ETV Bharat / bharat

দিল্লী ৰে'ল ষ্টেচন পদপিষ্ট ঘটনা; কেন্দ্ৰক সমালোচনা কংগ্ৰেছৰ

নতুন দিল্লীৰ ৰে'ল ষ্টেচনৰ পদপিষ্টৰ ঘটনাক লৈ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছ দলে ।

Delhi Railway Station stampede
দিল্লী ৰে'ল ষ্টেচন পদপিষ্ট ঘটনা; কেন্দ্ৰক সমালোচনা কংগ্ৰেছৰ (PTI)
author img

By ANI

Published : February 16, 2025 at 11:11 AM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : নতুন দিল্লীৰ ৰে'ল ষ্টেচনত সংঘটিত পদপিষ্টৰ ঘটনাক লৈ দেশজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । ঘটনাক লৈ সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । অৱশ্যে এই ঘটনাৰ বাবে কংগ্ৰেছে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ কৰিছে ।

  • কেন্দ্ৰক আক্ৰমণ মল্লিকাৰ্জুন খাৰ্গেৰ

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে পদপিষ্টৰ ঘটনাক লৈ কেন্দ্ৰক সমালোচনা কৰি এনে পৰিস্থিতিত স্বচ্ছতা আৰু দায়বদ্ধতাৰ দাবী জনাই । তেওঁ মৃত আৰু আঘাত লোকৰ সঠিক সংখ্যা তাৎক্ষণিকভাৱে প্ৰকাশ কৰিবলৈও আহ্বান জনায় । লগতে কেন্দ্ৰৰ পৰা সন্ধানহীন লোকসকলৰ তথ্যও বিচাৰে ।

Delhi Railway Station stampede
দিল্লী ৰে'ল ষ্টেচন পদপিষ্ট ঘটনা; কেন্দ্ৰক সমালোচনা কংগ্ৰেছৰ (ANI)

এক্সৰ এটা পোষ্টত তেওঁ লিখিছে, "আমি দাবী কৰো যে মৃত আৰু আহতৰ সংখ্যা যিমান সম্ভৱ সোনকালে ঘোষণা কৰিব লাগে আৰু সন্ধানহীন লোকসকলৰ পৰিচয়ও নিশ্চিত কৰিব লাগে ।"

তেওঁ লগতে কয় যে আহতসকলক তাৎক্ষণিক চিকিৎসা প্ৰদান কৰা আৰু ভুক্তভোগীসকলৰ পৰিয়ালক সহায় কৰাটোৱেই প্ৰাথমিকতা হ'ব লাগে । তেওঁ লিখিছে, "পীড়িতসকলৰ পৰিয়াললৈ আমাৰ গভীৰ সমবেদনা । আহতসকলক তাৎক্ষণিক চিকিৎসা প্ৰদান কৰা উচিত ।"

তেওঁ লগতে অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰে ঘটনাটো গাপ দিবলৈ চেষ্টা কৰিছে । ঘটনাৰ বাবে দায়ীসকলক জবাবদিহি কৰাৰ লগতে ভৱিষ্যতে এনে দুৰ্ঘটনা প্ৰতিহত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনায় ।

এক্সৰ পোষ্টত তেওঁ লিখিছে, "নতুন দিল্লী ৰে'ল ষ্টেচনত সংঘটিত পদপিষ্টৰ ঘটনাত বহু লোকৰ মৃত্যু হোৱাৰ খবৰ অত্যন্ত দুখজনক । ষ্টেচনৰ ভিডিঅ'বোৰ অত্যন্ত হৃদয় বিদাৰক । নতুন দিল্লী ৰে'ল ষ্টেচনত হোৱা মৃত্যুৰ ক্ষেত্ৰত সত্য লুকুৱাবলৈ নৰেন্দ্ৰ মোদী চৰকাৰে কৰা প্ৰয়াস অত্যন্ত লজ্জাজনক আৰু নিন্দনীয় ।"

  • পৱন খেৰাৰ প্ৰতিক্ৰিয়া

আনহাতে কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাইও বিশাল জনসমাগম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত উন্নত ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । নতুন দিল্লীৰ ঘটনাটোৰ পিছতে পৱন খেৰাই এক্সৰ এটা পোষ্টত লিখিছে, "নতুন দিল্লী ষ্টেচনত সংঘটিত পদপিষ্টৰ ঘটনাটো দুখজনক । কুম্ভৰ বিশাল অনুষ্ঠানৰ বাবে নতুন দিল্লী ষ্টেচনত উন্নত ব্যৱস্থা কৰা উচিত আছিল । প্ৰায় ১২ গৰাকী লোক আহত হোৱাৰ খবৰ পোৱা গৈছে । আশা কৰো সকলোৱে সুৰক্ষিতভাৱে তেওঁলোকৰ গন্তব্যস্থানত গৈ পাব ।"

উল্লেখ্য যে শনিবাৰে নতুন দিল্লী ৰে'ল ষ্টেচনত সংঘটিত ঘটনাটোত প্ৰায় ১৫ গৰাকী লোক নিহত হয় ।

  • ৰে'লৱে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

ৰে'লৱেৰ উপ আৰক্ষী আয়ুক্ত কেপিএছ মালহোত্ৰাৰ মতে ১৪ নং প্লেটফৰ্মত বৃহৎ সংখ্যক যাত্ৰী সমবেত হোৱাৰ সময়তে এই ঘটনাটো সংঘটিত হৈছিল । য'ত প্ৰয়াগৰাজ এক্সপ্ৰেছ ৰৈ আছিল । ইয়াৰ উপৰিও, স্বতন্ত্ৰ সেনানী এক্সপ্ৰেছ আৰু ভুৱনেশ্বৰ ৰাজধানীৰ প্ৰস্থানত পলম হোৱাৰ ফলত ১২, ১৩ আৰু ১৪ নং প্লেটফৰ্মত অধিক ভিৰ হৈছিল ।

তেওঁ কয়, "আমি ভিৰৰ অনুমান কৰিছলো, কিন্তু অতি কম সময়ৰ ভিতৰতে সমগ্ৰ ঘটনাটো সংঘটিত হৈছিল । ঘটনাৰ অনুসন্ধান ৰে'লৱেৰ দ্বাৰা কৰা হ'ব...অনুসন্ধানৰ পিছত আমি ঘটনাটোৰ আঁৰৰ কাৰণ জানিব পাৰিম...।"

প্ৰতিবেদন অনুসৰি প্ৰায় ১,৫০০ জেনেৰেল টিকট বিক্ৰী হৈছিল, যাৰ ফলত যথেষ্ট ভিৰ হৈছিল । ১৪ নং প্লেটফৰ্ম আৰু ১ নং প্লেটফৰ্মত এস্কেলেটৰৰ ওচৰত পৰিস্থিতিৰ অধিক অৱনতি ঘটিছিল ।

লগতে পঢ়ক :নতুন দিল্লীৰ ৰে'ল ষ্টেচনত পদপিষ্ট হৈ ১৮ যাত্ৰীৰ মৃত্যু - NEW DELHI RAILWAY STATION STAMPEDE