সীমান্ত পথ সংগঠনৰ উত্তৰ-পূব প্ৰকল্পৰ বাবে ভাৰতীয় তেল নিগমৰে সমন্বয় বৈঠক - Border Roads Organisation
BRO IOCL Meet : উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত যোগাযোগ আৰু আন্তঃগাঁথনি উন্নয়ন সুনিশ্চিত কৰাৰ ক্ষেত্ৰত বি আৰ অ’ আৰু আই অ’ চি এলৰ সহযোগিতা অব্যাহত আছে । এই সন্দৰ্ভত ভৱিষ্যতৰ কাৰ্যপন্থা নিৰূপণৰ বাবে দুয়ো পক্ষই এক বৈঠকত মিলিত হয় ।

Published : September 14, 2024 at 3:05 PM IST
তেজপুৰ, ১৩ ছেপ্টেম্বৰ : উত্তৰ-পূৰ্বাঞ্চলত চলি থকা আৰু ভৱিষ্যতৰ প্ৰকল্পসমূহৰ বিষয়ে আলোচনা কৰিবলৈ শনিবাৰে সীমান্ত পথ সংস্থাৰ উদ্যোগত BRO-IOCL-ৰ এক সমন্বয় বৈঠক অনুষ্ঠিত হয় । এই অনুষ্ঠানত ভাৰতীয় তেল নিগম লিমিটেডৰ (আই অ’ চি এল) বিশিষ্ট প্ৰতিনিধিসকল ক্ৰমে চি জি এম (এম চি অ’) সত্যেন্দ্ৰ সাহাই, জি এম (আই বি) ডব্লিউ বি এছ অ’ দেৱব্ৰত বোনাৰ্জী, জি এম (আই বি) এ অ’ ডি এছ অ’ আৰ শ্বাহাবৰ লগতে বি আৰ অ'ৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে । গুৱাহাটীৰ প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে এক প্ৰেছ বিজ্ঞপ্তিত এই কথা জনায় ।

সীমান্ত পথ সংস্থাৰ (পূব) অতিৰিক্ত সঞ্চালক প্ৰধানে বৈঠকৰ উদ্বোধন কৰি অতিথিসকলক আদৰণি জনায় । তেওঁ বি আৰ অ’ আৰু আই অ’ চি এলৰ মাজত দীৰ্ঘদিনীয়া সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে দুয়োটা সংস্থাই ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।
তেওঁ লগতে কয় যে ভাৰতৰ অতি দূৰৱৰ্তী আৰু কৌশলগত অঞ্চলত প্ৰাথমিক পথ নিৰ্মাণ সংস্থা হিচাপে বি আৰ অ’ৰ ভূমিকাক প্ৰতিফলিত কৰে । আই অ’ চি এলে প্ৰাথমিক তেলৰ সামগ্ৰী, বিটুমিন আৰু লুব্ৰিকেণ্টৰ ৰূপত গুৰুত্বপূৰ্ণ সহায় আগবঢ়ায় ।
এ ডি জি বি আৰ (পূব) হৰেন্দ্ৰ কুমাৰ, এ ভি এছ এম, ভি এছ এম এ ডি জি উত্তৰ-পূৰ্বাঞ্চলে উল্লেখ কৰে যে আই অ’ চি এলে প্ৰাথমিক তেলজাত সামগ্ৰী আৰু বিটুমিনৰ বাবে বি আৰ অ’ৰ প্ৰয়োজনীয় ৭০-৮০% সামগ্ৰী যোগান ধৰে । ই উত্তৰ-পূৰ্বাঞ্চলৰ জটিল পথ আন্তঃগাঁথনি সময়মতে সম্পূৰ্ণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । কেৱল যোৱা বছৰতে আই অ’ চি এলে অঞ্চলটোৰ প্ৰকল্পসমূহৰ বাবে প্ৰয়োজনীয় হাই-স্পীড ডিজেলৰ (এইচ এছ ডি) ৮৪%তকৈ অধিক আৰু বিটুমিন সামগ্ৰীৰ ৫১%তকৈ অধিক যোগান ধৰিছিল ।
চলিত বৰ্ষৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বি আৰ অ’ প্ৰকল্পৰ বাবে প্ৰায় ৩৩,৩২৭.৬৪ কিলো লিটাৰ প্ৰাথমিক তেলজাত সামগ্ৰী আৰু ১১,৫৭২.৩৯ কিলোলিটাৰ বিটুমিনৰ প্ৰয়োজন হ’ব বুলি আশা কৰা হৈছে । ইয়াত আই অ’ চি এলে এই প্ৰয়োজনীয়তাৰ সিংহভাগ প্ৰদান কৰিব । বহু প্ৰত্যাহ্বানৰ মাজতো, বিশেষকৈ বাৰিষাৰ সময়ত যেতিয়া দূৰৱৰ্তী স্থানলৈ প্ৰৱেশৰ বাবে সীমিত পথ থাকে, যাৰ বাবে বহুতো বাধাৰ সৃষ্টি হয়, বি আৰ অ’ আৰু আই অ’ চি এল দুয়োটায়ে যোগান ব্যৱস্থাৰ উন্নতি আৰু এই বাধাসমূহ অতিক্ৰম কৰাৰ বাবে সদায় প্ৰতিশ্ৰুতিবদ্ধ ।
এই সমন্বয় বৈঠকৰ উদ্দেশ্য আছিল দুয়োটা সংস্থাৰ মাজত সহযোগিতা শক্তিশালী কৰা, যিকোনো বাকী থকা সমস্যাৰ সমাধান কৰা আৰু নিৰৱচ্ছিন্ন প্ৰকল্প সম্পূৰ্ণ কৰাৰ বাবে ভৱিষ্যতৰ পৰিকল্পনা প্ৰস্তুত কৰা । বিশেষকৈ দুৰ্গম অঞ্চলত উপনীত হ’বলৈ সৰু সৰু পেট্ৰ'লিয়াম ট্ৰাক (বি পি এল) নিয়োগ কৰাৰ ক্ষেত্ৰত যোগানৰ প্ৰত্যাহ্বান সমাধানৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয় ।
উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত সংযোগ আৰু আন্তঃগাঁথনি উন্নয়ন সুনিশ্চিত কৰাৰ ক্ষেত্ৰত বি আৰ অ’ আৰু আই অ’ চি এলৰ সহযোগিতা অব্যাহত আছে । আনহাতে ভৱিষ্যতৰ প্ৰকল্পৰ বাবে আশাবাদী দৃষ্টিভংগী আৰু বি আৰ অ’ আৰু আই অ’ চি এলৰ মাজত অধিক শক্তিশালী সহযোগিতা দুয়ো পক্ষই কামনা কৰে ।

