ETV Bharat / bharat

দেশৰ প্ৰথমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্যত পৰিণত মিজোৰাম

পিৰিয়াডিক লেবাৰ ফ'ৰ্চ ছাৰ্ভে (PLFS 2023-2024) অনুসৰি বৰ্তমান মিজোৰামৰ সাক্ষৰতাৰ হাৰ ৯৮.২ শতাংশ ।

MIZORAM FIRST FULLY LITERATE STATE
দেশৰ প্ৰথমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্যত পৰিণত মিজোৰাম (ETV Bharat)
author img

By ANI

Published : May 21, 2025 at 10:47 AM IST

5 Min Read
Choose ETV Bharat

আইজল: উত্তৰ-পূৰ্বাঞ্চলবাসীৰ বাবে আছে এটা ভাল লগা খবৰ ৷ দেশৰ প্ৰথমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্যত পৰিণত হৈছে মিজোৰাম ৷ দেশৰ শৈক্ষিক যাত্ৰাৰ এক উল্লেখযোগ্য মুহূৰ্তত মঙলবাৰে 'উল্লাছ' (আণ্ডাৰষ্টেণ্ডিং লাইফলং লাৰ্নিং ফৰ অল ইন ছ’চাইটি) পদক্ষেপৰ অধীনত মিজোৰামক ভাৰতৰ প্ৰথমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্যৰূপে স্বীকৃতি দিয়া হয় ৷

মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই মঙলবাৰে আনুষ্ঠানিকভাৱে মিজোৰামক সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে ঘোষণা কৰে ৷ সম্প্ৰতি দেশৰ পূৰ্ণ সাক্ষৰতা লাভ কৰা প্ৰথমখন ৰাজ্যত পৰিণত হৈছে মিজোৰাম । এম জি ইউ অডিটৰিয়ামত অনুষ্ঠিত হৈছিল এই উদযাপন অনুষ্ঠান ৷

MIZORAM FIRST FULLY LITERATE STATE
গৌৰৱৰ খবৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী লালডুহোমাই (ANI Photo)

কেন্দ্ৰীয় শিক্ষা, দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰী আৰু মিজোৰামৰ শিক্ষামন্ত্ৰী ড৹ ভানলালথলানাই সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি এই অনুষ্ঠানৰ শোভা বঢ়ায় ।

"আজি আমাৰ ৰাজ্যৰ বাবে এক ঐতিহাসিক মুহূৰ্ত- যিটো অনাগত প্ৰজন্মই স্মৰণ কৰিব" বুলি মুখ্যমন্ত্ৰীয়ে সমবেত লোকসকলক সম্বোধন কৰি কয় ।

তেওঁ দৃঢ়ভাৱে কয় যে এই কৃতিত্ব কেৱল পৰিসংখ্যা নহয়, বৰঞ্চ এক পৰিৱৰ্তনশীল মাইলৰ খুঁটি ৷ যিয়ে জনসাধাৰণৰ সামূহিক ইচ্ছা, অনুশাসন আৰু দৃষ্টিভংগীক এক মঞ্চ প্ৰদান কৰিছে ।

‘‘এয়া নিজৰ ৰাষ্ট্ৰক ভালপোৱা আৰু নিষ্ঠাৰে কাম কৰা নাগৰিকসকলৰ সামূহিক সাফল্য, বিশেষকৈ সেই ১,৬৯২ জন ব্যক্তিক আলোকপাত কৰে, যিসকলে জীৱনৰ পিছৰ পৰ্যায়তো শিক্ষাৰ সুযোগ হেৰুৱাই পেলোৱাৰ পিছত অসাধাৰণ দৃঢ়তা আৰু শিকিবলৈ ইচ্ছা প্ৰদৰ্শন কৰিছিল ৷’’ মুখ্যমন্ত্ৰী লালডুহোমাই লগতে কয় ৷

তেওঁ আৰু কয়- "আমি এই দিনটো কোনো অভিযানৰ অন্ত হিচাপে নহয়, সুযোগ, সবলীকৰণ আৰু অন্তৰ্ভুক্তিৰ নতুন যুগৰ আৰম্ভণি হিচাপে উদযাপন কৰো ৷"

তেওঁ উল্লেখ কৰে যে আজি হয়তো সাক্ষৰতা আন্দোলনৰ সামৰণি নহ'বও পাৰে ৷ ‘‘আমি নিৰন্তৰ শিক্ষা, ডিজিটেল প্ৰৱেশ আৰু বৃত্তিমূলক দক্ষতা প্ৰশিক্ষণৰ জৰিয়তে সাক্ষৰতা বজাই ৰখাৰ প্ৰতিশ্ৰুতিও নবীকৰণ কৰিছো’’ বুলি তেওঁ কয় ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে মিজোসকলক সপোন দেখিবলৈ আৰু নিজৰ লক্ষ্যত উপনীত হ’বলৈ উৎসাহ প্ৰদান কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- "এয়া কেৱল আৰম্ভণি হওক । আহক, এতিয়া প্ৰতিগৰাকী মিজোৰ বাবে ডিজিটেল সাক্ষৰতা, আৰ্থিক সাক্ষৰতা আৰু উদ্যোগী ক্ষমতাৰ চূড়ান্ত শিখৰত উপনীত হওঁ ৷"

