পুনৰ ডাৱৰ বিস্ফোৰণ: ৩ জনৰ মৃত্যু, পাহাৰীয়া পানীয়ে উটুৱাই নিলে গাড়ী-মটৰ
মাণ্ডিত ধাৰাসাৰ বৰষুণ ৷ পূৰ্বতকৈ অধিক ভয়াৱহ হৈ পৰিছে পৰিস্থিতি ।

Published : July 29, 2025 at 2:02 PM IST
মাণ্ডি: হিমাচল প্ৰদেশত এতিয়া কান্দোনৰ ৰোল উঠিছে ৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা হিমাচলত এতিয়া প্ৰকৃতিয়ে চলাইছে ধ্বংসলীলা ৷ এফালে বাৰিষাৰ বান, আনফালে ডাৱৰ বিস্ফোৰণ ৷ পাহাৰীয়া ৰাজ্যবাসীৰ দুখ কুলাই পাচিয়ে নধৰা হৈছে ৷
শেহতীয়া তথ্য অনুসৰি, মাণ্ডি জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ পিছত পুনৰবাৰ ডাৱৰ বিস্ফোৰণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । ইয়াৰ ফলত মাণ্ডি চহৰৰ বহু অঞ্চলত বানৰ সৃষ্টি হৈছে । এই বানত ইতিমধ্যে ৫ জন লোক উটি যোৱা বুলি খবৰ লাভ কৰা হৈছে । এই উটি যোৱা ৫ জন লোকক উদ্ধাৰৰ বাবে চলোৱা অভিযানত ৩ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ ইয়াৰে এজনৰ সন্ধান উলিওৱাৰ বাবে চেষ্টা চলাই থকা হৈছে ৷ আনহাতে আন এজন লোকক আহত অৱস্থাত উদ্ধাৰ কৰা হৈছে ।

এন ডি আৰ এফে উদ্ধাৰ অভিযানত বানত আবদ্ধ হৈ থকা বাহনসমূহৰ মাজৰ পৰা দুটা মৃতদেহ উদ্ধাৰ কৰিছে । জানিব পৰা মতে, এই দুই ব্যক্তিয়ে ধাৰাসাৰ বৰষুণৰ মাজতে এটা নলাৰ সমীপত ৰখাই থোৱা বাহনসমূহ আঁতৰাবলৈ আহিছিল আৰু সেই সময়ছোৱাতে তেওঁলোক বানত আবদ্ধ হৈ পৰে ।
এই বানৰ ফলত সৃষ্টি হোৱা ধ্বংসাৱশেষত ৬০ খনতকৈও অধিক বাহন পাহাৰৰ ধ্বংসাৱশৰ মাজত পোত গৈছে । এন ডি আৰ এফ, আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, গৃহৰক্ষী জোৱান আদি সকলোৱে উদ্ধাৰ আৰু অনুসন্ধান অভিযান চলাই আছে । ইতিমধ্যে বানত নিহত হোৱা লোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে ।
হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ আৰু বিধায়ক অনিল শৰ্মাই ভুক্তভোগী লোকক সাক্ষাৎ কৰিবলৈ উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । এই বানৰ ফলত স্তব্ধ হৈ পৰিছে মাণ্ডিবাসীৰ জীৱন । এই অঞ্চলত সৰ্বাধিক ক্ষতিসাধনো হৈছে ৷
ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰিছে কিৰাটপুৰ মানালী ফ’ৰলেন আৰু পাঠানকোট মাণ্ডি ৰাষ্ট্ৰীয় ঘাইপথছোৱা । চণ্ডীগড়-মানালী ৰাষ্ট্ৰীয় ঘাইপথৰ ৪ মাইল, ৯ মাইল, দ্ৱাদা, ঝালোগীকে ধৰি বহু ঠাইত ভূমিস্খলনৰ বাবে পথ যাতায়ত বন্ধ হৈ পৰিছে । একে সময়তে পাঠানকোট-মাণ্ডি ৰাষ্ট্রীয় ঘাইপথৰ পথাৰৰ পৰা মাণ্ডিলৈকে বহু ঠাইত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৷
বিগত কেইবা ঘণ্টা ধৰি মাণ্ডি জিলাত অব্যাহত আছে ধাৰাসাৰ বৰষুণ । অবিৰত বৰষুণৰ ফলত ধ্বংসাৱশেষ আঁতৰোৱা আৰু সাহায্যৰ কামত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে । বৰষুণৰ বাবে নদী-জান-জুৰিৰ বুকু উফন্দি উঠিছে । স্থানীয় ৰাইজৰ মাজতো শংকাৰ পৰিৱেশে বিৰাজ কৰিছে ।

ঘৰবোৰত সোমাইছে ধ্বংসাৱশেষ
মাণ্ডি চহৰৰ ভিক্টোৰিয়া দলঙৰ সমীপত হোৱা ব্যাপক ভূমিস্খলনৰ বাবে ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত বিপদ আৰু অধিক বৃদ্ধি পাইছে । মাণ্ডি চহৰৰ জেইল ৰোড, ছাইন মহল্লা, টুংগল মহল্লা, জ’নেল হাস্পতাল ৰোড আৰু হাস্পতাল গেটতো পাহাৰৰ ধ্বংসাৱশেষ বাগৰি পৰিছে । ছাইন অঞ্চলৰ কেবাটাও ঘৰত সোমাইছে পাহাৰৰ ধ্বংসাৱশেষ । মণ্ডল চিকিৎসালয়ৰ সমীপৰ নলাত ভাহি আহিছে ডাঙৰ ডাঙৰ শিল । মানুহৰ ঘৰবোৰতো সোমাইছে পানী ।
এই পৰ্যন্ত ১৬৪ জন লোকৰ মৃত্যু
২০ জুনৰ পৰা ২৮ জুলাইলৈ পাহাৰীয়া ৰাজ্যখনত হোৱা এই বৰষুণৰ ফলত ১৬৪ জন লোকৰ মৃত্যু হৈছে । এই পৰ্যন্ত ২৬৯ জন লোক আহত হৈছে । এতিয়াও সন্ধানহীন হৈ আছে ৩৫জন লোক । এই সময়ছোৱাত পথ দুৰ্ঘটনাত ৭৪ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ।
তথ্য অনুসৰি, এই পৰ্যন্ত ২৫১টা পকী ঘৰ আৰু ১৬৭টা মাটিৰ ঘৰ ডাৱৰ বিস্ফোৰণ, ভূমিস্খলন, বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে । ৪৩৭ টা পকী ঘৰ আৰু ৪৬৭টা মাটিৰ ঘৰৰ আংশিক ক্ষতি হৈছে । ২৮৭খন দোকানৰো ক্ষতিসাধন হৈছে । লগতে এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত ২২৯০২ টা জীৱ-জন্তু আৰু হাঁহ-কুকুৰা চৰাইৰ মৃত্যু হৈছে । মুঠতে লোকচানৰ পৰিসংখ্যা ১৫২৩ কোটি টকা হৈছেগৈ ।

