ETV Bharat / bharat

কমনৱেলথ গেমছৰ বিত্তীয় কেলেংকাৰীৰ গোচৰত সুৰেশ কালমাদীলৈ ক্লীন চীট

সোমবাৰে ৰাউজ এভিনিউ আদালতে কমনৱেলথ গেমছ সম্পৰ্কীয় ধন সৰবৰাহৰ গোচৰত সুৰেশ কালমাদী আৰু ললিত ভানোটক ক্লীন চীট দিয়ে ৷

COMMONWEALTH GAMES SCAM
সুৰেশ কালমাদী (File Photo ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 29, 2025 at 4:23 PM IST

|

Updated : April 29, 2025 at 5:08 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: দেশৰ ক্ৰীড়াৰ ইতিহাসত শিৰোনাম দখল কৰা কমনৱেলথ গেমছ কেলেংকাৰী আৰু ইয়াৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত আয়োজক সমিতিৰ মুৰব্বী সুৰেশ কালমাদী আৰু ললিত ভানোটক দিয়া হৈছে ক্লীন চীট ৷ যি সিদ্ধান্তই কংগ্ৰেছৰ বাবে জীৱনৰেখা হিচাপে কাম কৰিছে ।

সোমবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতে ২০১০ চনৰ কমনৱেলথ গেমছৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত সুৰেশ কালমাদী আৰু ললিত ভানোটৰ বিৰুদ্ধে ই ডিৰ গোচৰ বন্ধৰ প্ৰতিবেদন(ক্ল’জাৰ ৰিপ’ৰ্ট) গ্ৰহণ কৰে ৷

ৰাউজ এভিনিউ আদালতৰ বিশেষ ন্যায়াধীশ সঞ্জীৱ আগৰৱালে মন্তব্য কৰি কয়, ‘‘চি বি আয়েও এই গোচৰৰ তদন্ত বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ পূৰ্বে চি বি আইৰ গোচৰৰ ভিত্তিতে ই ডিয়ে ধন সৰবৰাহৰ গোচৰ ৰুজু কৰিছিল । এনে পৰিস্থিতিত সুৰেশ কালমাদী আৰু ললিত ভানোটৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি লাভ নাই ।’’

তদন্তৰ সময়ত ধন সৰবৰাহৰ কোনো প্ৰমাণ পোৱা নগ’ল বুলি ই ডিৰ প্ৰতিবেদনত লিখা থকা আদালতে লক্ষ্য কৰে । এনে পৰিস্থিতিত ই ডিয়ে দাখিল কৰা বিচাৰ বিভাগৰ অভিযোগ বন্ধ কৰাৰ দাবী মানি লোৱা হয় ।

বিত্তীয় কেলেংকাৰীৰ কোনো প্ৰমাণ পোৱা নাই

আদালতৰ এই সিদ্ধান্তত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে কয়, ‘‘২০১৪ চনৰ আগতে অৰৱিন্দ কেজৰিৱাল আৰু বিজেপিয়ে যুটীয়া প্ৰচেষ্টাৰে কংগ্ৰেছক অপমান কৰিবলৈ 2G আৰু কমনৱেলথৰ দৰে বৃহৎ কাণ্ড মিছাকৈয়ে ঘটালে । দুজনকৈ অত্যন্ত সৎ ৰাজনৈতিক নেতা ক্ৰমে প্ৰয়াত ড৹ মনমোহন সিং আৰু শীলা দীক্ষিতৰ ওপৰত জাপি দিয়া হৈছিল এই মিছা অভিযোগ ৷ 2G ৰ সত্যাসত্য় ইতিমধ্যে আদালতত প্ৰকাশ পাইছিল । এতিয়া কমনৱেলথ গেমছৰ ঘটনাটোতো ইডিৰ ক্ল’জাৰ ৰিপ’ৰ্ট আদালতে গ্ৰহণ কৰিছে । এই কথা স্পষ্ট যে দুয়োটা অভিযোগে মিছা আছিল ! দেশবাসীক আঁভুৱা ভৰাৰ বাবে নৰেন্দ্ৰ মোদী আৰু অৰৱিন্দ কেজৰিৱালে কংগ্ৰেছ আৰু ভাৰতৰ জনতাৰ ওচৰত ক্ষমা বিচাৰিব লাগিব ।’’

কংগ্ৰেছক পথভ্রষ্ট কৰাৰ বাবে মিছাৰ অস্ত্ৰ ব্যৱহাৰ কৰা হৈছে

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিত চৰকাৰৰ জ্যেষ্ঠ পৰামৰ্শদাতা পৱন খেৰায়ো এই সন্দৰ্ভত প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷ তেওঁ কৈছে যে, ই ডিয়ে কমনৱেলথ গেমছৰ বিত্তীয় কেলেংকাৰীৰ সন্দৰ্ভত ক্ল’জাৰ ৰিপ’ৰ্ট দাখিল কৰিছে । বছৰ বছৰ ধৰি বিজেপিয়ে 2G, CWG, ৰবাৰ্ট ৱাদ্ৰা আৰু কয়লা বিষয়ক লৈ কংগ্ৰেছক বদনাম কৰিবলৈ মিছা কথা মাতি আহিছিল । আজি সত্য সকলোৰে সন্মুখত আৰু ইয়ে তেওঁলোকৰ মিছা কথাক উদঙাই দিছে ।

তেওঁ লগতে কয়- ‘‘এই গোচৰবোৰ কেতিয়াও ন্যায়ৰ বাবে হোৱা নাছিল । এইটো আছিল কেৱল ৰাজনৈতিক হাৰাশাস্তিৰ ষড়যন্ত্ৰ, শিৰোনামত থাকিবলৈ আৰু তেওঁলোকৰ ব্যৰ্থতাৰ পৰা জনসাধাৰণৰ দৃষ্টি আঁতৰাই নিবলৈ ইয়াক বা দিয়া হৈছিল ।’’

প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ক্ষমা খুজিবনে ?

পৱন খেৰাই লগতে কয়- ‘‘পৰিকল্পিতভাৱে ৰচিত এই গোচৰসমূহৰ পতন কেৱল আইনী জয় নহয়, বৰঞ্চ বিজেপিৰ মিছা আখ্যানৰ ৰাজনীতিৰ নৈতিক আৰু ৰাজনৈতিক অভিযোগনামা । সত্যই হুলস্থূল নকৰে, ই শান্ত আৰু অনিবাৰ্যভাৱে বাহিৰলৈ আহে । প্ৰধানমন্ত্ৰীয়ে এতিয়া দেশৰ ওচৰত ক্ষমা খুজিবনে ? দিল্লীবাসীৰ ওচৰত অৰবিন্দ কেজৰিৱালে ক্ষমা খুজিবনে ?’’

উল্লেখ্য যে, ২০১০ চনত কমনৱেলথ গেমছৰ সামৰণিৰ পিছত বিজেপিয়ে কোটি কোটি টকাৰ কেলেংকাৰীৰ বিষয়টো উত্থাপন কৰিছিল । ২০১২ চনত আন্না হাজাৰেৰ আন্দোলনতো এই বিষয়টো উত্থাপন হৈছিল আৰু কংগ্ৰেছ চৰকাৰৰ ভাৱমূৰ্তি বহু পৰিমাণে নষ্ট হৈছিল ।

লগতে পঢ়ক: ধাৰাবাহিকভাৱে যুদ্ধবিৰতি উলংঘন, নিশাৰ আন্ধাৰত আকৌ পাকিস্তানী সেনাই চলালে গুলী

Last Updated : April 29, 2025 at 5:08 PM IST