ETV Bharat / bharat

ৰাহুল গান্ধীৰ ‘ভোট চুৰি’ বাৰ্তা সমগ্ৰ দেশলৈ নিব কংগ্ৰেছে

ভোটাৰ তালিকাৰ যিকোনো বিসংগতি পৰীক্ষা কৰিবলৈ ২০২৬ চনত নিৰ্বাচন অনুষ্ঠিত হ’বলগা অসম আৰু কেৰালাৰ গোটসমূহক সতৰ্ক কৰি দিব কংগ্ৰেছে ।

CONGRESS
ৰাহুল গান্ধীৰ ফাইল ফটো ((IANS))
author img

By ETV Bharat Assamese Team

Published : August 8, 2025 at 10:25 PM IST

6 Min Read
Choose ETV Bharat

নতুন দিল্লী: ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ ওপৰত আলোকপাত কৰি নিৰ্বাচন আয়োগ আৰু বিজেপিৰ মাজত হোৱা কথিত গোপন বুজাবুজিক পোহৰলৈ আনিবলৈ বিৰোধী দলপতি ৰাহুল গান্ধীৰ ‘ভোট চুৰি’ বাৰ্তা গ্ৰহণ কৰিব কংগ্ৰেছে ।

কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া ব্লকে ২০২৪ চনৰ ৰাষ্ট্ৰীয় নিৰ্বাচনত শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা কৰি লোকসভাৰ মুঠ ৫৪৩ খন আসনৰ ভিতৰত ২৩২ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল, যি ২৭২ খন সাধাৰণ সংখ্যাগৰিষ্ঠতাৰ আসনৰ তুলনাত ৪০ খন কম আসন ।

ইণ্ডিয়া ব্লকে ৪০০ খনতকৈ অধিক আসন লাভ কৰাৰ দাবী কৰা বিজেপিক ২৪০ খন আসনতে আবদ্ধ কৰি ৰাখিবলৈ সক্ষম হয়, যিটো সাধাৰণ সংখ্যাগৰিষ্ঠতাৰ আসনৰ তুলনাত ৩২ খন কম আসন । যাৰ ফলত গেৰুৱা দলটোৱে চৰকাৰ গঠনৰ বাবে জে ডি ইউ আৰু টি ডি পিৰ সমৰ্থন ল’বলৈ বাধ্য হৈছিল ।

তেতিয়াৰ পৰাই ৯৯ খন আসন লাভ কৰা কংগ্ৰেছৰ নেতাসকলে প্ৰায়ে কৈছে যে যদি দেশৰ সবাতোকৈ পুৰণি দলটোৱে আৰু ২০-২৫ খন আসন লাভ কৰিলেহেঁতেন, তেন্তে এন ডি এ আজি ক্ষমতাত নাথাকিলহেঁতেন ।

অৱশেষত এই দাবী উত্থাপন হয় বিৰোধী দলপতি ৰাহুল গান্ধীৰ পৰা, যেতিয়া তেওঁ কংগ্ৰেছ শাসিত কৰ্ণাটকৰ বেংগালুৰু কেন্দ্ৰীয় লোকসভা আসনৰ অন্তৰ্গত এখন বিশেষ বিধানসভা আসন মহাদেৱপুৰাত “ভোট চুৰি” সম্পৰ্কীয় গৱেষণা ভিত্তিক তথ্য প্ৰকাশ কৰে ।

ৰাহুলে গান্ধীয়ে বিষয়টোৰ প্ৰসংগত এনেদৰে কয়, ‘‘আমাৰ আভ্যন্তৰীণ সমীক্ষাত দেখা গৈছে যে আমি কৰ্ণাটকত ১৬/২৮ খন লোকসভাৰ আসন লাভ কৰাৰ আশা কৰিছিলোঁ আৰু আমি ৯ খন আসন লাভ কৰিছিলোঁ । গতিকে, আমি বাকী সাতখন আসনৰ অভাৱনীয় পৰাজয়ৰ ওপৰত গুৰুত্ব দিলো ৷ আমি এখন লোকসভা আসন বাছি লৈছিলো আৰু সেই লোকসভাৰ ভিতৰত আমাৰ দলটোৱে কৈছিল- আমি মাত্ৰ এখন বিধানসভা জয় কৰিব পাৰো আৰু সেয়েহে আমি মহাদেৱপুৰাৰ ওপৰত গুৰুত্ব দি এখন বিধানসভা বাছি লৈছিলো ।’’

