎকোচ ল'বলৈ চেষ্টা কৰোঁতে চি বি আয়ে চিকিৎসকজনক হাতে-লোতে ধৰা পেলায় । অভিযুক্ত চিকিৎসকজনক চি বি আয়ে মাত্ৰ ৪০০ টকাৰ উৎকোচ লোৱাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল । কিন্তু পৰিমাণ যিয়েই নহওক, ৰাজ্য চৰকাৰৰ অধীনস্থ এটা বিভাগত কাম কৰি থকা অৱস্থাত উৎকোচ লোৱাটো এটা ডাঙৰ অপৰাধ । যাৰ বাবে চিকিৎসক সুনীল সিঙৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে ।

অৱশ্য পিছত তেওঁ জামিনত মুক্তি লাভ কৰে যদিও গোচৰটো অব্যাহত থাকে । ইফালে আছানচোলত চি বি আইৰ বিশেষ আদালত স্থাপন হোৱাৰ পিছত গোচৰটো আছানচোললৈ স্তানান্তৰ হয় । গোচৰটো প্ৰায় 15 বছৰ ধৰি চলে । অৱশেষত ন্যায়াধীশে এই গোচৰটোত চিকিৎসক সুনীল সিঙক দোষী সাব্যস্ত কৰে আৰু তেওঁক 4 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 30 হাজাৰ টকাৰ জৰিমনাৰ আদেশ দিয়ে । এই জৰিমনা পৰিশোধ নকৰিলে চিকিৎসকজনে অতিৰিক্ত তিনি মাহ কাৰাবাস খাটিব লাগিব ।

আনহাতে, চি বি আইৰ অধিবক্তা ৰাকেশ কুমাৰে কয় যে দুধনাথ যাদৱে চিকিৎসা প্ৰমাণ-পত্ৰৰ বাবে আছানচোলৰ কালাটৰ ই চি এল কেন্দ্ৰীয় চিকিৎসালয়লৈ গৈছিল । চিকিৎসক সুনীল সিঙে দুধনাথক চিকিৎসা প্ৰমাণ-পত্ৰ দিবলৈ ৫০০ টকাৰ উৎকোচ বিচাৰিছিল । কিন্তু 500 টকাৰ পৰিৱৰ্তে তেওঁ 400 টকা দিবলৈ সন্মত হৈছিল । তাৰ পিছত সুনীল সিং হাতে-লোতে ধৰা পৰে ।

অৱশ্যে এই ৰায়ৰ বিৰুদ্ধে চিকিৎসকজনে উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱাৰ বিকল্প আছে বুলিও তেওঁ লগতে কয় ।

লগতে পঢ়ক :কি কাৰণ আছিল চি ডি এছ বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ আঁৰত ? ওলাইছে নতুন তথ্য - REPORT ON GEN RAWAT DEATH
লগতে পঢ়ক :ভাৰতে নিদিলেও চাহক স্বাস্থ্যকৰ পানীয় হিচাপে স্বীকৃতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ - TEA IS HEALTHY