ETV Bharat / bharat

নাপালে স্বাধীনতা দিৱসৰ মিঠাই, অভিযোগ পালেগৈ মুখ্যমন্ত্ৰীৰ ওচৰ

মুখ্যমন্ত্ৰীৰ হেল্পলাইন নম্বৰলৈ আহিল এক আজৱ অভিযোগ ৷ পূ্ৰ্বে নোহোৱা-নোপোজা এই ঘটনা ৷

CM HELPLINE COMPLAINT FOR LADDU
মিঠাই নোপোৱাৰ বাবেই মুখ্যমন্ত্ৰীৰ হেল্পলাইন নম্বৰত দাখিল কৰিলে অভিযোগ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 21, 2025 at 7:43 PM IST

3 Min Read
Choose ETV Bharat

ভিণ্ড: আজৱ দেশ গজৱ কথা ৷ পূৰ্বে নোহোৱা-নোপোজা এই ঘটনা ৷ সাধাৰণ লোকসকলৰ সমস্যা সমাধানৰ বাবে মুকলি কৰা মুখ্যমন্ত্ৰীৰ হেল্পলাইন নম্বৰলৈ আহিল এক ফোনকল ৷ ফোন কৰোতাজনৰ সমস্যাৰ কথা জানিলে আপুনিও হাঁহিত বাগৰি পৰিব ৷

পিছে শুনাত আচহুৱা যেন লাগিলেও এয়াই সঁচা ৷ স্বাধীনতা দিৱসত বিতৰণ কৰা মিঠাই নাপাই এজন লোকে মুখ্যমন্ত্ৰীৰ হেল্পলাইন নম্বৰলৈ ফোন কৰি দিলে অভিযোগ ৷

এই বিশেষ ব্যক্তিগৰাকীয়ে পঞ্চায়তৰ কাৰ্যালয়ে স্বাধীনতা দিৱস উপলক্ষে বিতৰণ কৰা মিঠাইৰ ভাগ নোপোৱা বুলি অভিযোগ তোলে ৷ যাৰ বাবে তেওঁ প্ৰৱঞ্চনাৰ সন্মুখীন হোৱা অনুভৱ কৰে ৷ কিন্তু বিষয়টো ইমানতে সীমাবদ্ধ থকাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ হেল্পলাইন নম্বৰলৈ ফোনযোগে আহে অভিযোগ ৷ ইয়াৰ পিছতে পঞ্চায়তৰ বিষয়ববীয়াসকল চিন্তিত হৈ পৰে ৷

CM HELPLINE COMPLAINT FOR LADDU
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা অভিযোগপত্ৰ (ETV Bharat)

মিঠাই নোপোৱাৰ বাবে খং উঠিল গাঁৱৰ মানুহৰ

দেশৰ বাকী অংশৰ দৰে ১৫ আগষ্টত নৌধা পঞ্চায়তেও পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত গাই উদযাপন কৰে স্বাধীনতা দিৱস । ইয়াৰ পিছত পৰম্পৰা অনুসৰি মিঠাই বিতৰণ কৰা হয় ।

পঞ্চায়তখনৰ কাৰ্যালয় চৌহদত সকলোকে এটাকৈ মিঠাই দিয়া হৈছিল । গাঁওখনৰ বাসিন্দা কমলেশ কুশৱাহাৰ পাল কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছত তেওঁকো এটা মিঠাই দিয়া হয় যদিও তেওঁ পুনৰবাৰ এটা মিঠাই বিচৰাত মিঠাইটো দিবলৈ অমান্তি হয় মিঠাই ভগোৱাৰ দায়িত্বত থকা লোকজন ৷ এই কথাত ক্ষুব্ধ হৈ লোকজনে মুখ্যমন্ত্ৰীৰ হেল্পলাইনত অভিযোগ দাখিল কৰে ৷

মুখ্যমন্ত্ৰীৰ হেল্পলাইন নম্বৰত অভিযোগ

লোকজনে পঞ্চায়তৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত গাঁওবাসীক মিঠাই নিদিয়া বুলি অভিযোগ দাখিল কৰাৰ পিছৰে দেখা দিছে ডাঙৰ সমস্যা ৷ সেই সময়ত বিষয়টো নিষ্পত্তি হৈছিল যদিও এই অভিযোগ নিষ্পত্তি কৰাৰ সময় আহিলত পঞ্চায়তৰ সম্পাদক, নিয়োগ সহায়ক আৰু গাঁওবুঢ়াও স্তম্ভিত হৈ পৰে ৷ তাৰপিছত গাঁৱৰ মানুহখিনিৰ সৈতে যোগাযোগ কৰি অভিযোগ উঠাই ল’বলৈ অনুৰোধ কৰে যদিও এনে কৰিবলৈ মান্তি হোৱা নাই কমলেশ ৷

দুটা বিচাৰিছিলো এটাহে মিঠাই দিলে

মিঠাই নোপোৱাৰ সন্দৰ্ভত দাখিল কৰা অভিযোগপত্ৰ পিছলৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে ৷ ইয়াৰ পিছত ই টিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত কমলেশে কয়, ‘‘পতাকা উত্তোলনৰ পিছত সকলোকে দুটা মিঠাই দিব লাগিছিল যদিও আমাক মাত্ৰ এটা মিঠাইহে দিয়া হ'ল আৰু আমি বিচৰাত স্পষ্টভাৱে নাকচ কৰা হ'ল । সেয়েহে আমি এই বিষয়ে মুখ্যমন্ত্ৰীৰ হেল্পলাইনত অভিযোগ দিছো ।’’

বজাৰৰ পৰা ক্ৰয় কৰি কমলেশক দিয়া হ’ব মিঠাই

পঞ্চায়তৰ সম্পাদক ৰবীন্দ্ৰ শ্ৰীবাস্তৱে এই সন্দৰ্ভত জনায়, ‘‘১৫ আগষ্টত জি আৰ এছ ধৰ্মেন্দ্ৰই উপস্থিত থকা প্ৰতিগৰাকী গাঁওবাসীক এটাকৈ মিঠাই বিতৰণ কৰিছিল । কিন্তু কমলেশে দুটা মিঠাই বিচৰাত জি আৰ এছে মিঠাই আনৰ বাবে নিব নালাগে বুলি কৈ দিবলৈ অস্বীকাৰ কৰে ৷ হয়তো এই কথাত তেওঁৰ বেয়া লাগিছিল । অৱশ্যে এতিয়া পঞ্চায়তে দোকানৰ পৰা মিঠাই কিনি কমলেশক দিব ।’’

উল্লেখ্য যে এই আমোদজনক ঘটনা সংঘটিত হৈছে মধ্য়প্ৰদেশৰ ভিণ্ড জিলাত ৷

লগতে পঢ়ক: আলৌকিক ! জন্মৰ আঠ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে স্পষ্টকৈ কথা ক'লে এটি নাবালকে