ৰাহুলে এইদৰে কোৱাৰ পিছত দেখুৱাইছিল যে এখন বিধানসভাৰ ভোটাৰ তালিকাত থকা প্ৰায় এক লাখ ভোটাৰৰ লগত হেতালি খেলাটোৱে গেৰুৱা দলটোক সংসদীয় আসন লাভ কৰাত কেনেদৰে সহায় কৰিছিল ।

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছৰ নেতাসকলক বিমোৰত পেলাইছিল ৷ কাৰণ ২০২৩ চনৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনত দেশৰ সবাতোকৈ পুৰণি দলটোৱে ২২৪ খন আসনৰ ভিতৰত ১৩৫ খনতহে বিজেপিক পৰাস্ত কৰি ঐতিহাসিক জয়লাভ কৰিছিল ৷

ৰাহুলে লগতে দাবী কৰে যে যদিহে কংগ্ৰেছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভোটগ্ৰহণৰ তথ্যৰ চফ্ট কপি লাভ কৰে, তেন্তে দলটোৱে দেখুৱাব যে গেৰুৱা দলটোৱে কেনেকৈ নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত কৰিবলৈ অন্যান্য সংসদীয় আসনত ভোটাৰ তালিকাত বিসংগতিৰ সৃষ্টি কৰিছিল ।

কংগ্ৰেছৰ নেতাসকলে কয় যে ৰাহুলৰ ৭ আগষ্টৰ প্ৰকাশ সমগ্ৰ দেশৰ জনসাধাৰণৰ মাজত আলোচনাৰ বিষয় হৈ পৰিছে আৰু এতিয়া বিৰোধী নেতাগৰাকীৰ এই বাৰ্তা প্ৰতিখন ৰাজ্যতে প্ৰচাৰ কৰাটো প্ৰয়োজন হৈ পৰিছে ।

মহাৰাষ্ট্ৰৰ এ আই চি চি-ৰ ভাৰপ্ৰাপ্ত সচিব বি এম সন্দীপে ইটিভি ভাৰতক কয়, ‘‘১০০ শতাংশ । ৰাহুল গান্ধীৰ 'ভোট চুৰি'ৰ বাৰ্তা সমগ্ৰ দেশলৈ নিয়া হ’ব । তেওঁ জনসাধাৰণৰ সন্মুখত যিবোৰ তথ্য উত্থাপন কৰিছে, সেইবোৰ সমগ্ৰ দেশৰ ভোটাৰক বুজাব লাগে । কাৰণ এয়া তেওঁলোকৰ ভোটাধিকাৰৰ কথা ।”

এ আই চি চি-ৰ কাৰ্যকৰ্তাগৰাকীৰ মতে, ‘‘একেধৰণৰ ভোটাৰ তালিকাৰ বিসংগতিৰ ফলত ২০২৪ চনৰ মে’ মাহৰ লোকসভা নিৰ্বাচনত অতি উন্নত প্ৰদৰ্শন কৰাৰ মাত্ৰ পাঁচ মাহৰ পিছতে অৰ্থাৎ একে বছৰৰে নৱেম্বৰ মাহৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ, শিৱসেনা ইউ বি টি আৰু এন চি পি-এছ পিকে ধৰি বিৰোধী দলসমূহ(মহা বিকাশ আঘাড়ী) পৰাস্ত হৈছিল ।’’

