ETV Bharat / bharat

দিল্লী ৱাকফ ব’ৰ্ডত নিযুক্তিত অনিয়ম; বিপদত আম আদমি পাৰ্টীৰ বিধায়ক

ৱাকফ ব’ৰ্ডত নিযুক্তি দিয়া ৩২ জনৰ ৫ জনেই আছিল বিধায়কগৰাকীৰ আত্মীয় ।

AAP MLA AMANTULLAH KHAN
আম আদমি পাৰ্টীৰ বিধায়ক অমনাতুল্লাহ খান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 28, 2025 at 8:29 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : পুনৰ বিপদত পৰাৰ সম্ভাৱনা প্ৰকত হৈছে আম আদমি পাৰ্টীৰ বিধায়ক অমনাতুল্লাহ খানৰ । এইবাৰ আদালতৰ পৰাই তেওঁ লাভ কৰিছে এই বিপদৰ সংকেত । দিল্লী ৱাকফ ব’ৰ্ডত নিযুক্তিৰ অনিয়মৰ সৈতে জড়িত চিবিআইৰ গোচৰটোৰ ওপৰত ভিত্তি কৰিয়েই আদালতে উত্থাপন কৰিছে অভিযোগ ।

ৰাউজ এভিনিউ আদালতে আমানতুল্লাহ খান আৰু আন ১০জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে । এই সমগ্ৰ গোচৰটো ৱাকফ ব’ৰ্ডত মুখ্য কাৰ্যবাহী বিষয়া আৰু অন্যান্য কৰ্মচাৰী নিযুক্তিৰ অনিয়মৰ সৈতে জড়িত ।

তথ্য অনুসৰি আম আদমি পাৰ্টীৰ বিধায়ক খান আৰু মেহবুব আলমৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে আদালতে । ইপিনে, আন ৯ জন লোকৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ আদালতে উত্থাপন কৰিছে ।

উল্লেখ্য় যে, বিগত কেইবাবছৰ ধৰি অখলাৰ আপৰ বিধায়ক আমানতুল্লাহ খানৰ বিৰুদ্ধে কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত অনিয়মৰ গোচৰ চলি আহিছে । এই সমগ্ৰ বিষয়টো পোহৰলৈ আহিছিল যেতিয়া অমনাতুল্লাহ খান দিল্লী ৱাকফ ব’ৰ্ডৰ অধ্যক্ষ আছিল । সেই সময়ছোৱাত তেওঁ বহু লোকক নিযুক্তি দিছিল ।

প্ৰণিধানযোগ্য় যে আম আদমি পাৰ্টীৰ বিধায়ক খানৰ বিৰুদ্ধে কৰ্মচাৰী নিযুক্তিৰ বাবে নগদ ধন জমা কৰাৰ অভিযোগ উত্থাপন হৈছিল । ইয়াৰ লগতে বহু সহযোগীৰ নামত সম্পত্তিও ক্ৰয় কৰাৰো অভিযোগ উত্থাপন হৈছিল । কেৱল এয়াই নহয়, ২০১৮ চনৰ পৰা ২০২২ চনলৈকে এই বিধায়কগৰাকীয়ে ৱাকফ ব’ৰ্ডৰ বহু সম্পত্তি লীজত লৈও লাভৱান হোৱাৰ অভিযোগ উত্থাপন হৈছে ।

অভিযোগ অনুসৰি সেই সময়ত ৱাকফ ব’ৰ্ডত ৩২ জন লোকক নিযুক্তি দিয়া হৈছিল । ইয়াৰে ৫ জনেই আছিল বিধায়কগৰাকীৰ আত্মীয় । তদুপৰি ২২ জন আছিল ওখলা বিধানসভা সমষ্টিৰ লোক ।

উল্লেখ্য় যে, ৱাকফ ব’ৰ্ডৰ ভূমি কেলেংকাৰীত ইডিয়েও অমানতুল্লাহ খানলৈ কেইবাবাৰো জাননী প্ৰেৰণ কৰিছে । ইয়াৰ পিছতহে সংস্থাটোৱে বিধায়কগৰাকীৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল । একে সময়তে আমানতুল্লাকো বহু গোচৰত আৰক্ষীৰ জিম্মাত লোৱা হৈছে ।

লগতে পঢ়ক:অনুগ্ৰহ কৰি পাকিস্তানৰ দৰে কথা নক'ব ! সংসদতেই কংগ্ৰেছক এথেকেচনি - KIREN RIJIJU

অপাৰেশ্যন সেন্দূৰ বিতৰ্ক: আজি লোকসভাত ৰাজনাথ সিঙৰ ভাষণ - DEBATE ON OPERATION SINDOOR