ETV Bharat / bharat

ক’ক’মিৰ উদ্যোগত বৃহৎ সমদল, দুগৰাকী বিধায়কৰ অংশগ্ৰহণ - Massive rally in Imphal

Save Manipur Campaign: ক’ক’মিৰ উদ্যোগত মণিপুৰ বচাওক শীৰ্ষক বৃহৎ সমদল ৷ ই সমাৱেশত নাগৰিক সমাজ সংগঠনৰ নেতা, মেইৰা পাইবিৰ সদস্য, জ্যেষ্ঠ নাগৰিক, যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰী আৰু ৱাংখেইৰ বিধায়ক থাংজাম অৰুণ কুমাৰ আৰু কেইশমথঙৰ বিধায়ক নিশিকান্ত সাপমৰ দৰে উল্লেখযোগ্য ব্যক্তিয়ে যোগদান কৰে ৷

SAVE MANIPUR CAMPAIGN
মণিপুৰ বচাওক সমদলত হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : June 28, 2024 at 10:24 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ, 28 জুন : মণিপুৰ অখণ্ডতা সম্পৰ্কীয় সমন্বয় সমিতি চমুকৈ ক’কমিৰ (COCOMI) উদ্যোগত বিশাল সমদল ৷ মণিপুৰৰ বিভিন্ন সম্প্ৰদায় আৰু পৃষ্ঠভূমিক প্ৰতিনিধিত্ব কৰা হাজাৰ হাজাৰ ব্যক্তিয়ে শুকুৰবাৰে মণিপুৰ অখণ্ডতা সম্পৰ্কীয় সমন্বয় সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা "মণিপুৰ কানবা খোংচাট" বা "মণিপুৰ বচাওক ৰেলী"ত আন্তৰিকতাৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ সমদলটো পুৱা থাংমেইবান্দৰ থাউ (THAU) খেলপথাৰৰ পৰা আৰম্ভ হৈছিল আৰু খুমান লাম্পকত সমাপ্ত হৈছিল, য'ত এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল ৷

ক’ক’মিৰ উদ্যোগত বৃহৎ সমদল (ETV BHARAT ASSAM)

নাগামাপাল, বিটি ৰোড, কাংলা ৱেষ্টাৰ্ণ গেট, খুয়াথং ট্ৰেফিক পইণ্ট আৰু উত্তৰ এ অ চিকে ধৰি গুৰুত্বপূৰ্ণ অঞ্চল অতিক্ৰম কৰা এই সমাৱেশত নাগৰিক সমাজ সংগঠনৰ নেতা, মেইৰা পাইবিৰ সদস্য, জ্যেষ্ঠ নাগৰিক, যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰী আৰু ৱাংখেইৰ বিধায়ক থাংজাম অৰুণ কুমাৰ আৰু কেইশমথঙৰ বিধায়ক নিশিকান্ত সাপমৰ দৰে উল্লেখযোগ্য ব্যক্তিয়ে যোগদান কৰে ৷ সমগ্ৰ সমদলটোত অংশগ্ৰহণকাৰীসকলে মণিপুৰৰ একতা নিশ্চিত কৰা আৰু বিভাজনমূলক নীতিক গৰিহণা দিয়া শ্ল'গানৰ দিয়ে ৷

লগতে পঢ়ক : ভাৰতীয় সেনাই ছিকিমত নিৰ্মাণ কৰিলে ৭০ ফুট দীঘল বেইলী দলং - Sikkim flood

সমদলটোৱে মণিপুৰৰ জনসাধাৰণৰ অটল ঐক্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ৰাজ্যখনক বিভাজন কৰা বা পৃথক প্ৰশাসন স্থাপনৰ যিকোনো প্ৰচেষ্টাৰ তীব্ৰ বিৰোধিতা কৰে ৷ অঞ্চলটোৰ পৰা কুকি নাৰ্কো-সন্ত্ৰাসবাদী নিৰ্মূল আৰু কুকি উগ্ৰপন্থীৰ সৈতে অভিযান স্থগিত চুক্তি বাতিল কৰাৰ বাবেও আহ্বান জনোৱা হয় এই সমদলত ৷ লগতে চুবুৰীয়া দেশ ম্যানমাৰৰ পৰা হৈ থকা অবৈধ প্ৰবজন, সন্ত্ৰাসবাদৰ লগতে ব্যাপক হাৰত বৃদ্ধি হোৱা ড্ৰাগছ আৰু বিভিন্ন নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷

সমদলটোৰ প্ৰতিক্ৰিয়া স্বৰূপে, খোৱাইৰামবন্দ ইমা মাৰ্কেট আৰু অন্যান্য স্থানীয় বজাৰসমূহে বন্ধ পালন কৰা পৰিলক্ষিত হয় ৷ ফাৰ্মাচীৰ বাহিৰে অন্য দোকান-পোহাৰবোৰ বন্ধ হৈ পৰে ৷ খোৱাইৰামবন্দ ইমা মাৰ্কেটৰ মহিলা বিক্ৰেতাসকলে ৰেলীত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকৰ কাম স্থগিত ৰাখে, যাৰ ফলত যান-বাহনৰ চলাচল হ্ৰাস পাই ৷ নিৰাপত্তা বাহিনীয়ে কোনো অপ্ৰীতিকৰ ঘটনা অবিহনে সমদলটো শান্তিপূৰ্ণভাৱে আগবাঢ়ি যোৱাটো নিশ্চিত কৰিবলৈ কঠোৰ সতৰ্কতা বজাই ৰাখিছিল ৷

সমদলৰ পিচত খুমান লাম্পকত অনুষ্ঠিত ৰাজহুৱা সভাৰ সামৰণি পৰে আৰু উপস্থিত সকলোৱে মণিপুৰৰ অখণ্ডতা আৰু বাহ্যিক প্ৰত্যাহ্বানৰ বিৰুদ্ধে ঐক্য সুৰক্ষিত কৰাৰ বাবে সামূহিক প্ৰচেষ্টাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ এই প্ৰতিশ্ৰুতিয়ে যোৱা বছৰৰ 3 মে'ৰ পৰা ৰাজ্যখনত চলি থকা সংকটৰ সন্মুখত এক ঐক্যবদ্ধ স্থিতি প্ৰদৰ্শন কৰে ৷

লগতে পঢ়ক : কুকি-মেইটেইৰ মাজত পুনৰ সংঘৰ্ষৰ ফলত অগ্নিগৰ্ভা মণিপুৰ, কাছাৰত আশ্ৰয় বিচাৰি প্ৰৱেশ ৫ শতাধিকৰ - MANIPUR VIOLENCE