‘‘২০২৪ চনৰ মে’ মাহৰ ৰাষ্ট্ৰীয় নিৰ্বাচনত ‘মহা বিকাশ আঘাড়ী’ অতি উন্নত প্ৰদৰ্শন কৰি মহাৰাষ্ট্ৰৰ ৪৮ খন লোকসভা আসনৰ ভিতৰত ৩১ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল । কেৱল কংগ্ৰেছে ১৪ খন আসন লাভ কৰিছিল । কিন্তু পাঁচ মাহৰ পাছত বিজেপি, শিৱসেনা আৰু এন চি পিৰে গঠিত মহাজোঁটৰ হাতত আমাৰ মিত্ৰজোঁট বিধানসভা নিৰ্বাচনত পৰাস্ত হ’ল আৰু যিয়ে ক্ষমতা বিৰোধী ঢৌৰ সন্মুখীন হ’ল ৷ ফলাফলক লৈ বিসংগতি হোৱা যেন অনুভৱ হৈছিলআৰু ইয়াক মানি লোৱাটো অত্য়ন্ত কঠিন আছিল । পিছত আমি গম পালোঁ যে যোৱা পাঁচ মাহত ৰাজ্যত প্ৰায় ৪১ লাখ ভোটাৰ সংযোজন হৈছে ৷ আনহাতে ২০১৯ চনৰ পৰা ভোটাৰৰ সংখ্যা ৩১ লাখ বৃদ্ধি পাইছে । আমি নিৰ্বাচন আয়োগক অভিযোগ কৰিছিলো, কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল’’ বুলি মহাৰাষ্ট্ৰৰ এ আই চি চি-ৰ ভাৰপ্ৰাপ্ত সচিব বি এম সন্দীপে লগতে কয় ৷

ৰাষ্ট্ৰীয় নিৰ্বাচনৰ উপৰিও অহা বছৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগা ৰাজ্য কেৰালা আৰু অসমতো ‘ভোট চুৰি’ ৰ বিষয়টো উত্থাপন কৰিব কংগ্ৰেছে । কংগ্ৰেছ নেতৃত্বাধীন ইউ ডি এফে কেৰালাত শাসকীয় এল ডি এফ আৰু অসমৰ শাসকীয় দল বিজেপিক পৰাস্ত কৰাৰ আশাত ৰণনীতি প্ৰস্তুতকৰণত সম্প্ৰতি ব্যস্ত হৈ পৰিছে । বিগত ৯ বছৰে কেৰালা আৰু অসমত ক্ৰমে এল ডি এফ আৰু বিজেপিয়ে শাসনভাৰ চম্ভালি আহিছে ।

‘‘ৰাহুল গান্ধীৰ প্ৰকাশ সময়োপযোগী হৈছে । সকলো সময়তে আমি সন্দেহ কৰিছিলো যে কিছুমান আসনত ভোটাৰ তালিকাৰ বিসংগতিৰ বাবে এল ডি এফে ২০২১ চনৰ নিৰ্বাচনত জয়ী হৈছে, কিন্তু আমাৰ হাতত কোনো প্ৰমাণ নাছিল’’- কেৰালাৰ পি ভি মোহনে এইদৰে কয় ।

অসমৰ দায়িত্বত থকা এ আই চি চি-ৰ সচিব মনোজ চৌহানে কয়, ‘‘ৰাজ্যত ভোটাৰ তালিকাত যিকোনো খেলিমেলি সৃষ্টি কৰিবলৈ কোনো ধৰণৰ চেষ্টা চলোৱা হ’ব পাৰে ৷ আমি বুথ পৰ্যায়ৰ দলীয় কৰ্মীসকলক সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিছো ।’’

লগতে পঢ়ক: ৰাজ্যত আইন-শৃংখলাৰ চূড়ান্ত অৱনতি: মুখ্যমন্ত্ৰীক বৰ্খাস্ত-ৰাষ্ট্ৰপতি শাসনৰ দাবী কংগ্ৰেছৰ