ETV Bharat / bharat

ৰঘুবংশীক ঘপিয়াই হত্যা কৰিছিল নেকি ? দাখন কাৰ ? আৰক্ষীৰ আগত বহুকেইটা প্ৰশ্নবোধক

অব্যাহত আছে মেঘালয়ত মধ্যপ্ৰদেশৰ পৰ্যটক ৰাজা ৰঘুবংশীক হত্যাৰ তদন্ত । দোষীয়ে শাস্তি পাবই ৷ ক'লে মুখ্যমন্ত্ৰী কনৰাড চাংমাই ।

CM Conrad K Sangma reacts over murder of tourists in Meghalaya
ৰাজা আৰু সোনম ৰঘুবংশী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 5, 2025 at 1:45 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: মেঘালয়লৈ ফুৰিবলৈ আহি সন্ধানহীন হোৱা মধ্যপ্ৰদেশৰ ইন্দোৰৰ ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰৰ পাছতেই ন ন তথ্য পোহৰলৈ আহিছে । এঘাৰ দিন সন্ধানহীন হৈ থকাৰ পিছত গলি যোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাৰ সময়তেই ন ন তথ্য উদ্ধাৰ হৈছে । ৰাজা ৰঘুবংশীক দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰাৰ সন্দেহ কৰা হৈছে ।

কিয়নো মৃতদেহৰ সমীপতে এখন নতুন দা উদ্ধাৰ কৰিছে আৰক্ষীয়ে । তদুপৰি ৰঘুবংশীৰ মোবাইলটো ভঙা অৱস্থাত পোৱাৰ লগতে চিম কাৰ্ডখনো উদ্ধাৰ কৰা হৈছে । পূব খাছী পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক বিবেক চিয়েমে কয়, "ৰাজা ৰঘুবংশীক হত্যা কৰা হৈছিল, তাত কোনো সন্দেহ নাই । কিন্তু এই হত্যাকাণ্ডৰ কাৰণ কি ? ডকাইতি, ব্যক্তিগত শত্ৰুতা আৰু অন্যান্য সম্ভাব্য কাৰণবোৰ পৰ্যবেক্ষণ কৰা হৈছে । চেৰাপুঞ্জীৰ ৱেইচংডং হ্ৰদ এলেকাৰ গভীৰ খাৱৈত ৰাজা ৰঘুবংশীৰ গলিত মৃতদেহটো উদ্ধাৰ হ'লেও এই পর্যন্ত তেওঁৰ পত্নী সোনমৰ কোনো সন্ধান লাভ কৰা হোৱা নাই ।"

মেঘালয়ত পৰ্যটকক হত্যা সন্দৰ্ভত আৰক্ষীৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

তেওঁ লগতে কয়, "আজি সোনমৰ সন্ধানত এছ ডি আৰ এফে অভিযান চলায় । এই অভিযানত ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দূৰত AD Viewpoint ৰ ওচৰৰ গভীৰ গহ্বৰত এটা ৰেইনকোট উদ্ধাৰ কৰা হৈছে । ইপিনে ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী গোট গঠন কৰা হৈছে ।" পৰিয়ালৰ অভিযোগ অনুসৰি, ৰাজা ৰঘুবংশীৰ দুটা সোণৰ আঙুঠি, এডাল সোণৰ চেইন, ব্ৰেছলেট আৰক্ষীয়ে লাভ কৰা নাই ।

উল্লেখ্য যে, ৰঘুবংশী দম্পতীয়ে এখন স্কুটী ভাৰাত লৈ ২৩ মে'ত শ্বিলঙৰ পৰা চেৰাপুঞ্জীলৈ ফুৰিবলৈ গৈছিল । সেইদিনাৰ পৰাই নিৰুদ্দেশ হৈ আছিল দম্পতীটো । কেইবাদিনো পূৰ্বে উদ্ধাৰ হৈছিল ভাৰাত লোৱা স্কুটীখন । স্কুটীখন ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ স্থানৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত উদ্ধাৰ হৈছিল ।

ইফালে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই । বুধবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ইন্দোৰৰ পৰ্যটক ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ আঁৰত যিসকল আছে তেওঁলোকক নিশ্চয় শাস্তি বিহা হ'ব ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "ঘটনাটোৰ উপযুক্ত তথ্য লাভ কৰাটো গুৰুত্বপূৰ্ণ, যাতে সত্য পোহৰলৈ আহে । তাৰ বাবে আমি যি পদক্ষেপ গ্ৰহণ কৰিব লাগে কৰিম আৰু তাৰ পাছত আমি উচিত সিদ্ধান্ত গ্ৰহণ কৰিম । বহু তথ্য এতিয়াও লাভ কৰিবলৈ বাকী আছে, এতিয়া বহু কথা আমি গম পাইছোঁ যদিও বহু কথা পোহৰলৈ আহিবলৈ বাকী আছে । গতিকে ইমান সোনকালে কিবা এটা কৈ দিয়াটো উচিত নহ'ব ।"(PTI ৰ সহায় লৈ)

লগতে পঢ়ক: সুখকৰ নহ’ল ৰাজা-সোণমৰ শ্বিলং ভ্ৰমণ ! হনিমুনলৈ আহি মৃত্যুক সাৱটিলে ব্য়ৱসায়ীয়ে - INDORE COUPLE MISSING IN SHILLONG

হুৰহুৰকৈ খহি অহা মাটিয়ে কাল মাতিলে ! বায়ুসেনাৰ বিষয়াপত্নীসহ লেফটেনেণ্ট কৰ্ণেলকে ধৰি ৬ জনৰ সন্ধানেই ওলোৱা নাই - SIKKIM LANDSLIDE