ETV Bharat / bharat

সাংসদ ভূঞাই ৰাজ্যসভাত উলিয়ালে ৰেট হোল মাইনিং-ছিণ্ডিকেটৰ কথা - CONCERN OVER THE ILLEGAL COAL MINE

ৰেট হোল মাইনিং, ছিণ্ডিকেট সকলোবোৰ একেলগে জড়িত আৰু চৰকাৰৰ সৰ্বোচ্চ স্তৰৰ পৃষ্ঠপোষকতা আছে । অজিত কুমাৰ ভূঞাই বিচাৰিলে উচ্চস্তৰীয় তদন্ত ।

Concern over the illegal rat hole coal mine in Dima Hasao District in Assam
অবৈধ ৰেট হোল কয়লাখনিক লৈ উদ্বেগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 25, 2025 at 7:13 PM IST

2 Min Read

হায়দৰাবাদ: ডিমা হাছাও জিলাৰ উমৰাংছ'ত দীৰ্ঘদিন ধৰি অবৈধভাৱে কয়লা খনন চলি থকা এটা খনিত সংঘটিত দুর্ঘটনাত কেইবাজনো শ্রমিকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত মঙলবাৰে ৰাজ্যসভাত সৰৱ হৈ পৰে সাংসদ অজিত কুমাৰ ভূঞা ।

পৰিৱেশ সুৰক্ষাৰ বিষয়টোত অসম চৰকাৰে আপোচ কৰি থকাৰ অভিযোগ উত্থাপন কৰে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে ।

ৰেট হোল মাইনিঙক লৈ উদ্বেগ সাংসদ অজিত কুমাৰ ভূঞাৰ (ETV Bharat Assam)

ৰাজ্যসভাত আজি শূণ্য়কালীন ঘণ্টাত বিষয়টো উত্থাপন কৰি সাংসদ ভূঞাই কয়, "অসমৰ ডিমা হাচাও জিলাৰ উমৰাংছ'ত এটা অবৈধ ৰেট হোল কয়লাখনিত কৰ্মৰত নজন শ্ৰমিকৰ মৃত্যু ঘটিছে । এই কৰুণ ঘটনাটো ৰাজ্য চৰকাৰে পৰিৱেশ সুৰক্ষাৰ বিষয়টোত কেনেদৰে আপোচ কৰি আছে আৰু মানুহৰ জীৱন বিপদাপন্ন কৰি আছে তাৰ এটা উদাহৰণ । আমি সকলোৱে জানো যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ৰেট হোল কয়লা খনন নিষিদ্ধ কৰিছিল আৰু মাননীয় উচ্চতম ন্যায়ালয়েও ইয়াত সন্মতি প্ৰদান কৰিছিল । কিয়নো এনে খনন পৰিৱেশৰ প্ৰতিকূল । অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি পি কটকীৰ নেতৃত্বত এখন আয়োগেও ইয়াৰ প্ৰতিবেদনত অসমত ব্যাপক অবৈধ কয়লা খননৰ বিষয়ে বছৰটোৰ আগতে উল্লেখ কৰিছে ।"

তেওঁ লগতে কয়, "এনে বহু প্ৰমাণ থকা স্বত্বেও অসমত ৰাজ্য চৰকাৰৰ কৰ্তৃপক্ষৰ নাকৰ তলত অবৈধ খনন অব্যাহত আছে । উমৰাংছ'ৰ ঘটনাটো অসমৰ এনে অৱস্থাৰ প্ৰতিফলন । মই এই সদনৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰো যে ৰাজ্য চৰকাৰৰ সৈতে কিছু মিত্ৰতা নহ'লে এনে ধৰণৰ অবৈধ খনন অব্যাহত থাকিব নোৱাৰে । বেছিভাগ বাতৰি কাকততে ছিণ্ডিকেটৰ বিষয়ে কাহিনী প্ৰকাশ পাই আহিছে । অবৈধ খনন, ৰেট হোল কয়লা খনন, ছিণ্ডিকেট সকলোবোৰ একেলগে জড়িত আৰু চৰকাৰৰ সৰ্বোচ্চ স্তৰৰ পৃষ্ঠপোষকতা আছে । এনেধৰণৰ অবৈধ খননে ৰাজকোষৰ ক্ষতি কৰিছে আৰু পৰিৱেশৰ অৱক্ষয় ঘটাইছে ।"

সাংসদগৰাকীয়ে লগতে কয়, "সেয়েহে, মই এই বিষয়টোত কেন্দ্ৰীয় চৰকাৰৰ তাৎক্ষণিক হস্তক্ষেপ দাবী জনাইছো । কিয়নো ৰাজ্য চৰকাৰে নিজৰ কৰ্তব্য পালন কৰাত শোচনীয়ভাৱে ব্যৰ্থ হৈছে । উমৰাংছ' ঘটনাত ৰাজ্য চৰকাৰৰ লগতে উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ কৰ্তৃপক্ষৰ ভূমিকা বিচাৰি উলিওৱাৰ বাবে মই এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছো ।"

লগতে পঢ়ক: কি কি ক্ষমতা বাঢ়িল পঞ্চায়তৰ ? বিধানসভাই কৰিলে আইন সংশোধন - ASSAM PANCHAYAT ACT AMENDMENT

মূৰত ডাঙৰ টোপোলা লৈ অসম বিধানসভালৈ আহিল কংগ্ৰেছৰ বিধায়কসকল; কাৰণ বাৰু কি ! - ASSAM ASSEMBLY BUDGET SESSION

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.