ETV Bharat / bharat

শেনৰ এজাত ! চোৰাং চিকাৰী ধৰিবলৈ এইবাৰ আহি আছে বেলজিয়ান শ্বেফাৰ্ড

দেশৰ ভিতৰতে প্ৰথমখন ট্ৰেকাৰ্চ ডগ ট্ৰেইনিং চেণ্টাৰ মুকলি ৷

Trackers dog training center
চোৰাং চিকাৰী ধৰিবলৈ এইবাৰ আহি আছে বেলজিয়ান শ্বেফাৰ্ড (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 3, 2024 at 5:27 PM IST

2 Min Read
Choose ETV Bharat

চামাৰাজানগৰ: এইবাৰ শেনৰ এজাত ! চোৰাং চিকাৰীৰ বাবে এটা বেয়া খবৰ আছে ৷ চোকা কুকুৰৰ তীক্ষ্ন দাঁতৰ কামোৰত যদি প্ৰাণটো হেৰুৱাবলৈ মন নাই তেন্তে হাবিয়ে-জংঘলে চোৰাংকৈ জীৱ-জন্তুৰ চিকাৰ কৰা কামফেৰা তেওঁলোকে বাদ দিয়াই শ্ৰেয় ৷ কৰ্ণাটক চৰকাৰৰ বন বিভাগে শেহতীয়াকৈ এক অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সেয়া হ'ল- ৰাজ্যখনৰ বন বিভাগে গুন্দলুপেটত অৱস্থিত বান্দীপুৰ ব্যাঘ্ৰ বনাঞ্চলত মুকলি কৰিছে দেশৰ ভিতৰত প্ৰথমখন ট্ৰেকাৰ্চ ডগ ট্ৰেইনিং চেণ্টাৰ ৷

বিশ্বৰ অন্যতম চোকা কুকুৰ বুলি জনাজাত বেলজিয়ান শ্বেফাৰ্ড প্ৰজাতিৰ বহু সংখ্যক কুকুৰক ইয়াত প্ৰশিক্ষণ দিয়া হ'ব আৰু প্ৰশিক্ষণৰ অন্তত সেই কুকুৰসমূহক মেলি দিয়া হ'ব ৰাজ্যখনৰ বিভিন্ন ঘন বনাঞ্চলত, য'ত চোৰাং চিকাৰীৰ টিঘিলঘিলনি বেছি ৷ বহুতেই হয়তো নাজানে যে এই বেলজিয়ান শ্বেফাৰ্ড প্ৰজাতিৰ কুকুৰ ইমানেই দুধৰ্ষ আৰু চোকা যে ভাৰতৰ বিভিন্ন নক্সাল অধ্যুষিত অঞ্চলত নক্সালবিৰোধী অভিযানত প্ৰশিক্ষণপ্ৰাপ্ত বেলজিয়ান শ্বেফাৰ্ডক ব্যৱহাৰ কৰি অহা হৈছে আৰু ইয়াৰ সুফলো পোৱা গৈছে ৷

Trackers dog training center
শেনৰ এজাত ! চোৰাং চিকাৰী ধৰিবলৈ এইবাৰ আহি আছে বেলজিয়ান শ্বেফাৰ্ড (ETV Bharat)

এই প্ৰজাতিৰ কুকুৰৰ ঘ্ৰাণশক্তি অতি প্ৰৱল হোৱাৰ লগতে ইহঁত অতিপাত বুদ্ধিমান আৰু চতুৰ ৷ ইতিমধ্যে বান্দীপুৰত মুকলি কৰা এই প্ৰশিক্ষণ কেন্দ্ৰটোত 12 টা এনে বেলজিয়ান শ্বেফাৰ্ডক প্ৰশিক্ষণৰ বাবে অনা হৈছে আৰু এই এক ডজন কুকুৰক বিশেষভাৱে প্ৰশিক্ষণ দিব 20 গৰাকী প্ৰশিক্ষকে ৷ ভাল খবৰটো হ'ল যে ইয়াৰ মাজৰে 8 টাকৈ কুকুৰে ইতিমধ্যে প্ৰশিক্ষণ সম্পূৰ্ণও কৰিছে ৷

Trackers dog training center
দেশৰ ভিতৰত প্ৰথমখন ট্ৰেকাৰ্চ ডগ ট্ৰেইনিং চেণ্টাৰ মুকলি (ETV Bharat)

এতিয়া সিহঁতক চোৰাং চিকাৰী ধৰিবলৈ মুকলি কৰি দিয়া হ'ব বান্দীপুৰ, নাদৰহোলে, ভদ্ৰা, বিলিগিৰি ৰংগনাথ মন্দিৰ ব্যাঘ্ৰ বনাঞ্চল আৰু কালী সংৰক্ষিত বনাঞ্চলত ৷ প্ৰত্যেক বছৰে ইয়াত 10 টাকৈ এনে কুকুৰক প্ৰশিক্ষণেৰে সাজু কৰি তোলা হ'ব আৰু যেতিয়াই দেশৰ যিকোনো প্ৰান্তত চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ প্ৰয়োজন হয় তেতিয়াই সেই ঠাইলৈ লৈ যোৱা হ'ব ৷ সোমবাৰে বান্দীপুৰৰ এই প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি কৰে মহীশূৰৰ চক্ৰ বন বিষয়া মালতী প্ৰিয়া আৰু ৰমেশ কুমাৰে ৷

লগতে পঢ়ক: কুকুৰ আৰু মানুহৰ সম্পৰ্ক : আন্তঃৰাষ্ট্ৰীয় কুকুৰ দিৱস পালনৰ মহত্ব