সেই গৌৰৱৰ মুহূৰ্তটো পুনৰবাৰ উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "আমি প্ৰথম হোৱাৰ বাবে গৌৰৱান্বিত আৰু আমি শ্ৰেষ্ঠ হৈ থাকিবলৈ কাম কৰিম ৷"

‘‘এই ঘোষণাই শিক্ষণ আৰু সবলীকৰণৰ নতুন ঢৌ আনক । অধিক স্মাৰ্ট আৰু শক্তিশালী মিজোৰাম গঠনৰ দিশে আমি একেলগে আগবাঢ়িছো’’ বুলি কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণৰ মোখনি মাৰে ৷

আনহাতে, সভাত উপস্থিত কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে এই উল্লেখযোগ্য সাফল্যৰ বাবে মিজোৰামৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে আৰু ইয়াৰ সৈতে জড়িত সকলো পক্ষৰে নিষ্ঠাক প্ৰশংসা কৰে ।

শিক্ষাৰ জৰিয়তে সৰ্বাংগীণ উন্নয়নৰ বাবে ৰাজ্যখনৰ দায়বদ্ধতাক প্ৰশংসা কৰি মিজোৰামে আজীৱন শিক্ষণ আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত আগবাঢ়ি যাব বুলি তেওঁ বিশ্বাস কৰে । শিক্ষা আৰু সবলীকৰণৰ দিশত ৰাজ্যখনৰ অবিৰত যাত্ৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি তেওঁ কয় ‘‘কেৱল মিজোৰামৰ বাবেই নহয়, সমগ্ৰ জাতিটোৰ বাবে এইটো এটা গৌৰৱৰ দিন ।’’

উল্লেখ্য যে শিক্ষা মন্ত্ৰালয়ৰ ULLAS পদক্ষেপৰ অধীনত মিজোৰামক প্ৰথমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে স্বীকৃতি ঘোষণা কৰা হৈছিল ৷ যিয়ে জনসংখ্যাৰ নূন্যতম সাক্ষৰতাৰ হাৰ ৯৫ শতাংশ বুলি স্বীকৃতি দিয়ে ৷

পিৰিয়াডিক লেবাৰ ফ'ৰ্চ ছাৰ্ভে (PLFS 2023-2024) অনুসৰি বৰ্তমান মিজোৰামৰ সাক্ষৰতাৰ হাৰ ৯৮.২ শতাংশ । বিশেষকৈ সমগ্ৰ শিক্ষা আৰু নতুন ভাৰত সাক্ষৰতা কাৰ্যসূচীৰ জৰিয়তে বিদ্যালয়ৰ শিক্ষা বিভাগে কৰা স্থায়ী প্ৰচেষ্টাৰ ফল এয়া ৷

ৰাজ্য চৰকাৰে ৰাজ্যিক সাক্ষৰতা অভিযান কৰ্তৃপক্ষৰ অধীনত এখন শাসক পৰিষদ আৰু কাৰ্যনিৰ্বাহক সমিতি গঠন কৰে, য’ত সমগ্ৰ শিক্ষা মিজোৰামৰ অধীনত ৰাজ্যিক প্ৰকল্প কাৰ্যালয়ে এই পদক্ষেপৰ নেতৃত্ব দিয়ে ।

এই অভিযানক সহায় কৰিবলৈ এছ চি ই আৰ টিৰ অধীনত ষ্টেট চেণ্টাৰ ফৰ লিটাৰেচি (এছ চি এল) স্থাপন কৰা হৈছিল । ই লংটলাই জিলাৰ শিক্ষাৰ্থীসকলৰ বাবে ইংৰাজী সংস্কৰণৰ লগতে ভাৰ্টিয়ান শীৰ্ষক মিজো ভাষাৰ শিক্ষণ সামগ্ৰী প্ৰস্তুত কৰিছিল ।

ক্লাষ্টাৰ ৰিছ’ৰ্চ চেণ্টাৰ কো-অ’ৰ্ডিনেটৰ (চি আৰ চি চি) সকলে নিউ ইণ্ডিয়া লিটাৰেচি প্ৰগ্ৰেমৰ বাবে জৰীপকাৰী হিচাপে কাম কৰিছিল ৷ ১৫ বছৰ আৰু তাৰ ওপৰৰ ৩,০২৬ জন নিৰক্ষৰ ব্যক্তিক চিনাক্ত কৰিছিল, ইয়াৰে ১,৬৯২ জনেই শিকিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল ।

জিলা প্ৰকল্প কাৰ্যালয়সমূহে বিদ্যালয়, কমিউনিটি হল, ৱাই এম এ পুথিভঁৰাল, আনকি প্ৰয়োজনৰ সময়ত শিক্ষাৰ্থীৰ ঘৰতো নিয়মীয়াকৈ শ্ৰেণী অনুষ্ঠিত কৰিবলৈ ২৯২ জন স্বেচ্ছাসেৱী শিক্ষকক নিযুক্তি দিছিল ৷

লগতে পঢ়ক: ৩১ জুলাইলৈকে কৰিব পাৰিব পদ্ম বঁটাৰ মনোনয়ন দাখিল; কেনেকৈ কৰিব আবেদন....